অসম

assam

ETV Bharat / state

সংস্কৃত ভাষা শিতানত সাহিত্য অকাডেমি বঁটা অধ্যাপক দীপক কুমাৰ শৰ্মালৈ - SAHITYA AKADEMI AWARD

বিদ্যায়তনিক ৰচনাক কাব্যলৈ প্ৰকাশ কৰাটো তেনেই কঠিন । এনে সৃষ্টিৰ বাবেই লাভ কৰিলে স্বীকৃতি ।

Sahitya Akademi Award
অধ্যাপক দীপক কুমাৰ শৰ্মা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 18, 2024, 11:02 PM IST

গুৱাহাটী:বছৰটোৰ শেষত অসমৰ সাহিত্য জগতৰ বাবে আন এক আনন্দৰ বতৰা । সংস্কৃত সাহিত্যত মৌলিক গ্ৰন্থ লিখি প্ৰথমবাৰৰ বাবে অসমৰ বিশিষ্ট শিক্ষাবিদ, সংস্কৃত পণ্ডিত, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য, অধ্যাপক দীপক কুমাৰ শৰ্মাই লাভ কৰিছে সাহিত্য অকাডেমি বঁটা । সংস্কৃত ভাষা শিতানত 'ভাস্কৰচৰিতম্ ' শীৰ্ষক গ্ৰন্থখনৰ বাবে অধ্যাপক দীপক কুমাৰ শৰ্মালৈ আগবঢ়োৱা হৈছে ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে তেওঁ ২০১৮ চনত 'অসমা ৱাঙমঞ্জৰী'(অনুবাদ সাহিত্য)ৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল । এয়া সমগ্ৰ অসমৰ বাবে এক গৌৰৱৰ বিষয় । বঁটা লাভ কৰা সন্দৰ্ভত অধ্যাপক শৰ্মাই ই টিভি ভাৰতৰ আগত আনন্দ প্ৰকাশ কৰি কয়," এইখন এখন সংস্কৃত ভাষাত লিখা কাব্যগ্ৰন্থ । কিতাপখনৰ বিষয়বস্তু হ'ল ৰজা ভাস্কৰ বৰ্মা, তেওঁৰ পূৰ্ব‌পুৰুষ আৰু সেই ঐতিহাসিক সময়খিনি । কিতাপখনৰ দুটা দিশ হ'ল বিদ্যায়তনিক আৰু ঐতিহাসিক । বাকীখিনি কাব্যিক দিশ । বিদ্যায়তনিক ৰচনাক কাব্যলৈ প্ৰকাশ কৰাটো সহজ নহয় । এক প্ৰত্যাহ্বানমূলক কাম । এই প্ৰত্যাহ্বান মই গ্ৰহণ কৰিছিলো । নিশ্চয় এই ক্ষেত্ৰত সফল হৈছো । নহ'লে এই সন্মান নাপালোহেতেন । "

সংস্কৃত ভাষা শিতানত সাহিত্য অকাডেমি বঁটা অধ্যাপক দীপক কুমাৰ শৰ্মালৈ (ETV Bharat Assam)

সাহিত্য অকাডেমি বঁটা প্ৰাপকগৰাকীয়ে লগতে কয়," গ্ৰন্থখন ৰচনা কৰাৰ বাবে পৰিকল্পনা কৰিছিলো । ২০১৯ চনৰ শেষৰ ফালে গ্ৰন্থখন লিখা আৰম্ভ কৰিছিলো । তেতিয়া মই কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্বতো আছিলো । ব্যস্ততাৰ মাজতে গ্ৰন্থখনৰ বাবে যিখিনি বিদ্যায়তনিক সমল লাগে এবছৰ ধৰি সংগ্ৰহ কৰি গৱেষণা কৰি, অধ্যয়ন কৰি নিজৰ ভাষাৰে উপস্থাপন কৰিছিলো । "

নলবাৰীৰ সন্ধেলী গাঁৱত জন্মগ্ৰহণ কৰা দীপক কুমাৰ শৰ্মাৰ পিতৃ নবীন চন্দ্ৰ শৰ্মা আৰু মাতৃ কামিনী দেৱী । নলবাৰীৰ সন্ধেলী প্রাথমিক বিদ্যালয়ৰ পৰা শিক্ষাজীৱন আৰম্ভ কৰা অধ্যাপক শৰ্মাই ১৯৮২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিষয়ৰ স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান আৰু ১৯৯৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰে । ১৯৮২ চনত তেওঁ শৈক্ষিক কৃতিত্বৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বৰ্ণপদক, ড৹ যোগীৰাজ বসু স্বৰ্ণপদক আৰু শৰৎ চন্দ্ৰ গোস্বামী স্বর্ণপদক লাভ কৰিছিল ।

পাণ্ডু কলেজৰ পৰা প্রৱক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰা অধ্যাপক শৰ্মাই ২০১১ চনত নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি ২০২২ চনত তেওঁ সেই দায়িত্বৰ পৰা অব্যাহতি লৈছিল । সম্প্ৰতি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত । মৌলিক গ্ৰন্থ ৰচনাৰ লগতে তেওঁ বহুকেইখন পুথি অনুবাদ কৰিছে । সংস্কৃত আৰু অসমীয়া ভাষাত তেওঁৰ সমানে ব্যুৎপত্তি আছে ।

লগতে পঢ়ক:এমুঠি শব্দৰ বাদে দিবলৈ মোৰ আৰু একো নাই: সমীৰ তাঁতী - ASSAMESE POET SAMEER TANTI

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা - ASSAMESE POET SAMEER TANTI

ABOUT THE AUTHOR

...view details