তিনিচুকীয়া :তিনিচুকীয়াৰ লেখক বৈদুৰ্য্য বৰুৱাৰ বিস্ময়ৰ জনপ্ৰিয় চৰিত্ৰৰ চেণ্টু দা আৰু নাই ৷ তিনিচুকীয়াৰ সকলোৰে পৰিচিত সহজ, সৰল মনৰ গৰাকী চেণ্টু দাৰ প্ৰায় ৮৫ বছৰ বয়সত বৃহস্পতিবাৰে সন্ধিয়া দেহাৱসান ঘটে ।
চেণ্টু দা দীৰ্ঘদিনৰ পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল । শেহতীয়াকৈ কিছুদিনৰ পৰা তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল চেণ্টু দা । কিন্তু বৃহস্পতিবাৰে সন্ধিয়া চেণ্টু দাৰ দেহাৱসান ঘটাৰ কথাটো বিয়পি পৰাৰ পাছতে চৌদিশে এক শোকৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় ।
জনপ্ৰিয় চৰিত্ৰ চেণ্টু দা আৰু নাই (ETV Bharat Assam) বিভিন্নজনে চেণ্টু দাৰ বিদায়ী পৰত তেওঁৰ কাষত গৈ থিয় দিয়াৰ লগতে বহুতে সামাজিক মাধ্যমত চেণ্টু দাৰ আত্মাৰ সদগতি কামনা কৰে ৷ লগতে ৰোমন্থন কৰে চেণ্টু দাৰ সৈতে থকা মধুৰ স্মৃতিসমূহ ।
আচলতে চেণ্টু দা প্ৰকৃততে ডিব্ৰুগড়ৰ জিলাৰ যদিও বহু বছৰ পূৰ্বে বাণিজ্যিক চহৰ তিনিচুকীয়ালৈ আহে । বাণিজ্যিক চহৰ তিনিচুকীয়াত আহি চহৰখনৰ লোকপ্ৰিয় গোপিনাথ বৰদলৈ (GNB) পথত এখন চাহ, লুচিৰ হোটেল খোলে । সহজ, সৰল মনৰ গৰাকী হোৱা হেতুকে চেণ্টু দাৰ হোটেলখনে সকলোকে আকৰ্ষণ কৰে ।
তিনিচুকীয়াৰ বহু গণ্য মান্য, প্ৰভাৱশালী ব্যক্তিয়ে জুতি লৈছে চেণ্টু দাই বনাই দিয়া লুচি, তৰকাৰী । সমান্তৰালভাৱে একাংশ পৰিচিত ব্যক্তিৰ, শৈক্ষিক মহ’লৰ আদ্দাৰ স্থান আছিল চেণ্টু দাৰ হোটেল ।
বৈদুৰ্য বৰুৱাৰ বিস্ময়ৰ জনপ্ৰিয় চৰিত্ৰৰ চেণ্টু দা আৰু নাই (ETV Bharat Assam) তিনিচুকীয়াৰ লেখক বৈদুৰ্য্য বৰুৱাই চেণ্টু দাক অন্য এক ৰূপেৰে পৰিচয় দিয়াৰ পাছত বহুতে আহিছিল চেণ্টু দাক লগ কৰিবলৈ, এবাৰ চাবলৈ । বৃহস্পতিবাৰে সন্ধিয়া চেণ্টু দাৰ দেহাৱসান ঘটাৰ খবৰটো পাই শোকত ম্ৰিয়মান হৈ পৰে লেখক বৈদুৰ্য্য বৰুৱা । বৰুৱাই কয়, ‘‘চেণ্টু দাৰ লগত বিভিন্ন কথা আলোচনা কৰো যদিও তেওঁ মোৰ দেউতাৰ নিচিনা আছিল ।’’
‘‘এসময়ত চেণ্টু দাৰ হোটেলতে আদ্দা মৰাৰ লগতে কৰিছিলো লিখামেলা । তেনে সময়তে বিস্ময়ত এক চৰিত্ৰত চেণ্টু দাৰ নামেৰে এক চৰিত্ৰ লিখি উলিওৱাত সকলোৱে আদৰি লয় আৰু চেণ্টু দা অন্য এক ৰূপত পৰিচিত হৈ পৰে । মই জীয়াই থকালৈকে চেণ্টু দাকো জীয়াই ৰাখিম । হয়টো কিছুদিন লিখিবলৈ হাত কোচ খাই যাব পাৰে ৷ কিন্তু মই জীয়াই ৰাখিম ।’’ বৈদুৰ্য্য বৰুৱাই কয় ৷
সমান্তৰালভাৱে, তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সঞ্চালক ডাঃ মৃদুল গগৈয়েও চেণ্টু দাৰ সৈতে কটোৱা মধুৰ স্মৃতিসমূহ ৰোমন্থন কৰে আৰু তেখেতৰ আত্মাৰ সদগতি কামনা কৰে ।