অসম

assam

ETV Bharat / state

হেঁপাহৰ ৰং হেনো হালধীয়া ! সপোনৰো... - SELF RELIANT BY CULTIVATING MUSTARD

জোনাইৰ বানে ধোঁৱাটাৰী বস্তিৰ এটা বৃহত্তৰ অঞ্চলত হালধীয়া সৰিয়হে হাঁহিছে । সৰিয়হৰ অভূতপূৰ্ব নান্দনিক দৃশ্যই মুগ্ধ কৰিছে প্ৰতিজন বাটৰুৱাক ।

Rabi crops cultivation farmers in jonai sets example of self reliant
হালধীয়া সৰিয়হৰ হাঁহি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 31, 2024, 11:58 AM IST

জোনাই :অসমৰ মাটি যে সাৰুৱা, সেয়া হয়তো কাকো দুনাই কোৱাৰ প্ৰয়োজন নাই ৷ এই সাৰুৱা মাটিত চহা খেতিয়কৰ হাতৰ পৰশত যি খেতিয়ে কৰা যায়, সকলো খেতিয়ে লহপহকৈ বাঢ়ি আহে ৷ এই সাৰুৱা মাটিত খেতি কৰিও নিজৰ লগতে আন দহজনৰ বাবেও যে স্বাৱলম্বিতাৰ বাট মুকলি কৰিব পাৰি তাৰেই প্ৰমাণ দেখুৱাইছে জোনাইৰ বানে ধোঁৱাটাৰী বস্তিৰ বগীনদীৰ এজন চহা কৃষকে ৷

বগীনদীৰ এটা বৃহত্তৰ অঞ্চল হালধীয়া হৈ পৰিছে ৷ যেনিয়ে চকু গৈছে, তেনিয়েই কেৱল সৰিয়হৰ হালধীয়া ফুল ৷ এক অপূৰ্ব, দৃষ্টিনন্দন পৰিৱেশ ৷ যেন প্ৰকৃতিয়ে এখন দলিচাহে পাৰি দিছে এই ধৰণীত । চিয়াং নদীৰ প্ৰান্তলৈ অহা প্ৰতিজন পৰ্যটক তথা বনভোজকাৰী দলক হালধীয়া ৰঙৰ সৰিয়হৰ অভূতপূৰ্ব এই নান্দনিক দৃশ্যই এতিয়া মন্ত্ৰমুগ্ধ কৰি তুলিছে ।

হালধীয়া সৰিয়হৰ হাঁহি (ETV Bharat Assam)

কেৱল পৰ্যটক তথা বনভোজকাৰীৰ বাবেই যে সেয়া তেনে নহয়; প্ৰাপ্তিৰ হাঁহি বিৰিঙিছে চহা কৃষকসকলৰ মুখতো । বাৰিষা কালত ধান খেতি কৰিব নোৱাৰিলেও খৰালিৰ সৰিয়হডৰাই খেতিয়কৰ মনত এক আনন্দৰ লহৰ তুলিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :মাজুলীত প্ৰাক্তন আলফা কেডাৰৰ কৃষি বিপ্লৱ

লগতে পঢ়ক :কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ বাট বুলিছে এগৰাকী উদ্যমী মহিলাই

জোনাইৰ এজন চহা খেতিয়ক ৷ নাম ধনাকান্ত বৰ্মন ৷ সহজ-সৰল মনৰ অধিকাৰী ধনাকান্তই চৰকাৰী সুবিধা বা আঁচনিৰ বাবে বাট নাচাই নিজৰ গাঠিৰ ধন ভাঙি কৰি গৈছে খেতি ৷ কেৱল সৰিয়হেই নহয়, ধনাকান্ত বৰ্মনে কৰিছে আলু, মটৰ, লাই, মূলা, বন্ধাকবি আদিৰ খেতিও ৷ বিভিন্ন ৰবি শস্যৰে এতিয়া নদন-বদন হৈ পৰিছে ধনাকান্তৰ খেতি পথাৰ ৷ কেৱল নিজেই নহয়, আন কেবাজনো লোকক তেওঁ সংস্থাপনৰ বাট মুকলি কৰি দিছে ৷

সাংবাদিকে ধনাকান্ত বৰ্মনক চৰকাৰী আঁচনি বা সুবিধাসমূহ লাভ কৰিছে নে নাই এই সন্দৰ্ভত প্ৰশ্ন কৰাত বৰ্মনে ক'লে, ‘‘পুৱাই খেতিডৰালৈ আহো, ইয়াতে থাকো দিনটো, ইয়াতেই খাওঁ ৷ চৰকাৰী অফিচলৈ যাবলৈ সময় লাগে, সেয়ে যোৱাই নাই ৷ গাঁৱৰ মানুহে কয়- চৰকাৰী সুবিধা লোৱাৰ কথা, কিন্তু মানুহো চিনি নাপাও ৷ কোনোবা যদি চৰকাৰী মানুহ নিজে আহে, তেতিয়া আৰু বেলেগ কথা ৷’’

লগতে পঢ়ক :যিফালেই চকু যায় সেই ফালেই কেৱল শইচে নদন-বদন হৈছে চিয়াঙৰ পাৰ

লগতে পঢ়ক :স্বাস্থ্যৰ বাবে উপকাৰী সৰিয়হৰ তেল আমেৰিকাত কিয় নিষিদ্ধ ? - Mustard Oil

ABOUT THE AUTHOR

...view details