অসম

assam

ETV Bharat / state

কটনৰ এক ইঞ্চি ভূমিও বণিয়াক দিবলৈ ৰাজি নহয় ছাত্ৰ একতা সভা - COTTON UNIVERSITY - COTTON UNIVERSITY

REVENUE COLLECTION: ৰাজহ সংগ্ৰহৰ বাবে ভাৰাত দিয়া হ’ব ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ চৌহদ ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে গৰজি উঠিছে সচেতন মহল । কটন কৰ্তৃপক্ষৰ মতে ইয়াৰ অপব্যাখ্যা কৰা হৈছে । ইফালে কটনৰ এক ইঞ্চি মাটিও বণিয়াক নিদিয়াৰ হুংকাৰ ছাত্ৰ একতা সভাৰ ।

Reaction on renting out issue of Cotton University campus to generate revenue
কটন বিশ্ববিদ্যালয় চৌহদ ভাড়া দিয়া প্ৰসংগত প্ৰতিক্ৰিয়া (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 15, 2024, 5:22 PM IST

কটন বিশ্ববিদ্যালয় চৌহদ ভাড়া দিয়া প্ৰসংগত প্ৰতিক্ৰিয়া (ETV Bharat Assam)

গুৱাহাটী, ১৫ মে':ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ভূমি লিজত দিয়াৰ সিদ্ধান্তৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰ পিছতে মুখ খুলিছে কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই । বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ অৰিন্দম গাৰ্গে কয় যে জাননীখনক লৈ কিছু অপব্যাখ্যা হৈছে ।

তেওঁ কয়, ‘‘শিক্ষাৰ্থীৰ সুবিধাৰ বাবে বিশ্ববিদ্যালয়ত প্ৰয়োজন কেণ্টিন, ফটোষ্টেট দোকান এনে প্ৰয়োজন পূৰণ কৰিবলৈ কটন বিশ্ববিদ্যালয়ত গঠন কৰা হৈছে ষ্টেণ্ডিং কমিটী । এই ষ্টেণ্ডিং কমিটীয়ে নিৰ্ধাৰণ কৰিব ক'ত এনে প্ৰতিষ্ঠান স্থাপন কৰিব পাৰি । তাৰ বাহিৰে কটনৰ ভূমিক লৈ কোনো কথা বতৰা হোৱা নাই । চৰকাৰী ভূমিৰ ওপৰত কৰ্তৃপক্ষই কেতিয়াও হাত দিব নোৱাৰে আৰু গঠন কৰা ষ্টেণ্ডিং কমিটীৰ সিদ্ধান্তই শেষ সিদ্ধান্ত হ'ব নোৱাৰে । এই সিদ্ধান্তৰ পিছত পৰ্যালোচনা কৰা হ'ব । জাননীখনক লৈ কিছু অপব্যাখ্যা হৈছে ।’’

"টকা-পইচাৰ কোনো অভাৱ ঘটা নাই সময়মতে আমি টকা লাভ কৰি আছো । কটনৰ সকলো কাম-কাজ কমিটিৰ জৰিয়তে হয় । দীঘলীয়া সময়ৰ বাবে লিজত দিলে মাটি বিক্ৰী কেতিয়াও নহয়" বুলি মন্তব্য কৰে পঞ্জীয়কগৰাকীয়ে ।

আনহাতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি হিমাংশু কুমাৰ দাসে কয়, ‘‘এয়া অগণতান্ত্ৰিক জাননী । কটন বিশ্ব বিদ্যালয়ৰ সৈতে অসমৰ জনসাধাৰণৰ আবেগ জড়িত হৈ আছে । কটনৰ ভূমি কোনো বিষয়াৰ পৈতৃক সম্পত্তি নহয় । শিক্ষাৰ মানদণ্ড উন্নত কৰক ছাত্ৰ-ছাত্ৰীক নিম্নতম সা-সুবিধা দিয়ক ।’’

কটনৰ এক ইঞ্চি মাটিও বহিৰাগত বণিয়াক দিয়া নহ'ব বুলি হুংকাৰ দিয়ে ছাত্ৰ একতা সভাৰ সভাপতিগৰাকীয়ে । এই বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ছাত্ৰ একতা সভাই । কটন বিশ্ববিদ্যালয়ত এখন সংবাদমেল সম্বোধনৰ কৰি কিয় এনে স্বেচ্ছাচাৰী সিদ্ধান্ত গ্ৰহণ কৰা হ'ল তাৰ উত্তৰ বিচাৰি প্ৰশ্ন উত্থাপন কৰে ছাত্ৰ একতা সভাৰ সভাপতিগৰাকীয়ে ।

ছাত্ৰ একতা সভা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক অন্ধকাৰত ৰাখি ষ্টেণ্ডিং কমিটী গঠন কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে সংবাদমেলত । ছাত্ৰ-ছাত্ৰীক অন্ধকাৰত ৰাখি গ্ৰহণ কৰা এই সিদ্ধান্ত কোনো কাৰণতে মানি নলও বুলি উল্লেখ কৰি এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী জনাই ছাত্ৰ একতা সভাৰ বিষয়ববীয়াই । এনে সিদ্ধান্তৰ বিপৰীতে কটন বিশ্ববিদ্যালয়ৰ সমস্যাসমূহ সমাধানৰ পোষকতা কৰে ছাত্ৰ একতা সভাই ।

উল্লেখ্য যে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এই বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে কৰ্তৃপক্ষক নিৰ্দেশ দিছে ৷

লগতে পঢ়ক:পুঁজিৰ অভাৱ: ভাৰাত দিয়া হ'ব ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ চৌহদ - COTTON UNIVERSITY

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ চৰম সিদ্ধান্ত - Student Commits Suicide

ABOUT THE AUTHOR

...view details