অসম

assam

ETV Bharat / state

বানৰ সমান্তৰালকৈ অসমত এনকেফেলাইটিছৰ সংহাৰ : ২৪ খন জিলাত ১৮৭ জন আক্রান্ত - Japanese Encephalitis - JAPANESE ENCEPHALITIS

JE Outbreak in Assam : অসমত গুৰুতৰ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছ তথা এনকেফেলাইটিছ সদৃশ ৰোগে ৷ কেৱল গুৱাহাটী মেডিকেল কলেজ হাস্পতালতেই বৰ্তমানলৈ জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত ২৪ জন চিকিৎসাধীন । যোৱা ৮ বছৰত ৰাজ্যত জাপানীজ এনকেফেলাইটিছত মৃত্যু হৈছে মুঠ ৬৫৫ গৰাকী লোকৰ ৷

JE OUTBREAK IN ASSAM
সংক্ৰামক ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 5:17 PM IST

গুৱাহাটীৰ, 18 জুলাই : অসমবাসীক ত্ৰাহি মধুসূধন দেখুওৱা বানৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংক্ৰামক ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগে ৷ চলিত বৰ্ষত অসমত জাপানীজ এনকেফেলাইটিছত মৃত্যু হৈছে 8 জন লোকৰ ৷ বিগত 48 ঘণ্টাত শিশুসহ নতুনকৈ দুজনৰ জাপানীজ এনকেফেলাইটিছত মৃত্যু ঘটিছে ৷ ৰাজ্যত বৰ্তমানলৈ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে 187 জন লোক ৷ এয়া ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনৰ ৰাজ্যিক বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কর্তৃপক্ষৰ তথ্য ৷

কোন জিলাত কিমানজন এনকেফেলাইটিছত আক্ৰান্ত ?

অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি অসমৰ 35 খন জিলাৰ 24 খন জিলাত 187 জন বৰ্তমানলৈ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে ৷ অসমৰ ভিতৰত গোলাঘাট জিলাত জাপানীজ এনকেফেলাইটিছত আটাইতকৈ বেছিসংখ্যক লোক আক্ৰান্ত হোৱা দেখা গৈছে ৷ চৰকাৰী তথ্য অনুসৰি যোৰহাটত সৰ্বাধিক বৰ্তমানলৈ 40 জন আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত ৷ 16 জনকৈ আক্ৰান্তৰে সৰ্বাধিক আক্ৰান্তৰ দ্বিতীয় স্থানত আছে ডিব্ৰুগড় আৰু ধেমাজি জিলা ৷

ৰাজ্যৰ মুঠ 187 জনৰ ভিতৰত যোৰহাটত 40 জন, ধেমাজিত 16, ডিব্ৰুগড়ত 16, শিৱসাগৰত 15, বৰপেটাত 13, লখিমপুৰত 9, কামৰূপত 7, মৰিগাঁৱত 7, গোলাঘাট 11, শোণিতপুৰত 6, নগাঁৱত 6, চৰাইদেউত 7 জন, তিনিচুকীয়াত 6, দৰঙত 5 আৰু কামৰূপ মহানগৰ জিলাত 7 জন আক্ৰান্ত হৈছে ৷ গোৱালপাৰা, বঙাইগাঁও, পূব কাৰ্বি আংলং জিলাত 2 জনকৈ আৰু কোকৰাঝাৰ, বাক্সা, মাজুলী জিলাত এজনকৈ লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ পাইছে ৷ এই তথ্যৰ পৰা দেখা গৈছে যে উজনি অসমত তুলনামূলকভাৱে জাপানী এনকেফেলাইটিছত বেছিকৈ সংক্ৰমণ হৈছে ৷

লগতে পঢ়ক :জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগৰ ব্যৱস্থা গ্ৰহণ - Japanese Encephalitis

কেনেকৈ সংক্ৰমিত হয় জাপানীজ এনকেফেলাইটিছ ?

গাহৰিৰ লগতে কণামুচৰী আদি চৰাইৰ দেহৰ পৰা কিউলেক্স নামৰ এবিধ মহে মানুহৰ দেহলৈ জাপানীজ এনকেফেলাইটিছ কঢ়িয়াই নিয়াত বিশেষ ভূমিকা গ্ৰহণ কৰে ৷

কেৱল GMCHতে বৰ্তমানলৈ 24 গৰাকী ৰোগী ভৰ্তি :

সমগ্ৰ অসমত বুধবাৰৰ সন্ধিয়ালৈ মুঠ 187 জন জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ তথ্যৰ বিপৰীতে যোৱা 1 এপ্ৰিলৰ পৰা আজি পৰ্যন্ত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈছে 24 গৰাকী ৰোগী ৷ আনহাতে চিকিংসা মহাবিদ্যালয়খনত বৰ্তমান চিকিৎসাধীন হৈ আছে 12 গৰাকী ৰোগী৷ এই তথ্য জনাইছে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক অভিজিৎ শৰ্মাই ৷ বৰ্তমানলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ মৃত্যু হোৱা জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা 6 জনলৈ বৃদ্ধি পাইছে ৷ জি এম চি এইছত ভৰ্তি হৈ থকা ৰোগী সকলৰ ভিতৰত দুজনৰ অৱস্থা বৰ্তমানো সংকটজনক বুলি জনাইছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ৷

৪৮ ঘণ্টাত দুজনৰ মৃত্যু :

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ নতুনকৈ বিগত 24 ঘণ্টাত 2 জনৰ ৰাজ্যত মৃত্যু ঘটিছে ৷ তাৰে এজনৰ মৃত্যু ঘটিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ মৃত্যু হোৱা ৰোগীজন মৰিগাঁও জিলাৰ আমচৈৰ 12 বছৰীয়া মাধুৰ্য মনোৱাৰ ৷ আঠদিন ধৰি GMCHত চিকিৎসাধীন হৈ থকাৰ পিচত বুধবাৰে আবেলি মৃত্যু ঘটে মাধুৰ্যৰ ৷ আনহাতে গোলাঘাটৰ দেৰগাঁৱত জাপানীজ এনেকেফেলাইটিছত ৰাকেশ ৰাগ গগৈ নামৰ এজন 37 বছৰীয়া কণ্ঠশিল্পীৰ অসম মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে ৷ বিগত 2 জুলাইত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা ৰাকেশ ৰাগৰ মঙলবাৰে মৃত্যু ঘটে ৷

জাপানীজ এনকেফেলাইটিছত ছমাহত ৰাজ্যত 8 জনৰ মৃত্যু ঘটাৰ বিপৰীতে বিগত 48 ঘণ্টাত দুজনৰ মৃত্যু ঘটিছে ৷ ইয়াৰ ভিতৰত যোৰহাট জিলাত এজন, কামৰূপত এজন, শিৱসাগৰত 3 জন, শোণিতপুৰত 1 জন আৰু ধেমাজিত 2 জন ৰোগীৰ মৃত্যু হৈছে ৷ গোলাঘাটত 4 গৰাকী জাপানী এনকেফেলাইটিজত আক্ৰান্ত লোকৰ মৃত্যু ঘটিছে যদিও তেঁওলোক সমান্তৰালভাৱে আন ৰোগতো আক্ৰান্ত হৈ থকা বাবে চৰকাৰী নীতি অনুসৰি তালিকাত ধৰা হোৱা নাই ৷

আঠ বছৰত 655 জনৰ মৃত্যু :

ৰাজ্যখনত জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ বিগত বছৰবোৰত বহু লোকৰ মৃত্যু ঘটি আহিছে ৷ বিগত 2016 ৰ পৰা 2023 চনলৈ 8 বছৰত ৰাজ্যত জাপানী এনকেফেলাইটিছত মৃত্যু হৈছে 655 গৰাকী লোকৰ ৷ অৰ্থাৎ অসমত এই ৰোগত গড়ে বছৰি 81 গৰাকীৰ মৃত্যু হয় ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ ৰাষ্ট্ৰীয় ভেক্টৰজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী কেন্দ্ৰৰ তথ্যত প্ৰকাশ পাইছে এই তথ্য ৷

লগতে পঢ়ক :মৰাণত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত বৃদ্ধা - Japanese Encephalitis

ABOUT THE AUTHOR

...view details