অসম

assam

অসমৰ শিক্ষামন্ত্ৰীক পুতলা শিক্ষামন্ত্ৰী আখ্যা ছাত্র সন্থাৰ - NEET UG 2024 ROW

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 10:23 PM IST

NEET UG 2024 row: NEET আৰু UGC-NET পৰীক্ষাত ভয়াবহ দুৰ্নীতি, বিসংগতিৰ লগতে সমৰ্থ পৰ্টেলৰ জৰিয়তে মহাবিদ্যালয়ৰ নামভৰ্তিত হোৱা ব্যাপক বিসংগতি, শৈক্ষিক অনিয়মৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ ৷ সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনৰ আহ্বানমৰ্মে জিলা ছাত্ৰ সংগঠনসমূহে আজি প্ৰতিখন জিলাৰ সদৰত ৰূপায়ন কৰে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৷

NEET UG 2024 row
অসমৰ শিক্ষামন্ত্ৰীক পুতলা শিক্ষামন্ত্ৰী আখ্যা ছাত্র সন্থাৰ (Etv Bharat Assam)

নিউজ ডেস্ক, ২২ জুন: ৰাজ্যত শিক্ষামন্ত্ৰী দায়িত্বত থকা ৰণোজ পেগু এজন পুতলা শিক্ষামন্ত্ৰী ৷ এই অভিযোগ যোৰহাট জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অৰ্জুন মণি ভূঞাৰ ৷ NEET, UGC NET আৰু সমৰ্থ পৰ্টেলৰ বিসংগতিৰ বিৰুদ্ধে আজি সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে সংগঠন দুটাৰ বিভিন্ন জিলা সমিতিসমূহে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ যোৰহাট জিলাতো ছাত্ৰ সংগঠন দুটাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

অসমৰ শিক্ষামন্ত্ৰীক পুতলা শিক্ষামন্ত্ৰী আখ্যা ছাত্র সন্থাৰ (Etv Bharat Assam)

লগতে পঢ়ক:NEET-UGC NET, সমৰ্থ পৰ্টেলৰ বিসংগতিৰ বিৰুদ্ধে ৰাজ্যজুৰি দল-সংগঠনৰ প্ৰতিবাদ - NEET UG 2024 row

যোৰহাট জিলা ছাত্র সন্থাই জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ সন্মুখত আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নগৰ মাজমজিয়া মিঠাপুখুৰীত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁলোকে NEET আৰু UGC NET পৰীক্ষাত হোৱা দুৰ্নীতি ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পোষকতা কৰে । ইয়াৰ লগতে ছাত্ৰ সংগঠন দুটাই সমৰ্থ পৰ্টেল জৰিয়তে নামভৰ্তি যি প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছে, তাৰ জৰিয়তে শিক্ষাৰ্থীসকলক হাৰাশাস্তি কৰাহে হৈছে বুলি উল্লেখ কৰে ৷ তেওঁলোকে লগতে লাখ লাখ শিক্ষাৰ্থীৰ শৈক্ষিক জীৱনক লৈ শিক্ষা বিভাগে যি হেতালি খেলিছে, সেয়া শীঘ্ৰে বন্ধ নকৰিলে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হুংকাৰ দিয়ে ৷

কলিয়াবৰ:

সৰ্বভাৰতীয় পৰ্যায়ৰ NEET আৰু UGC NET পৰীক্ষাত হোৱা ব্যাপক খেলিমেলি আৰু কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ বিৰুদ্ধে কলিয়াবৰতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা শাখাই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে জখলাবন্ধাৰ ৭১৫ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি দেশৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুত্তলিকা দাহ কৰি চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । ইফালে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হোৱা জখলাবন্ধা আৰক্ষীৰ সৈতে হতাহতি লাগে প্ৰতিবাদকাৰীৰ ।

লগতে পঢ়ক:নীট ইউজিক লৈ বিতৰ্ক: এইবাৰ বাতিল হ’ল এন টি এৰ এন চি ই টি 2024 - NCET 2024

বাক্সা:

বাক্সাৰ মুছলপুৰতো কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰে জিলা ছাত্ৰ সন্থাই । NEET আৰু UGC NET পৰীক্ষাৰ বিসংগতিৰ লগতে অসম চৰকাৰে স্নাতক প্ৰথম ষান্মাসিকৰ নামভৰ্তি প্ৰক্ৰিয়াৰ বাবে মুকলি কৰা সমৰ্থ প'ৰ্টেলত দেখা দিয়া বিসংগতিৰ বিৰুদ্ধে সৰব হৈ পৰে বাক্সা জিলা ছাত্ৰ সন্থা ।

লখিমপুৰ:

ৰাজ্যৰ আন আন জিলাৰ লগতে লখিমপুৰতো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিয়ে নগৰৰ মাজ-মজিয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগু মূৰ্দাবাদ, ধৰ্মেন্দ্ৰ প্ৰধান মূৰ্দাবাদ, বিজেপি হুঁচিয়াৰ, কেন্দ্রীয় চৰকাৰ হায় হায় আদি শ্লোগানেৰে চৌদিশ উত্তাল কৰি তোলে ৷ তেওঁলোকে কেন্দ্রীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰাৰ প্ৰস্তুতি কৰে যদিও আৰক্ষীয়ে প্ৰতিকৃতিকেইটা কাঢ়ি লৈ যায় ।

লগতে পঢ়ক:সমৰ্থ পৰ্টেল বিতৰ্ক : বিপাঙত শিক্ষাৰ্থী, জাঙুৰ খাই উঠিছে যুৱ ছাত্ৰ পৰিষদ - Samarth Portal

ABOUT THE AUTHOR

...view details