অসম

assam

ETV Bharat / state

দুবছৰ পাছত প্ৰত্যাহাৰ হ'ল এ চি এছ বিষয়া অনুপম চৌধুৰীৰ নিলম্বন

হোজাই জিলাৰ আয়ুক্তৰ দায়িত্বত থকাৰ সময়ত অনুপম চৌধুৰীক ২০২২ চনৰ ২৯ ছেপ্টেম্বৰত চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল ।

ACS OFFICER ANUPAM CHAUDHARY
দুবছৰ পাছত প্ৰত্যাহাৰ হ'ল এ চি এছ বিষয়া অনুপম চৌধুৰীৰ নিলম্বন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 3, 2024, 10:25 PM IST

গুৱাহাটী: প্ৰত্যাহাৰ কৰা হ'ল এ চি এছ বিষয়া অনুপম চৌধুৰীৰ নিলম্বন । হোজাই জিলাৰ আয়ুক্তৰ দায়িত্বত থকাৰ সময়ত অনুপম চৌধুৰীক ২০২২ চনৰ ২৯ ছেপ্টেম্বৰত চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল । অৱশেষত ৰাজ্য চৰকাৰে এক নিৰ্দেশযোগে অনুপম চৌধুৰীৰ নিলম্বন প্ৰত্যাহাৰ কৰি চাকৰিত পুনৰ যোগদানৰ নিৰ্দেশনা প্ৰদান কৰে । নিৰ্দেশনা অনুসৰি অনুপম চৌধুৰীক ৰাজ্য চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ যুটীয়া সচিব আৰু অতিৰিক্তভাৱে বিভাগটোৰ সঞ্চালকালয়ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে ।

উল্লেখ্য যে, হোজাইৰ লংকাত স্থানীয় লোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগৰ পাছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছিল হোজাইৰ আয়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাক । স্কুটী আৰোহীক লংকা-নগাঁও সংযোগী চাৰিলেনযুক্ত পথেৰে ওলোটা দিশত অহা অৱস্থাত খেদি-খেদি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল এই দুইগৰাকী বিষয়াৰ বিৰুদ্ধে । লংকাৰ ৭ নং ৱাৰ্ডৰ শীলবস্তিত সংঘটিত হৈছিল এই ঘটনা । সমগ্ৰ ঘটনাটো বন্দী হৈছিল চিচি টিভি কেমেৰাত । পৰৱৰ্তী সময়ত ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ তিনিজন আঘাতপ্ৰাপ্ত লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল ।

দুবছৰ পাছত প্ৰত্যাহাৰ হ'ল এ চি এছ বিষয়া অনুপম চৌধুৰীৰ নিলম্বন (ETV Bharat Assam)

এই ঘটনাৰ বাবেই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত হোজাইৰ আয়ুক্ত আৰু অতিৰিক্ত আয়ুক্তক নিলম্বন কৰা হৈছিল । হোজাইৰ আয়ুক্তক নিলম্বন কৰাৰ পাছতেই তামুলপুৰৰ আয়ুক্ত সীমান্ত কুমাৰ দাসক হোজাইৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছিল । আনহাতে ৰাজ্য চৰকাৰ কৃষি বিভাগৰ যুটীয়া সচিব, অসম ৰাজ্যিক কৃষি মাৰ্কেটিং ব'ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অসম বীজ নিগমৰ পৰিচালন সঞ্চালক বিদ্যুৎ বিকাশ ভাগৱতীক তামুলপুৰৰ আয়ুক্তৰ দায়িত্ব দিয়া হৈছিল । অৱশেষত দুবছৰ পাছত নিলম্বিত হৈ থকা এ চি এছ বিষয়া অনুপম চৌধুৰীয়ে নিজৰ চাকৰি ঘূৰাই পালে । লগতে পালে নতুন দায়িত্ব ।

লগতে পঢ়ক:APSC কেলেংকাৰীৰ তদন্তত মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈ প্ৰশ্ন Fight Against injustice of APSC ৰ - APSC scam

ABOUT THE AUTHOR

...view details