অসম

assam

ETV Bharat / state

পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মাতৃ-পুত্ৰসহ আন এগৰাকীয়ে - ROAD ACCIDENT IN GOALPARA

গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা । ব্যক্তিগত বাহন আৰু আলট্ৰা বাছৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত মাতৃ-পুত্ৰসহ আন এগৰাকী, আহত কেইবাজনো ।

Three killed, several injured in tragic road accident in Goalpara
পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মাতৃ-পুত্ৰসহ আন এগৰাকীয়ে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 5:53 PM IST

গোৱালপাৰা: গোৱালপাৰা জিলাৰ ৰংজুলিৰ দোসীমাপাৰাত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা । পথ দুৰ্ঘটনাত থিতাতে নিহত হয় তিনিগৰাকীকৈ লোক । আনহাতে আহত হয় কেইবাগৰাকীও । জানিব পৰা মতে, শুকুৰবাৰে দুপৰীয়াৰ ভাগত জিলাখনৰ ৰংজুলি থানাৰ অন্তৰ্গত ৰংজুলি দোসীমাপাৰা ১৭ নং ৰাষ্ট্ৰীয় পথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ।

১৭ নং ৰাষ্ট্রীয় ঘাইপথেৰে গুৱাহাটীৰ পৰা দুধনৈ অভিমুখী এখন ব্যক্তিগত বাহন আৰু দুধনৈৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এখন যাত্ৰীবাহী আলট্ৰা বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ।

পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মাতৃ-পুত্ৰসহ আন এগৰাকীয়ে (ETV Bharat Assam)

মৰ্মান্তিক দুৰ্ঘটনাত থিতাতে নিহত হয় ব্যক্তিগত বাহনখনত থকা দুগৰাকী মহিলাহসহ এগৰাকী কিশোৰ । নিহতসকল ক্ৰমে মীনা ৰাভা, মঞ্জু ৰায় আৰু কৃতো ৰায় । ইয়াৰে মীনা ৰাভা আৰু কৃতো ৰায় মাতৃ পুত্ৰ বুলি জানিব পৰা গৈছে । নিহত মাতৃ-পুত্ৰৰ ঘৰ গোৱালপাৰা জিলাৰ দুধনৈৰ পদুম পুখুৰীত আৰু নিহত মঞ্জু ৰায়ৰ ঘৰ দুধনৈৰ ঠেকাচু গাঁৱৰ প্ৰথম খণ্ডত বুলি জানিব পৰা গৈছে ।

আনহাতে যাত্ৰীবাহী আলট্ৰা বাছখনৰো কেইবাজনো যাত্ৰী দুৰ্ঘটনাত আহত হয় । ঘটনাস্থলীত ৰংজুলি আৰক্ষী উপস্থিত হৈ আহত কেইগৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ৰংজুলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় । ইফালে নিহত তিনিওকে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনাত পতিত হোৱা ব্যক্তিগত বাহনখনৰ পঞ্জীয়ন নম্বৰ AS-01-DL-7799 আৰু আলট্ৰা বাছখনৰ পঞ্জীয়ন নম্বৰ AS-25-FC-3514 । উক্ত পথ দুৰ্ঘটনাত নিহত হোৱা মীনা ৰাভা দৰংগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:বাছৰ খুন্দাত নিহত মহিলা; শিশুসহ আন দুগৰাকীৰ অৱস্থা সংকটজনক

ভয়ংকৰ দুৰ্ঘটনা: অৰ্ধশতাধিক যাত্ৰীসহ দ খাৱৈত বাগৰিল বাছ; কমেও ৩৬ জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details