গুৱাহাটী,১ অক্টোবৰ: ৰাজ্যৰ পৰা বহিঃৰাজ্যলৈ গোপনে চলি আছে বিলুপ্তপ্ৰায় মাছৰ চোৰাং সৰবৰাহ । এক দুষ্টচক্ৰই চলাই গৈছে এই ব্যৱসায় । গুৱাহাটী ৰে'লৱে ষ্টেচনত মঙলবাৰে বিয়লি এক গোপন সূত্ৰৰ পম খেদি বন বিভাগৰ গুৱাহাটী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ে চৰকাৰী ৰে'লৱে আৰক্ষী (জি আৰ পি) ৰ সহযোগত চলোৱা এক অভিযানত ৰে'লেৰে বহিঃৰাজ্যলৈ নিয়াৰ প্ৰাকমুহূৰ্তত ৩১ টা বিলুপ্তপ্ৰায় প্ৰজাতিৰ পিপলি চেং মাছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
এই সন্দৰ্ভত তিনিজন সৰবৰাহকাৰীক আটক কৰিছে অভিযানকাৰী দলটোৱে । আটক কৰা তিনি সৰবৰাহকাৰী ক্ৰমে- দৰং জিলাৰ দলগাঁৱৰ আব্দুল কালাম, শ্যামপুৰৰ হানিফ আলী আৰু ছিপাঝাৰৰ চাহিজী আলম বুলি চিনাক্ত কৰা হৈছে । সন্দেহ কৰা অনুসৰি মাছখিনি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কৌশলৰে অনা হৈছিল আৰু ৰে'লযোগে কলকাতালৈ নিয়াৰ কথা আছিল ।
বন বিভাগৰ সূত্ৰই সদৰী কৰা তথ্য অনুসৰি গুৱাহাটী ৰে'লৱে ষ্টেচনৰ পৰা ৰে'লযোগে বহিঃৰাজ্যলৈ মাছ সৰবৰাহ কৰা হ'ব বুলি গোপন সূত্ৰৰ জৰিয়তে জানিব পাৰি গুৱাহাটীৰ বনাঞ্চলিক বিষয়া হেমন্ত অধিকাৰীৰ নিৰ্দেশত কালাপাহাৰ, খানামুখ আৰু হেঙেৰাবাৰীৰ খণ্ড বন বিষয়া ক্ৰমে প্ৰহ্লাদ গায়ন, জিন্তুমণি তালুকদাৰ আৰু বিদ্যুৎ দাসৰ নেতৃত্বত এটা বনকৰ্মীৰ দল দুপৰীয়াৰ পৰা গুৱাহাটী ৰেলৱে ষ্টেচনত খাপ পিটি আছিল ।