ৰঙিয়া :ৰঙিয়া অতিৰিক্ত সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান । চাৰি হত্যাকাৰীক বিহা হ'ল যাৱজ্জীৱন কাৰাদণ্ড । সুদীৰ্ঘ ১৮ বছৰ মূৰত শাস্তি প্ৰদান চাৰি হত্যাকাৰীক । ঘটনাৰ বিৱৰণী অনুসৰি, ২০০৬ চনৰ ১৩ মে'ৰ সন্ধিয়া ৭:৩০ মান বজাত ৰঙিয়াৰ বালিসত্ৰৰ ৰেণু বৈশ্যৰ ঘৰত প্ৰৱেশ কৰিছিল এটা দুৰ্বৃত্তৰ দলে । কোনো কথাৰ অৱতাৰণা নকৰাকৈ উপৰ্যুপৰি আক্ৰমণ কৰিছিল ৰাতুল বৈশ্য নামৰ যুৱকজনক ।
দুৰ্বৃত্তৰ দলটোৱে চোকা অস্ত্ৰ, জাঠি-জোং লৈ হানি খুচি নৃশংসভাৱে হত্যা কৰিছিল । সেই সময়ত ৰাতুল বৈশ্যৰ মাতৃ ৰেণু বৈশ্যই বাধা আৰোপ কৰিছিল পাঁচ নৰপিশাচক । কিন্তু পুত্ৰক হত্যা কৰাতে ক্ষান্ত নাথাকি পাঁচ দানৱে মাতৃকো নৃশংসভাৱে আক্ৰমণ কৰিছিল । মাতৃয়ে কেইবাদিনো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ অৱশেষত সুস্থ হৈ উঠিছিল ।
ঘটনা সন্দৰ্ভত মৃত ৰাতুল বৈশ্যৰ ভ্ৰাতৃ হৰিচৰণ বৈশ্যই কঞা আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ১৩/২০০৬ গোচৰৰ ভিত্তিত ৰঙিয়া মহকুমা ন্যয়িক দণ্ডাধীশৰ আদালতত ১০১/১০ ৰ ৩০২/৩৪ আইপিচি ধাৰাত গোচৰ ৰুজু হৈছিল । অৱশেষত সুদীৰ্ঘ ১৮ বছৰৰ অন্তত পুত্ৰ হত্যাকাৰীৰ ন্যায় লাভ কৰিলে ৰঙিয়া বালিসত্ৰৰ দুৰ্ভগীয়া পৰিয়ালটোৱে । ৰঙিয়া অতিৰিক্ত সত্ৰ আৰু জিলা ন্যায়াধীশৰ ৰায়দানত সন্তোষ প্ৰকাশ মাতৃ ৰেণু বৈশ্য আৰু পৰিয়ালৰ ।