ডিব্ৰুগড় :বৰ্তমান বিবাদৰ আন এটা নামেই যেন হৈ পৰিছে শ্ৰীমন্ত শংকৰ দেৱ সংঘ ! বিভিন্ন সময়ত ভিন্ন বিতৰ্কত সোমাই পৰা শংকৰদেৱ সংঘৰ বিৰুদ্ধে এইবাৰ সোণাৰিত প্ৰতিবাদত বহিল টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপা ৷ কিয়নো মে-ডাম-মেফিত অংশ লোৱাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শংকৰ সংঘই এজনক এঘৰীয়া কৰাৰ লগতে জৰিমনা বিহে ৷ যাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সোণাৰিটো টাইপাই অব্যাহত ৰাখিছে প্ৰতিবাদ ৷
শেহতীয়াকৈ গহপুৰৰ চন্দ্ৰ বৰুৱাই ৩১ জানুৱাৰীত মে-ডাম-মেফিত অংশ লৈ উক্ত অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰিছিল ৷ যাৰবাবে শংকৰ সংঘৰ ককিলাগুৰি প্ৰাথমিক শাখাই চন্দ্ৰ বৰুৱালৈ পত্ৰ প্ৰেৰণ কৰি এঘৰীয়া কৰাৰ লগতে জৰিমনা বিহে । এই খবৰ ৰাজহুৱা হোৱাত আহোম জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনে শংকৰ সংঘৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠা পৰিলক্ষিত হৈছে ।
এই ঘটনাৰ পাছতে শংকৰ সংঘক আহোম জনগোষ্ঠী আৰু অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী কৰে টাইপাই । আহোম জনগোষ্ঠী আৰু অসমবাসীৰ ওচৰত ক্ষমা নুখুজিলে শংকৰ সংঘৰ অনুষ্ঠানত টাইপাই বাধা প্ৰদান কৰাৰ হুংকাৰ দিছিল সংগঠনটোৱে ।