গুৱাহাটী : আৰক্ষীৰ বিশাল কনভয়ৰ মাজত গুৱাহাটীৰ মাজমজিয়াৰে দেওবাৰে বিছখনৰো অধিক এনিমেল এম্বুলেন্সত নিয়া হৈছে হাতী । যাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । ক'ৰ পৰা ক'লৈ কি কাৰণত এনেদৰে হাতী গুৱাহাটীৰ মাজেৰে এনিমেল এম্বুলেন্সত নিয়া হ'ল তাৰ কোনো নিশ্চিত তথ্য নাই যদিও এই সমস্ত ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । উত্থাপিত অভিযোগ অনুসৰি আম্বানীৰ চিৰিয়াখানালৈ অসমৰ যোগেদি সৰবৰাহ কৰা হৈছে হাতী ।
গুৱাহাটীৰ মাজেৰে গুজৰাটলৈ লৈ যোৱা হৈছে হাতীকেইটা । ২০ খনৰো অধিক এনিমেল এম্বুলেন্সেৰে নিয়া হৈছে হাতী । অৰুণাচলৰ নামচাইৰ পৰা অসমত প্ৰৱেশ কৰিছিল এনিমেল এম্বুলেন্সকেইখন । তাৰ পাছত গুৱাহাটীৰ মাজেৰে এনিমেল এম্বুলেন্স কেইখনেৰে হাতী লৈ যোৱা হয় । এটা পক্ষই হাতীসমূহ অৰুণাচলৰ পৰা অনা বুলি অভিযোগ কৰাৰ বিপৰীতে আন এটা পক্ষই অসমৰ হাতীক অৰুণাচলৰ বুলি কৈ নিয়াৰ অভিযোগ কৰিছে । অৱশ্যে সমগ্ৰ বিষয়টো স্পষ্ট নহয় ।
ইফালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয়, "আচৰিত কথা যে গুজৰাটৰ ৰিলায়েন্স কোম্পানীৰ চিৰিয়াখানাৰ বাবে কিয় আমাৰ হাতীবিলাক নি থাকিব । আমাৰ হাতী বহুত বঢ়া নাই । জংঘল কমাৰ বাবেহে হাতী বঢ়া যেন লাগিছে । বাঢ়িলেও আমি হাতী দিব নোৱাৰো । অসমৰ মানুহৰ অনুমতি নোলোৱাকৈ কেনেকৈ অসমৰ মুখ্যমন্ত্রীয়ে বাহিৰৰ কোম্পানীৰ বাবে এনেদৰে হাতী দিব পাৰে । এইটো কেতিয়াও হ'ব নোৱাৰে । অসমৰ হাতী দিয়াটো বন্ধ কৰক । অন্যথা অসমৰ মানুহে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ব । জাতীয় সংগঠনসমূহে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগে ।"