অসম

assam

ETV Bharat / state

গোলাঘাটত বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চ্যুকাফাক স্মৰণ - SUKAPHA DIWAS

টাই আহোম যুৱ পৰিষদ অসম গোলাঘাট জিলা সমিতিৰ উদ্যোগত পালন কৰা হয় চ্যুকাফা দিৱস ।

TAYPA Golaghat District Committee celebrate Sukapha Day
চাওলুং চ্যুকাফাক স্মৰণ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 2, 2024, 6:09 PM IST

গোলাঘাট:আজি চ্যুকাফা দিৱস, সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাতো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে এই দিৱসটি । গোলাঘাট নগৰৰ মাজমজিয়াৰ চ্যুকাফা চাৰ্কোলত টাই আহোম যুৱ পৰিষদ অসম গোলাঘাট জিলা সমিতিৰ উদ্যোগত তথা গোলাঘাটবাসী ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় চ্যুকাফা দিৱস । এই উপলক্ষে পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা মুনিন্দ্ৰ মোহন গগৈয়ে ।

চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্ত্তিত মাল্য অৰ্পণ কৰে বিশিষ্ট নিৱন্ধকাৰ ডাঃ অজিত বৰুৱাই, বন্তি প্ৰজ্বলন কৰে বিশিষ্ট ব্যৱসায়ী সাগৰ গোঁহায়ে । তাৰ পাছতে অনুষ্ঠিত কৰা হয় ফুৰালুং পুজা । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট নিৱন্ধকাৰ ডাঃ অজিত বৰুৱাই কয়,"অসমৰ জাতিগঠন প্ৰক্ৰিয়াত প্ৰথমজন মহানায়ক হৈছে স্বৰ্গদেউ চাওলুং চ্যুকাফা । ১২২৮ খীষ্টাব্দত চ্যুকাফা অসমলৈ আহিছিল ৰাজ্য জয় কৰিবলৈ নহয়, মানুহৰ মন জয় কৰিবলৈ আৰু তেখেত হেংদাং নুঘুৰুৱাকৈ প্ৰথম ৪০ বছৰ ৰাজত্ব কৰিছিল সেয়া আছিল সমন্বয়ৰ যাত্ৰা ।"

গোলাঘাটত বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চ্যুকাফাক স্মৰণ (ETV Bharat Assam)

তেওঁ লগতে কয়,"তেওঁ ইচ্ছা কৰা হ'লে অসমত টাই ভাষাৰ প্ৰচলন কৰিব পাৰিলেহেতেন, টাই সংস্কৃতি জাপি দিব পাৰিলেহেতেন বা সকলো চিন্তাধাৰা টাই চিন্তধাৰাৰে আগবঢ়াই নিব পাৰিলেহেতেন । কিন্তু তাকে নকৰি তেওঁ পূৰ্বৰ ইয়াত থকা স্থানীয় লোকসকলৰ লগত মিলি সমন্বয়ৰ পথেৰে এখন নতুন অসম গঢ়ি তুলিছিল । সেইগৰাকী মহানায়কক আজি দিনটোত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছো আৰু আশা কৰিছোঁ যে নৱপ্ৰজন্মই অসমৰ জাতি গঠন প্ৰক্ৰিয়াৰ এইগৰাকী মহানায়কক ভালধৰণে জানিবলৈ চেষ্টা কৰিব ।

বিশিষ্ট নিৱন্ধকাৰগৰাকীয়ে লগতে কয়,"চ্যুকাফাই গঢ়ি যোৱা এই ক্ষেত্ৰখনতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সংস্কৃতিৰ জৰিয়তে জাতিটোক আগবঢ়াই নিবলৈ সক্ষম হৈছিল । সেইকাৰণে আমি যেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অসমৰ সমন্বয় সংস্কৃতিৰ মহানায়ক বুলি ভাবো, ঠিক তেনেকৈ স্বৰ্গদেউ চাওলুং চ্যুকাফাই মহাপুৰুষ শংকৰদেৱৰ আগতে আহি যিখিনি মাটি চহালে সেই মাটিত সোণোৱালী শস্যৰে ভৰাই পেলালে মহাপুৰুষ শংকৰদেৱে । গতিকে স্বৰ্গদেউ চাওলুং চ্যুকাফা অসমীয়া জাতিৰ পিতৃ ৷ তেখেতক মই এই দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰিবলৈ পাই নিজকে সৌভাগ্যবান বুলি ভাবিছোঁ ।"

আনহাতে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা মুনিন্দ্ৰ মোহন গগৈয়ে কয়,"৭৯৬ সংখ্যক চাওলুং চ্যুকাফা দিৱস আমি গোলাঘাট নগৰৰ মাজমজিয়াত আয়োজন কৰিছোঁ । টাই আহোম যুৱ পৰিষদ অসম গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আয়োজন কৰা এই চ্যুকাফা দিৱস উদযাপন কৰিবলৈ পাই আমি সুখী হৈছোঁ । বৃহত্তৰ অসমীয়া জাতিৰ গুৰিধৰোতা স্বৰ্গদেউ চাওলুং চ্যুকাফাক শ্ৰদ্ধাৰে সুঁৱৰিছো । নতুন প্ৰজন্মক আমি আহ্বান জনাম যে সেই স্বনামধন্য ব্যক্তিজনক আমি শ্ৰদ্ধাৰে সুঁৱৰি যাবৰ বাবে আহোম জনগোষ্ঠীৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকক আমি অনুৰোধ জনালোঁ ।"

লগতে পঢ়ক:অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক বীৰ লাচিতৰ ৪০২ সংখ্য়ক জন্মজয়ন্তী উদযাপন

ধেমাজিৰ কুলাজানৰ পৰা ডিব্ৰুগড়ৰ চ্যুকাফা তিনিআলি সংযোগী পথৰ পুনঃনিৰ্মাণ কামৰ আধাৰশিলা স্থাপন

ABOUT THE AUTHOR

...view details