অসম

assam

ETV Bharat / state

ৰামভক্তিত বিলীন যোৰহাটবাসী; ৰাজপথত চৌদিশে শ্ৰীৰামৰ পতাকা - জয় শ্ৰী ৰাম ধ্বনি

Special program in Jorhat: সমগ্ৰ দেশৰ লগতে ৰামৰ বন্দনাৰে মুখৰিত হৈছে যোৰহাটৰ আকাশ বতাহ ৷ যোৰহাট নগৰৰ মাজমজিয়াত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে বিভিন্ন কাৰ্যসূচীৰে মাংগলিক অনুষ্ঠান আয়োজন কৰা হৈছে ৷

Etv Bharat
Etv Bharat

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 7:28 PM IST

ৰামভক্তিত বিলীন হৈ পৰিছে যোৰহাটবাসী

যোৰহাট, 21 জানুৱাৰী :অহা 22 জানুৱাৰীত দীৰ্ঘ কালৰ বিৰতিৰ অন্তত অয্যোধাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব ৷ সমগ্ৰ দেশৰ লগতে অসমতো সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশে ৷ মুঠতে এতিয়া চাৰিওফালে ৰামৰ বন্দনাৰে মুখৰিত হৈছে আকাশ বতাহ ৷

ইয়াৰ ব্যতিক্ৰম নহয় সাংস্কৃতিক ৰাজধানী যোৰহাটো । যোৰহাট নগৰৰ মাজমজিয়াত থকা মধুকৰ ভৱনৰ অস্থায়ী মন্দিৰ প্ৰাংগণত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে মাংগলিক অনুষ্ঠান আয়োজন কৰা হৈছে ৷ দেওবাৰে প্ৰথম দিনা কাৰ্যসূচী সনাতনী পৰম্পৰাৰে নাম-প্ৰসংগ কৰাৰ লগতে বিভিন্ন কাৰ্যসূচী সমাপন কৰা হয় ।

আনহাতে যোৰহাট মাৰোৱাৰী ঠাকুৰবাৰী মন্দিৰত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে পুৱাৰ ভাগৰ পৰা ধৰ্মীয় কাৰ্যসূচীৰে ৰামক আৰাধনা কৰা হৈছে আৰু যোৰহাটৰ বিভিন্ন প্ৰান্তত এতিয়া শুনিবলৈ পোৱা গৈছে জয় শ্ৰী ৰাম ধ্বনি । ইফালে সোমবাৰে আয্যোধাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে ৰাইজৰ মাজত প্ৰসাদ বিতৰণ কৰা হৈছে ।

আনহাতে সোমবাৰ দিনটোক যোৰহাটবাসীক স্মৰণীয় কৰি তুলিবৰ বাবে যোৰহাট নগৰ অলিয়ে-গলিয়ে জয় শ্ৰী ৰামৰ পতাকাৰ লগতে বিভিন্ন আলোকসজ্জাৰে আলোকিত কৰি তুলিছে ৷ আনহাতে, 22 জানুৱাৰীৰ দিনটোত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰখাৰ লগতে সহ্ৰাধিক লোকৰ উপস্থিতত যোৰহাট নগৰৰ মাজেদি শোভাযাত্ৰা উলিওৱা হ’ব ৷

লক্ষণীয় যে, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে সোমবাৰে অসমত ড্ৰাই ডে' ঘোষণা কৰাৰ লগতে বিয়লি 4 বজালৈ বন্ধ থাকিব মাছ-মাংসৰ সকলো দোকান তথা ব্যৱসায় । তদুপৰি সকলো শিক্ষানুষ্ঠানৰ লগতে দিনৰ 2 বজালৈ চৰকাৰী কাৰ্যালয় বন্ধ থাকিব বুলি দেওবাৰে আয়োজন কৰা সংবাদমেলযোগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে ।

লগতে পঢ়ক:প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান সমাপন নোহোৱা পৰ্যন্ত সকলোকে উপবাসে থকাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details