অসম

assam

ETV Bharat / state

উজনিৰ পৰা নামনিলৈ গুৰুজনাৰ জন্মজয়ন্তী পালন

Sankardev Janmotsav: ৰাজ্যজুৰি হৰি নামৰ ধ্বনি । গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সত্ৰ-নামঘৰত ভিন্ন কাৰ্যসূচী ।

By ETV Bharat Assamese Team

Published : Oct 13, 2024, 9:04 PM IST

Sankardev Janmotsav observed in different part of State
উজনিৰ পৰা নামনিলৈ গুৰুজনাৰ জন্ম জয়ন্তী পালন (ETV Bharat Assam)

নিউজ ডেস্ক,১৩ অক্টোবৰ: হৰি নামৰ ধ্বনিৰে গুঞ্জৰিত সমগ্ৰ অসম । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৬ সংখ্যক জন্মোৎসৱক লৈ নলবাৰীতো পুৱাৰে পৰা শুনা গৈছে হৰি নামৰ ধ্বনি । নলবাৰীৰ মৰোৱা শংকৰদেৱ ক্ষেত্ৰত গুৰুজনাৰ ৫৭৬ সংখ্যক জন্মোৎসৱক লৈ শংকৰদেৱ নামঘৰ প্ৰাংগনত ভকতৰ হৰি নাম । পুৱা ভাগৱত স্থাপন, গুৰু কীৰ্তনৰ পিছত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । অঞ্চলটোৰ শতাধিক আই বাপ ভকতে এই শোভাত্ৰাত অংশগ্ৰহণ কৰি সমগ্ৰ মৰোৱা অঞ্চল ভ্ৰমণ কৰে ।

প্ৰতিজন বাপ ভকতে গুৰুজনাৰ আসনত সেৱা প্ৰণিপাত জনাই এই শোভাত্ৰাত অংশগ্ৰহণ কৰা দেখা যায় । উল্লেখযোগ্য যে ৫৭৬ সংখ্যক গুৰুজনাৰ জন্মোৎসৱ মৰোৱাত ৭২ সংখ্যক বৰ্ষত এইবাৰ উদযাপন কৰা হৈছে । পাঁচ দিনীয়া ভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয় গুৰুজনাৰ জন্মোৎসৱ । জন্মজয়ন্তী উপলক্ষে উলিওৱা শোভাযাত্ৰা মৰোৱা শংকৰদেৱ নামঘৰত সমাপ্ত কৰি পৰৱৰ্তী কাৰ্যসূচী সমূহো চলাই নিয়ে উদ্যোক্তাসকলে । দেওবাৰৰ পৰা উদযাপিত গুৰুজনাৰ জন্মোৎসৱ অহা ১৭ অক্টোবৰত সামৰণি পৰিব ।

উজনিৰ পৰা নামনিলৈ গুৰুজনাৰ জন্ম জয়ন্তী পালন (ETV Bharat Assam)

সমান্তৰালভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্ম মহোৎসৱত হৰি নামেৰে মুখৰিত হ’ল ৰঙিয়া । ৰঙিয়া চেনীমাৰা, বিহাপাৰাত শ্ৰীশ্ৰী বংশীগোপাল সত্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা গুৰুজনাৰ জন্ম মহোৎসৱত দেওবাৰে উলিওৱা হয় বিশাল ভাগৱত শোভাযাত্ৰা । অঞ্চলটোৰ পাঁচ শতাধিক ভক্তপ্ৰাণ ৰাইজ তথা বিহাপাৰা মধ্যচুপা নামঘৰৰ অংশগ্ৰহণৰে অঞ্চলটোত উলিওৱা শোভাযাত্ৰাত সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে ভাগৱত যাত্ৰাৰ আশিস গ্ৰহণ কৰে ।

একেদৰে আমগুৰিৰ বৰভেটি গাঁৱৰ নামঘৰৰ পাঁচ শতাধিক ভক্তপ্ৰাণ ৰাইজে ভাগৱত ভ্ৰমণ কৰি হৰি নামেৰ ধ্বনিৰে মুখৰিত কৰি তোলে । বৰভেটি গাঁৱৰ ৰাইজৰ উদ্যোগত ৫৭৬ সংখ্যক শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱটি দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে । বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে নিশালৈ ভাওনাৰো আয়োজন কৰে উদ্যোক্তাসকলে ।

লগতে পঢ়ক:ৰাজ্যজুৰি শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি পালন

গুৰুজনাৰ জন্মোৎসৱত একতাৰ বাণী

ABOUT THE AUTHOR

...view details