মহাশিৱৰাত্ৰিৰ নিশা শিৱলিংগত পূজা কৰিবলৈ প্ৰতিবছৰে ইয়াত লাখ লাখ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে । পাহাৰৰ প্ৰায় ১০ কিলোমিটাৰ পথ খোজকাঢ়ি ওপৰত গৈ দেৱাদিদেৱৰ পূজা-অৰ্চনা কৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে । ইয়াকে কেন্দ্ৰ কৰি ভুৱন তীৰ্থস্থলীত আয়োজন কৰা হয় এক বিশাল মেলাৰ ৷ তিনিদিন ধৰি চলে এই মেলা ৷
দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যাত্ৰীসকলৰ যাতে কোনো অসুবিধা নহয় তাৰবাবে সকলো ব্যৱস্থা কৰিছে কাছাৰ জিলা প্ৰশাসনে । কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই দেওবাৰে ভুৱন পাহাৰত উপস্থিত হৈ নিৰাপত্তাৰ দিশ চোৱাচিতা কৰে । ভুৱন পাহাৰত খোজকাঢ়িয়ে লৈছে পৰিস্থিতিৰ বুজ । শিৱৰাত্ৰি উপলক্ষে আয়োজন কৰা এই ভুৱন মেলাত যাতে কোনো অপ্রীতিকৰ ঘটনা সংঘটিত নহয় তাৰবাবে আৰক্ষীসহ অৰ্ধসামৰিক জোৱানৰ বিশাল বাহিনী নিয়োগ কৰা হৈছে ৷ সমগ্ৰ ভুৱন পাহাৰত চলিব আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ টহল । মেলাখন সুচাৰুৰূপে সম্পন্ন কৰিবলৈ নিয়োগ কৰা হৈছে প্ৰায় ৫০০ জন স্বেচ্ছাসেৱক ৷
কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই এই নিৰাপত্তা সন্দৰ্ভত কয়, "মহাশিৱৰাত্ৰি উপলক্ষে প্ৰতি বছৰে ৬-৭ লাখ ভক্তৰ ইয়াত সমাগম ঘটে । ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহে । এইবাৰো অহা ২৫, ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি উদযাপন কৰা হ'ব । ভক্তপ্ৰাণ ৰাইজৰ নিৰাপত্তাৰ দিশ চোৱা-চিতা কৰিবলৈ আমি এটা শিবিৰ স্থাপন কৰিছো । ২৪ ঘন্টাই যাতে আমি তেওঁলোকক নিৰাপত্তা দিব পাৰো তাৰ বাবে ব্য়ৱস্থা কৰা হৈছে ।"