গোলাঘাট, ৬ ফেব্ৰুৱাৰী :পুত্ৰৰ ওপৰত কিমান অসন্তুষ্ট হ'লে এগৰাকী মাতৃয়ে সন্তানৰ বিৰুদ্ধে ল'ব পাৰে চৰম সিদ্ধান্ত সেয়া গোলাঘাটত সংঘটিত এক ঘটনাই প্ৰমাণ কৰিছে । জিলাখনৰ ঢেঁকীয়াল হাবিয়াল গাঁৱত সোমবাৰে নিশা সংঘটিত হৈছে তেনে এক ঘটনা । এই ঘটনাত মাতৃৰ হাতত প্ৰাণ গ'ল পুত্ৰৰ । পুত্ৰৰ অত্য়াচাৰে চৰম পৰ্যায়ত উপনীত হোৱাত কনকা ৰাজখোৱা নামৰ মহিলাগৰাকীয়ে পুত্ৰ তপন ৰাজখোৱা ওৰফে জয়ন্তক কুঠাৰেৰে মূৰত প্ৰহাৰ কৰে । নিমিষতে সংঘটিত ঘটনাটোত চকুৰ সন্মুখতে মৃত্য়ু কোলাত ঢলি পৰিল তপন ৰাজখোৱা ।
পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপিত হোৱা কনকা ৰাজখোৱাই কুঠাৰেৰে তপন ৰাজখোৱাৰ মূৰত প্ৰহাৰ কৰাৰ ফলত থিতাতে প্ৰাণ যায় পুত্ৰৰ । লগে লগে স্থানীয় ৰাইজে এই নৃশংস ঘটনাটোৰ বিষয়ে জানিব পাৰি গোলাঘাট থানাৰ আৰক্ষীক খৱৰ দিয়ে । নিশাই ঘটনাস্থলীত উপস্থিত গোলাঘাট আৰু ঢেঁকীয়াল আৰক্ষীৰ এটা দল । আৰক্ষীয়ে তপন ৰাজখোৱাৰ ওৰফে জয়ন্তৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে লগতে হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্ত মাতৃ কনকা ৰাজখোৱাক গ্ৰেপ্তাৰ কৰি সোধা-পোছা আৰম্ভ কৰিছে ।