অসম

assam

স্বামীৰ মংগল কামনাৰে 'হৰিতালিকা তীজ উৎসৱ' উদযাপন - Teej festival

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 5:08 PM IST

Teej festival in Tinsukia: গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলে পৰম্পৰাগতভাৱে পালন কৰি আহিছে তীজ উৎসৱ । এই উৎসৱত ব্ৰত ৰাখি মহিলা আৰু যুৱতীসকলে এটুপি পানীও নোখোৱাকৈ শিৱক আৰাধনা কৰে ।

Teej festival in Tinsukia
এটুপি পানীও নোখোৱাকৈ শিৱক আৰধনা (ETV Bharat Assam)

তিনিচুকীয়া, ১ ছেপ্টেম্বৰ: গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলে পালন কৰা অন্যতম উৎসৱ হৈছে 'তীজ উৎসৱ'। এই উৎসৱক 'হৰিতালিকা তীজ' বুলিও কোৱা হয় । গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলে পৰম্পৰাগতভাৱে পালন কৰি আহিছে এই তীজ উৎসৱ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ ফিল'বাৰী আমগুৰি গাঁৱতো দেওবাৰে উলহ-মালহেৰে প্ৰাক তীজ উৎসৱ উদযাপন কৰা হয় ৷ গাঁওখনৰ মহিলাসকলে আগতীয়াকৈ তীজ উৎসৱ উদযাপন কৰিছে ।

এটুপি পানীও নোখোৱাকৈ শিৱক আৰধনা (ETV Bharat Assam)

তিনিচুকীয়াৰ ফিল'বাৰী আমগুৰি গাঁৱত আমগুৰি স্বস্তি সেৱক যুৱক সংঘ আৰু স্বস্তি সেৱিকা মহালক্ষ্মী মহিলা সমিতিৰ উদ্যোগত উলহ-মালহেৰে প্ৰাক তীজ উৎসৱ অৰ্থাৎ তীজ আদৰণি উৎযাপন কৰে । তেওঁলোকে আধুনিকতাৰ ধামখুমীয়াৰ মাজতো পৰম্পৰাগতভাৱে এই তীজ উৎসৱ উদযাপন কৰি আহিছে ।

'হৰিতালিকা ব্ৰত' পালনেৰে স্বামীৰ মংগল কামনা :

এই উৎসৱৰ বিষয়ে উল্লেখ কৰি এগৰাকী স্থানীয় মহিলাই কয়," তীজ উৎসৱৰ পহিলা দিনটোত বিবাহিত মহিলাসকলক স্বামীগৃহৰ পৰা মাতৃগৃহলৈ আনি বিভিন্ন খাদ্যৰে আপ্য়ায়ন কৰা হয় । দ্বিতীয় দিনা 'হৰিতালিকা ব্ৰত' পালন কৰে ৷ এই ব্ৰত অনুযায়ী পুৱাৰে পৰা মহিলা আৰু যুৱতীসকলে এটুপি পানীও নোখোৱাকৈ দেৱাদিদেৱ শিৱৰ পূজা-অৰ্চনা কৰি পৰিয়ালৰ লগতে নিজৰ স্বামীৰ মংগল কামনা কৰে ৷ মাতৃগৃহলৈ অহা মহিলাসকলে দিনটো তীজ গীত গাই নৃত্য কৰি আনন্দ কৰা দেখিবলৈ পোৱা যায় ।" তেওঁ পুনৰ কয়, "যুৱতীসকলে উপযুক্ত বৰ তথা স্বামী লাভৰ বাবে এই ব্ৰত পালন কৰাৰ পৰম্পৰা চলি আহিছে ৷ মূলতঃ নাৰীসকলে পুৰুষৰ দীৰ্ঘায়ু তথা সু-স্বাস্থ্য কামনা কৰি পালন কৰা এক উৎসৱ হৈছে এই তীজ উৎসৱ ৷"

পাৰ্বতীৰ সৈতে শিৱৰ পুনৰ মিলন হৈছিল এই দিনটোত :

আন এগৰাকী স্থানীয় মহিলাই এই দিনটোৰ বিষয়ে উল্লেখ কৰি কয়, "এই দিনটোতে দেৱী পাৰ্বতীৰ দীৰ্ঘদিনীয়া বিচ্ছেদৰ পিছত তেওঁৰ স্বামী শিৱৰ সৈতে পুনৰ মিলন হৈছিল । এই দিনটোত সেউজীয়া,ৰঙা বা হালধীয়া পোছাক পৰিধান কৰি হাত আৰু ভৰিত ৰঙা জেতুকাৰ ডিজাইনত ৰং লগাই তেওঁলোকে মা দেৱীৰ উপাসনা কৰে । নৱবিবাহিত মহিলাৰ বাবে এই উদযাপন বিশেষ গুৰুত্বপূৰ্ণ বুলি কোৱা হয় ।"

লগতে পঢ়ক:শিৱভক্তসকলে অঘোৰ চতুৰ্দশীৰ দিনটোত কৰক এই কাম কৰি লাভ কৰক শুভফল - Aghora Chaturdashi Festival

শাওনৰ শিৱৰাত্ৰিৰ দিনা ব্ৰত ৰাখিলে পূৰ্ণ হ’ব সকলো মনোকামনা...জানি লওক এই দিনটোৰ বিশেষত্ব - Sawan Shivratri 2024

ABOUT THE AUTHOR

...view details