আমগুৰি, ৩ ছেপ্টেম্বৰ : জলসিঞ্চন বিভাগে ৰাজ্য়ত উপযুক্তভাৱে খেতিপথাৰত পানীৰ যোগান ধৰা বুলি দাবী কৰি আহিলেও এতিয়াও এই সুবিধাৰ পৰা বঞ্চিত হাজাৰ হাজাৰ কৃষক । আজিও পানীৰ অভাৱত বহু ঠাইত কৃষকে কৰিব পৰা নাই খেতি । আনহাতে, বানৰ পিচত যিবোৰ ঠাইত কৃষকে কঁপালৰ ঘাম মাটিত পেলাই খেতি কৰিছিল সেইবোৰৰ প্ৰায়ভাগতেই পথাৰত শুকাইছে পানী । বৰষুণৰ অভাৱত শিৱসাগৰ জিলাৰ আমগুৰি অঞ্চলৰ কৃষকৰ শালিতলীলৈ আহিছে অশনি সংকেত ৷
ভদীয়া পথাৰত চিৰাল ফাঁট দিয়াত আমগুৰিত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । সেয়েহে জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি এজন কৃষকে কয়, "প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে কৃষকে । কৃষি বিভাগৰ নাই বৈজ্ঞানিক দৃষ্টিভংগী । সেয়েহে হতাশাগ্ৰস্ত হৈ পৰিছে চহা কৃষক । পৰ্যাপ্ত বৰষুণৰ অভাৱত কৃষকৰ কষ্টোপাৰ্জিত কৃষিভূমিত চিৰালফাঁট দিয়াত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।"
আমগুৰি মহকুমা কৃষি বিভাগৰ অন্তৰ্গত দিকচু পথাৰ, মাহমৰা পথাৰ, খেমদৈ পথাৰ,ভূঞাহাট, সাউদ গাঁও, হাতীমূৰীয়া, ঘৰফলীয়া, চামগুৰি, জকাইচুক পথাৰকে ধৰি বহু কৃষিভূমিত পানী নথকাত চিৰালফাঁট দিছে । শালি ধানৰ খেতি গেঁৰ ধৰা সময়তে পৰ্যাপ্ত বৰষুণৰ অভাৱত চিৰালফাঁট দিয়াত গ্ৰামাঞ্চলৰ চহা কৃষকে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।
- জলসিঞ্চন বিভাগৰ অৱহেলা :