অসম

assam

ETV Bharat / state

নতুন নেতৃত্বৰে নিৰ্বাচন পৰিচালনাৰ প্ৰস্তুতি বিজেপিৰ: সভাপতিৰ চৰ্চাত কাৰ কাৰ নাম ? - BJP NEW STATE PRESIDENT

বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ শাসকীয় দল । নতুন ৰাজ্যিক সভাপতি নিযুক্তিৰ কুচকাৱাজ আৰম্ভ ।

bjp new state presiden
নতুন নেতৃত্বৰে নিৰ্বাচন পৰিচালনাৰ প্ৰস্তুতি বিজেপিৰ: সভাপতিৰ চৰ্চাত কাৰ কাৰ নাম ? (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 16, 2024, 9:05 PM IST

Updated : Nov 16, 2024, 9:33 PM IST

গুৱাহাটী:২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়ে । নতুন নেতৃত্বৰে বিধানসভাৰ নিৰ্বাচন পৰিচালনা কৰাৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে বিজেপিয়ে । কোন হ'ব বিজেপিৰ নতুন ৰাজ্যিক সভাপতি, তাক লৈ এতিয়া বিজেপিৰ অভ্যন্তৰত আৰম্ভ হৈছে ব্যাপক জল্পনা-কল্পনা । লক্ষণীয় বিষয় যে চলিত বৰ্ষৰ শেষত নাইবা নতুন বছৰৰ আৰম্ভনিতে ৰাজ্যিক বিজেপিৰ নতুন সভাপতি নিযুক্তিৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ।

আগন্তুক বৰ্ষৰ জানুৱাৰীৰ পূৰ্বেই বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ লগতে অসমকে ধৰি বৰ্তমান বিধানসভা নিৰ্বাচন চলি নথকা দেশৰ সকলো ৰাজ্যৰে ৰাজ্যিক সমিতি পুনৰ গঠন কৰাৰ প্ৰক্ৰিয়া চলিছে গেৰুৱা দলটোত । নৱবৰ্ষৰ আগে আগে বিজেপিৰ কেন্দ্ৰীয় সভাপতিৰ লগতে অসম ৰাজ্যিক বিজেপিৰ সভাপতিও নিযুক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । নতুন ৰাজ্যিক সভাপতিৰ নেতৃত্বত ২০২৫ চনৰ জানুৱাৰীৰ ভিতৰত গঠন কৰিবলগীয়া বিজেপিৰ নতুন ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিখনে পোন্ধৰ মাহ পিছত ২০২৬ চনৰ এপ্ৰিল-মে'ত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনত বিজেপিক নেতৃত্ব দিব ।

অৱশ্যে বিজেপিৰ নতুন ৰাজ্যিক সভাপতি কেন্দ্ৰীয় নেতৃত্বই মনোনীত কৰিব নে নতুন ৰাজ্যিক সভাপতিৰ বাবে দলীয় নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ কোনো ৰূপৰেখা বৰ্তমানলৈকে চূড়ান্ত হোৱা নাই । ২২ নৱেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় বিজেপিয়ে এক ৰাষ্ট্ৰীয় সাংগঠনিক কৰ্মশালাৰ প্ৰস্তুতি চলাইছে । এই ৰাষ্ট্ৰীয় কৰ্মশালাতে বিজেপিৰ মণ্ডল, জিলা সমিতিৰ লগতে নতুন ৰাজ্যিক সমিতি গঠনৰ ৰূপৰেখা চূড়ান্ত হ'ব আৰু সেই অনুসৰি অহা ১ ডিচেম্বৰৰ পৰা অসমত বিজেপিৰ ৪৩৪ খন মণ্ডল সমিতি, ৩৯ খন সাংগঠনিক জিলা সমিতি পুনর্গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব ।

ইয়াৰ পিছতে বিজেপিৰ নতুন ৰাজ্যিক সভাপতি মনোনীত বা নিৰ্বাচিত হ'ব আৰু নতুন সভাপতিজনেই ২০২৬ চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্ণাংগ ৰাজ্যিক সমিতিখন গঠন কৰিব । ৰাজ্যত বিজেপিৰ প্ৰায় ২৮ হাজাৰ বুথ আছে । অসমত বিজেপিয়ে এই বুথ সমিতি সমূহৰ পুনর্গঠন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ ব্যৱস্থা কৰিছে । ৩০ নৱেম্বৰৰ ভিতৰত ৰাজ্যত ২৮ হেজাৰ বুথ সমিতি গঠন কৰাৰ পিছত ২২ নৱেম্বৰত দিল্লীত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ ৰাষ্ট্ৰীয় কৰ্মশালাই মণ্ডল, জিলা আৰু ৰাজ্যিক সমিতি গঠনৰ ৰূপৰেখা প্ৰস্তুত কৰি দিলে ১ ডিচেম্বৰৰ পৰা মণ্ডল, জিলা আৰু ৰাজ্যিক সমিতি গঠনৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব ৰাজ্যিক বিজেপিয়ে ।

লগতে পঢ়ক:দলৰ মজিয়াত ন-পুৰণি ধাৰণাৰ সৃষ্টি হ’ব নালাগে; অসমত বিজেপি উত্থানৰ ইতিহাস সুঁৱৰি দুখ প্ৰকাশ জয়ন্ত দাসৰ

ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ মিছনৰঞ্জন দাসক ৰাজ্যিক ৰিটাৰ্নিং বিষয়াৰ দায়িত্ব অর্পণ কৰাৰ লগতে বিজেপিয়ে ৩৯ খন সাংগঠনিক জিলাতে এজনকৈ জিলা ৰিটাৰ্নিং বিষয়া নিযুক্ত কৰিছে । এই ৰিটাৰ্নিং বিষয়াসকলেই বিজেপিৰ সাংগঠনিক পুনর্গঠনৰ প্ৰক্ৰিয়া আগবঢ়াই নিছে । ইফালে ছেপ্টেম্বৰৰ পৰা বিজেপিয়ে ৰাজ্যত আৰম্ভ কৰা সদস্যভৰ্তি অভিযান ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে ।

বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা প্ৰাক্তন সাংসদ পল্লৱলোচন দাসক সদস্যভৰ্তি অভিযান প্ৰমুখৰ দায়িত্ব দিয়া হৈছিল । পল্লৱলোচন দাসৰ নেতৃত্বতে ৰাজ্যত ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা সদস্যভৰ্তি অভিযানে এইবাৰ অসমত ৬২ লাখ লোকে বিজেপিৰ সদস্যপদ গ্ৰহণ কৰিছে ।

নতুন সভাপতিৰ বাবে কেইবাজনৰো নাম চৰ্চাত :

পল্লৱলোচন দাস, ৰণজিৎ দাস, ৰামেশ্বৰ তেলী, তপন গগৈ নে জয়ন্ত দাস ! কাৰ কান্ধত পৰিব গুৰু দায়িত্ব ? (ETV Bharat Assam)

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ডিচেম্বৰতে বিজেপিৰ নতুন ৰাজ্যিক সভাপতি মনোনীত বা নিৰ্বাচিত কৰাৰ বাবে কেন্দ্ৰীয় নেতৃত্বই সাংগঠনিক প্ৰস্তুতি চলাই থকাৰ সময়ত স্বাভাৱিকতে পৰৱৰ্তী ৰাজ্যিক সভাপতি কোন হ'ব তাক লৈ দলটোত ব্যাপক চৰ্চা আৰম্ভ হৈছে । এইক্ষেত্ৰত কেইবাজনো জ্যেষ্ঠ নেতাৰ নাম ইতিমধ্যে চৰ্চালৈ আহিছে । চৰ্চাত থকাসকলৰ ভিতৰত আছে বৰ্তমানৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা প্ৰাক্তন সাংসদ পল্লৱলোচন দাস, প্ৰাক্তন ৰাজ্যিক সভাপতি তথা বৰ্তমানৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যিক উপ-সভাপতি জয়ন্ত কুমাৰ দাস আদিৰ নাম ।

২০২৪ চনৰ লোকসভা নিৰ্বাচনত শোণিতপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ পৰা বিৰত থকা পল্লৱলোচন দাসক শেহতীয়াকৈ অনুষ্ঠিত বিহালী উপ-নিৰ্বাচনতো বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে তেওঁক সম্পূৰ্ণৰূপে নিয়োজিত কৰি ৰাখিছে দলৰ সাংগঠনিক বিস্তাৰ কাৰ্যসূচীত । পূৰ্বতে বিহালী আৰু ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়কৰূপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী আৰু শোণিতপুৰৰ সাংসদৰূপেও কাৰ্যনিৰ্বাহ কৰা পল্লৱলোচন দাসৰ নাম পৰৱৰ্তী সভাপতিৰ দৌৰত আগবাঢ়ি থকা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:মণিপুৰ আকৌ জ্বলিছে: ইজনৰ পিছত সিজন বিধায়কৰ ঘৰত আক্ৰমণ

এই সন্দৰ্ভত পল্লৱলোচন দাসক যোগাযোগ কৰাত তেওঁ কয় - "দলে আমাক যি দায়িত্ব দিয়ে আমি সেই দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰো । বিজেপিত আমি সকলোৱে এটা পৰিয়ালৰ হিচাপে কাম কৰো । ভৱেশ কলিতাই বর্তমান দক্ষতাৰে সভাপতিৰ দায়িত্ব পালন কৰি আছে । বিজেপিত আমি এক পৰিয়ালৰ ধাৰণাৰে ভাই-ককাইৰ দৰে কাম কৰো । তাৰ মাজতো নেতৃত্বই যি দায়িত্বই দিয়ে সেয়াই নিষ্ঠাৰে পালন কৰাৰ বাবে মই প্ৰতিশ্ৰুতিবদ্ধ ।"

আনহাতে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ, বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা বৰ্তমানৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ নামটোও সভাপতি দৌৰত চৰ্চিত হৈ আছে । ৰণজিৎ কুমাৰ দাস সভাপতি হৈ থকাৰ সময়তে অসমত বিজেপিৰ সদস্য সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল । তেনেক্ষেত্ৰত এতিয়া পৰৱৰ্তী ৰাজ্যিক সভাপতিৰ বাবে মন্ত্ৰী দাসৰ নামো চৰ্চাত আছে । ইফালে ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা ৰামেশ্বৰ তেলীৰ নামটোও বিশেষভাৱে চৰ্চাত আছে ।

বৰ্তমান ৰাজ্যসভাৰ সাংসদৰূপে কাৰ্যনিৰ্বাহ কৰি থকা তেলীৰ ৰাজ্যসভাৰ কাৰ্যকাল উকলিব ২০২৬ চনৰ ৯ এপ্ৰিলত । আনহাতে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হাতত ডেৰ লাখ ভোটত পৰাজিত হোৱা প্ৰাক্তন সাংসদ, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তপন কুমাৰ গগৈয়ো ৰাজ্যিক সভাপতিৰ দৌৰত থকা বুলি চৰ্চা হৈছে ।

ইফালে বিজেপিৰ পুৰণি নেতা তথা বৰ্তমানৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত কুমাৰ দাসেও এইবাৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লাভৰ বাবে ইচ্ছা প্ৰকাশ কৰা বুলি চৰ্চা চলিছে । অৱশ্যে পৰৱৰ্তী ৰাজ্যিক সভাপতি কোন হ'ব সেয়া নিৰ্ভৰ কৰিছে ২২ নৱেম্বৰত দিল্লীত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ ৰাষ্ট্ৰীয় কৰ্মশালাৰ ওপৰত ।

লগতে পঢ়ক:দিল্লীত উত্তৰ-পূব মহোৎসৱৰ দ্বাদশ সংস্কৰণ আৰম্ভ

Last Updated : Nov 16, 2024, 9:33 PM IST

ABOUT THE AUTHOR

...view details