অসম

assam

ETV Bharat / state

শ বিঘাৰ প্ৰাকৃতিক জলাশয়ত মীন পালনেৰে দেখুৱাইছে আদৰ্শ - Self Reliant By Fish Farming - SELF RELIANT BY FISH FARMING

Self Reliant : যি সময়ত ৰাজ্যৰ বহু যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন নাপাই হতাশ হৈছে, তেনে সময়ত মীন পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে একাংশ শিক্ষিত লোকে ।

Self Reliant in Dhemaji
স্বাৱলম্বিতাৰ নিৰ্দশন (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 10:34 PM IST

ধেমাজি, ১১ জুন:এতিয়া মাছৰ পোনা মেলাৰ সময় ৷ ব্যক্তিগত,ৰাজহুৱা পুখুৰী, মীন মহল,জলাশয় আদিত এই সময়ত পোনা মেলি বছৰটোৰ বাবে মীন পালনত মনোনিৱেশ কৰে মীনপালকসকলে । ধেমাজি জিলাৰ খৰস্ৰোতা গাই নদীৰ সৃষ্ট এশ বিঘাৰ বৃহৎ প্ৰাকৃতিক জলাশয়ত মৎস্য পালনৰ পদক্ষেপ গ্ৰহণ কৰিছে স্থানীয় গাই দেউৰী গাঁৱৰ পঞ্চবাসী আত্মসহায় গোটে । এই গোটৰ শিক্ষিত যুৱকৰ দলে মীন পালনৰে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে ৷

স্বাৱলম্বিতাৰ নিৰ্দশন (ETV BHARAT ASSAM)

শিক্ষিত যুৱকসকলে ২০০৪ চনৰে পৰাই এই জলাশয়ত মীনপালন কৰি স্থানীয় ৰাইজক থলুৱা মাছ যোগান ধৰাৰ লগতে ইয়াৰ লগত জড়িত প্ৰত্যেকেই আৰ্থিকভাৱে টনকিয়াল হৈছে ৷ এইবেলি বছৰটোৰ বাবে মাছ মেলাৰ বাবে সাজু হৈছে তেওঁলোকে ৷ উল্লেখ্য যে গাই নদী আৰু ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এই ৰাজহুৱা জলাশয়ত প্ৰাকৃতিকভাৱেও উপলব্ধ অসংখ্য থলুৱা মাছ -কাছ- সৰীসৃপজাতীয় প্ৰাণী ৷

এই জলাশয়টোলৈ শীতকালত আগমন ঘটে বহুতো পৰিভ্ৰমী পক্ষীৰ ৷ এই জলাশয়ত মান পালন আৰু সংৰক্ষণৰ ব্যৱস্থা কৰি স্থানীয় যুৱকসকলে আত্মনিৰ্ভৰশীল হোৱাৰ লগতে গাই নদীৰ মনোমোহা জৈৱ বৈচিত্ৰ্যও অক্ষুণ্ণ ৰাখিছে ৷ এইদৰে অন্যান্য ঠাইৰ যুৱকসকলেও অব্য়হৃত জলাশয়বোৰত মাছ পালন কৰি স্বাৱলম্বী হ’বলৈ আহ্বান জনাইছে আত্মসহায় গোটটোৱে ৷

একাংশ লোকৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠান,সংস্থা আদিয়ে জলাশয়ৰ সুৰক্ষা আৰু সংৰক্ষণৰ দিশটোক গুৰুত্বসহকাৰে গ্ৰহণ কৰি সেই সম্পৰ্কে ব্যৱস্থা ল'বলৈ একত্ৰিত হোৱাৰ প্ৰয়াস কৰি আহিছে । জলভাগৰ ভিতৰত থকা উদ্ভিদ আৰু জীৱকুলে সামগ্ৰিকভাৱে পৰিৱেশলৈ এক পাৰিপাৰ্শ্বিক স্বাস্থ্য কঢ়িয়াই আনে বাবে এতিয়া এই দিশটোৰ ওপৰত সকলোৱে গুৰুত্ব প্ৰদান কৰিব লাগে বুলি মন্তব্য় কৰিছে মীনপালকসকলে ।

লগতে পঢ়ক:Self Reliant By Fish Farming: মৎস পালনেৰে স্বাৱলম্বী হোৱাৰ আহ্বান শিল্পী বিপিন চাউদাঙৰ

College Of Fisheries In Raha:মীন পামৰ পুখুৰীত মেলি দিলে লাচিম-ভাঙোনৰ পোনা

ABOUT THE AUTHOR

...view details