অসম

assam

ETV Bharat / state

প্ৰাৰ্থিত্ব লাভ কৰিয়েই প্ৰাক্তন সাংসদৰ কাষত সুৰেশ বৰা

Nowgong Lok Sabha Constituency: প্ৰাৰ্থিত্ব লাভ কৰিয়েই প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইৰ আশিস বিচাৰি বাসগৃহত সুৰেশ বৰা । সুৰেশ বৰাৰ সন্মুখতেই ৰাজেন গোহাঁইৰ মন্তব্য, "নগাঁৱত বিজেপিৰ জয়ী হোৱাৰ চাঞ্চ কম । দুই ম'হৰ যুঁজত হ'ব পাৰে বিৰিণাৰ মুক্তি ।" ৰাজেন গোহাঁইৰ হৈ নগাঁৱত পুত্ৰইহে চলাব নিৰ্বাচনী প্ৰচাৰ ।

Suresh Bora at Rajen Gohain's residence
প্ৰাৰ্থিত্ব লাভ কৰিয়েই প্ৰাক্তন সাংসদৰ কাষত সুৰেশ বৰা

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 12:21 PM IST

প্ৰাৰ্থিত্ব লাভ কৰিয়েই প্ৰাক্তন সাংসদৰ কাষত সুৰেশ বৰা

নগাঁও, ৩ মাৰ্চ :শনিবাৰে দিল্লীৰ পৰা ঘোষিত লোকসভা সমষ্টিৰ চূড়ান্ত প্ৰাৰ্থী তালিকাত নাম অন্তৰ্ভুক্ত হোৱাৰ পাচতেই নিৰ্বাচন জয়ৰ কৌশল আৰম্ভ কৰিছে সুৰেশ বৰাই । নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰিয়েই লোকসভা সমষ্টিটোৰ প্ৰাক্তন সাংসদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোঁহাইৰ বাসগৃহত নিশাই উপস্থিত হয় ন বিজেপি নেতা সুৰেশ বৰা ।

প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইৰ বাসগৃহত উপস্থিত হৈ জ্যেষ্ঠ বিজেপি নেতাগৰাকীৰ আশীষ গ্ৰহণ কৰাৰ উপৰিও সহায়-সহযোগিতা বিচাৰে নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই । কিন্তু সুৰেশ বৰাৰ সন্মুখতেই জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোঁহায়ে কৰিলে আন এক গুৰুত্বপূৰ্ণ মন্তব্য । নগাঁৱত বিজেপি জয়ী হোৱাৰ চাঞ্চ খুবেই কম ।

অৱশ্যেই প্ৰাৰ্থী সুৰেশ বৰাক কিছু হ’লেও যেন শান্তনা দিবলৈ গৈ এইবাৰ ফকৰা যোঁজনাই যেন সলাই দিলে ৰাজেন গোঁহায়ে । দুই ম'হৰ যুঁজত বিৰিণাৰ মৰণ বুলি শুনি অহা আপ্ত বাক্য সলনি কৰি ৰাজেন গোঁহায়ে ক’লে । নগাঁৱত এইবাৰ হয়তো দুই ম'হৰ যুঁজত হ'ব পাৰে বিৰিণাৰ মুক্তি ।

উল্লেখ্য যে, বিগত লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দুৰৈৰ কথা দলীয় প্ৰাৰ্থিত্ব চিপৰাং মৰাৰ অভিযোগ থকা ৰাজেন গোঁহায়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, "মই এতিয়া নিজৰ পৰিয়াল, ব্যৱসায়ত ব্যস্ত আছোঁ ।" সেয়ে তেওঁৰ হৈ পুত্ৰইহে নিৰ্বাচনী প্ৰচাৰ চলাব বুলি উল্লেখ কৰে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে ।

অৱশ্যে সময় সুবিধা লাভ কৰিলে দুই এখন সভা সমিতি কৰি দিয়াৰ কথাও উল্লেখ কৰে ৰাজেন গোণঁহায়ে ।

লগতে পঢ়ক:নগাঁৱৰ নিৰ্বাচনী যুঁজখন হ’ব ত্ৰিকোণীয়া :বিজেপি বিধায়ক ৰূপক শৰ্মা

ABOUT THE AUTHOR

...view details