অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

নৃশংস হত্যাকাণ্ড; মাতৃক হত্যাৰ অভিযোগত আটক যুৱতী - Guwahati murder case

Murder in Guwahati: গুৱাহাটীৰ দিছপুৰ থানাৰ অন্তৰ্গত বৰমটৰীয়াত সংঘটিত হৈছে এই ঘটনা । এগৰাকী যুৱতীৰ আক্ৰমণত মাতৃৰ মৃত্যু হোৱাৰ সন্দেহ । আৰক্ষীয়ে অভিযুক্ত কন্যাক আটক কৰিছে ।

Murder in Guwahati
নৃশংস হত্যাকাণ্ড; মাতৃক হত্যাৰ অভিযোগত আটক যুৱতী (ETV Bharat)

গুৱাহাটী,২৮ ছেপ্টেম্বৰ :গুৱাহাটীৰ মাজমজিয়াত ভয়ংকৰ ঘটনা । এগৰাকী যুৱতীৰ হাতত প্ৰাণ গ'ল মাতৃৰ ! দিছপুৰ থানাৰ অন্তৰ্গত বৰমটৰীয়াত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনাটো । আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

কি হৈছিল ?

বৰমটৰীয়াৰ ৰূপকোঁৱৰ পথত থকা পূৰ্ণিমা মেনছন নামৰ বিলাসী এপাৰ্টমেণ্টটোত নিশা সংঘটিত হয় এই ঘটনা । জানিব পৰা মতে আৱাসিক অট্টালিকাটোৰ এ-ব্লকৰ চতুৰ্থ মহলাত ৩ জনীয়া এটা পৰিয়ালে দীৰ্ঘদিন ধৰি বাস কৰি আছে । পৰিয়ালটোত আছে পিতৃ-মাতৃ আৰু একমাত্ৰ কন্যা । তেওঁলোকৰ মাজত কেতিয়াও কোনো ধৰণৰ অশান্তি বা কাজিয়া দেখা নাই চুবুৰীয়াসকলে । কিন্তু শুকুৰবাৰে নিশা প্ৰায় ৭.৫০ মান বজাত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । ঘৰটোত উদ্ধাৰ হয় মাতৃগৰাকীৰ মৃতদেহ । স্থানীয় একাংশ লোকে অভিযোগ কৰা মতে মাতৃ আৰু কন্যাৰ মাজত কোনো কথাক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল । পিচত সেই কাজিয়াই ভয়ংকৰ ৰূপ লয় আৰু গধুৰ বস্তুৰে যুৱতীগৰাকীয়ে মাতৃক আক্ৰমণ কৰে ! কিন্তু দুৰ্ভাগ্যৱশতঃ মাতৃৰ মৃত্যুৰ হয় ।

নৃশংস হত্যাকাণ্ড; মাতৃক হত্যাৰ অভিযোগত আটক যুৱতী (ETV Bharat)

আৰক্ষীৰ তদন্ত আৰম্ভ

ইফালে ঘটনাৰ খবৰ পোৱাৰ লগে লগে বৰমটৰীয়াৰ আৱাসিক অট্টালিকাটোত উপস্থিত হয় মহানগৰ আৰক্ষী । আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । নিশাই ঘটনাস্থলীত ফৰেঞ্চিকৰ এটা দল উপস্থিত হয় আৰু উক্ত স্থানৰ পৰা বিভিন্ন ধৰণৰ নমুনা সংগ্ৰহ কৰে । জানিব পৰা মতে মাতৃক হত্যাৰ অভিযোগত ইতিমধ্যে যুৱতীগৰাকীক দিছপুৰ আৰক্ষীয়ে আটক কৰিছে ।

টেনিছ খেলুৱৈ হত্যাৰ অভিযুক্ত কন্যা

উল্লেখ্য যে মাতৃক হত্যাৰ অভিযোগত আটক হোৱা যুৱতীগৰাকী টেনিছ খেলৰ সৈতে জড়িত । তেওঁ অসমৰ লগতে ইতিমধ্যে ভাৰতক প্ৰতিনিধিত্ব কৰিছে বুলি জানিব পৰা গৈছে । ইফালে তেওঁৰ পিতৃও এগৰাকী প্ৰাক্তন টেনিছ খেলুৱৈ আৰু বৰ্তমান টেনিছৰ প্ৰশিক্ষক । একাংশ চুবুৰীয়াৰ মতে অতি শান্ত আৰু মেধাৱী হত্যাৰ অভিযুক্ত যুৱতীগৰাকী । যাৰ বাবে এই ঘটনাই সকলোকে আচৰিত কৰি তুলিছে । এতিয়া প্ৰশ্ন হ'ল যদি যুৱতীগৰাকীয়ে মাতৃক হত্যা কৰিছে তেনেহ'লে তেওঁ কি পৰিস্থিতিত এই ঘটনা সংঘটিত কৰিলে ? এই ঘটনাত আৰু কোনো লোক জড়িত আছে নেকি ? আৰক্ষীৰ তদন্তৰ পিচত হে সকলো তথ্য পোহৰলৈ আহিব ।

লগতে পঢ়ক :উত্তৰাখণ্ডৰ পৰা নিৰুদ্দেশ অসমৰ মেধাৱী ছাত্ৰ - Students Missing

ABOUT THE AUTHOR

...view details