অসম

assam

ETV Bharat / state

ফ্লপ শ্ব'ত পৰিণত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মহিলা হিতাধিকাৰী আঁচনি - 3 Years Of CM Himanta Biswa Sarma

Himanta Biswa Sarma as CM: তিনি বছৰত মুখ্যমন্ত্ৰী হিচাপে কিমান সফল হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা ? ৰাজ্য় চৰকাৰৰ এই তিনিবছৰীয়া যাত্ৰাত কৰা কাম-কাজক লৈ কিমান সন্তুষ্ট সাধাৰণ জনতা ? এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

Himanta Biswa Sarma as CM
বঞ্চিত হিতাধিকাৰীৰ ক্ষোভ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 10, 2024, 10:42 PM IST

বঞ্চিত হিতাধিকাৰীৰ ক্ষোভ (ETV BHARAT ASSAM)

গুৱাহাটী, ১০ মে : তিনি বছৰ সম্পূৰ্ণ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য়ৰ বিজেপি চৰকাৰে । ২০২১ চনৰ আজিৰ দিনটোতে মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শাসনৰ গাদী দখল কৰাৰ পিছতে ৰাজ্যখনত উন্নয়ণৰ লগতে দুৰ্নীতিমুক্ত হোৱাৰ কথা দাবী কৰি আহিছে । বিশেষকৈ মহিলা সকলক বিভিন্ন আঁচনিৰে স্বাৱলম্বী হোৱাৰ কথা কৈ আহিছে চৰকাৰে ।

তিনি বছৰত মুখ্যমন্ত্ৰী হিচাপে কিমান সফল ড৹ হিমন্ত বিশ্ব শৰ্মা ? চৰকাৰৰ কাম-কাজক লৈ কিমান সন্তুষ্ট সাধাৰণ জনতা ? দহৰ ভিতৰত কিমান নম্বৰ পালে ড৹ হিমন্ত বিশ্ব শৰ্মাই ? এই সন্দৰ্ভত ৰিজাৰ্ভ বেংকৰ পদপথৰ বজাৰখন পুৱাতেই ব্য়ৱসায় কৰিবলৈ অহা একাংশ মহিলা ব্য়ৱসায়ী তথা আঁচনিৰ পৰা বঞ্চিত হিতাধিকাৰীয়ে ক্ষোভ উজাৰি কি ক'লে জানো আহক ।

ৰিজাৰ্ভ বেংকৰ পদপথৰ বজাৰখনত প্ৰতিদিনে বকো, ছয়গাঁও, গোৱালপাৰা, ওদালগুৰি, টংলা ,ঢেকীয়াজুলিৰ পৰা জনজাতীয় মহিলা সকলে শাক পাচলি লৈ আহে বিক্ৰীৰ বাবে । এই শ্ৰমজীৱী মহিলাসকলৰ অধিকাংশই পোৱা নাই কোনো চৰকাৰী আঁচনি ।

তেওঁলোকে এই সন্দৰ্ভত ক্ষোভ উজাৰি কয় যে ৰেচন কাৰ্ডখনৰ বাহিৰে চৰকাৰী ঘৰ, অৰুণোদয় আঁচনিয়ে ঢুকি পোৱা নাই । এই মহিলাসকলে বাৰম্বাৰ আচঁনিৰ বাবে যোগাযোগ কৰে যদিও এতিয়ালৈ কোনো আচঁনিৰ সা সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

এইসকল মহিলাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাফল্য়ৰ ক্ষেত্ৰত ১০ ভিতৰত ২ বা ১ নম্বৰহে দিব বুলি কয় । ইপিনে, বজাৰখনলৈ অহা একাংশ ৰাইজে কয়,"চৰকাৰখনে আঁচনিৰ কথা কৈ ভেকোভাওনা কৰিছে । বিজেপি কৰ্মীসকলে পাইছে আঁচনি । বাকী আঁচনিয়ে দুখীয়া শ্ৰেণীক সামৰি লোৱা নাই ।"

দুৰ্নীতিৰ বাবে মুখ্যমন্ত্ৰীক সফল বুলি কব নোৱাৰি । দুৰ্নীতি নিৰ্মূল হোৱা বুলি চৰকাৰে দাবী কৰিছে যদিও সফল হোৱা নাই বুলি তেওঁলোকে ক্ষোভ উজাৰে । এইসকল জনতাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাফল্য়ৰ ক্ষেত্ৰত ১০ ভিতৰত ৩ নম্বৰ মানহে দিব পাৰি বুলি কয় ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তিনি বছৰ : সাধাৰণ জনতাই কি পালে, কি নাপালে ? - 3 Years Of CM Himanta Biswa Sarma

প্ৰত্যাহ্বান আৰু প্ৰত্যাশাৰে তৃতীয় বৰ্ষপূৰ্তিত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ - 3rd Anniversary Of HBS Led BJP Govt

ABOUT THE AUTHOR

...view details