অসম

assam

ETV Bharat / state

সম্পৰ্কত মনোমালিন্য নে ডাবল মাৰ্ডাৰ - কিহৰ বলি হ’ল 19 বছৰীয়া কৃষ্ণা? - Deadbody recovered in Mangaldoi

Darrang SP press meet: ৰহস্যঘন কৃষ্ণামণি ডেকাৰ মৃত্যু সন্দৰ্ভত দৰং আৰক্ষী অধীক্ষকৰ সংবাদমেল ৷ ঘটনাৰ সৈতে জড়িত বহু তথ্য লাভ কৰিছে বুলি জনায় আৰক্ষী বিষয়াগৰাকীয়ে ৷ সংবাদমেল সম্বোধন কৰি কি ক’লে জিলাখনৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালে ৷

Police suspect boyfriend killed his girlfriend Krishnamani Deka Darrang SP said in press meet
শীঘ্ৰেই ফাদিল হ’বকৃষ্ণামণি ডেকাৰ মৃত্যুৰ ৰহস্য (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 7:34 AM IST

Updated : Jul 31, 2024, 9:20 AM IST

মঙলদৈ, ৩১ জুলাই:অৱশেষত পোহৰলৈ আহিল ৰহস্যঘন কৃষ্ণামণি ডেকাৰ মৃত্যুৰ ৰহস্য । আৰক্ষীয়ে চলোৱা প্ৰাথমিক তদন্তত কৃষ্ণামণি ডেকা সমগ্ৰ ঘটনাৰ সৈতে জড়িত বুলি মঙলবাৰে এক সংবাদমেলযোগে জনায় দৰঙৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালে ৷ মৃত প্ৰেমিক চিণ্টুমণি নাথেই কৃষ্ণামণি ডেকাক হত্যা কৰা বুলি আৰক্ষীয়ে তথ্য প্ৰমাণ লাভ কৰিছে বুলিও জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে । ৰহস্যঘন দুটাকৈ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে আৰক্ষীয়ে থানালৈ সোধ-পোছৰ বাবে মাতি আনিছিল মৃত কৃষ্ণামণি ডেকাৰ আন এগৰাকী যুৱ বন্ধুক । ইয়াৰ পাচতে আৰক্ষী নিশ্চিত হয় দোষী সন্দৰ্ভত ৷ দৰং আৰক্ষীয়ে তদন্ত সম্পূৰ্ণ কৰাৰ পিছতে ওলাই পৰিল কৃষ্ণামণি হত্যাৰ ঘটনাৰ ৰহস্য ।

আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ সংবাদমেল (ETV Bharat Assam)

ঘাতক প্ৰেমিক

আত্মহত্যা কৰা প্ৰেমিক চিন্টুমণি নাথেই কৃষ্ণামণিক হত্যা কৰিছিল বুলি সন্দেহ প্ৰকাশ আৰক্ষীৰ । দৰং আৰক্ষীৰ তদন্তৰ পিছত পোহৰলৈ আহিছে এই কথা । চিণ্টুমণি নাথে মঙলদৈৰ নিকতৱৰ্তী পকাবাঙিপাৰাত থকা তেওঁৰ বায়েকৰ ঘৰলৈ কৃষ্ণামণি ডেকাক লৈ আহি হত্যা কৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ।

সংঘাতপূৰ্ণ প্ৰেমৰ সম্পৰ্ক

প্ৰেমৰ সম্পৰ্কত সংঘাতে দেখা দিছিল চিন্টু আৰু কৃষ্ণাৰ মাজত । আৰক্ষীয়ে জনোৱা অনুসৰি কৃষ্ণাৰ কৰ্মকাণ্ডক লৈ বহুদিনৰ পৰা অসন্তুষ্ট হৈছিল চিন্টু ৷ দৰঙৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা তদন্তকাৰী দলটোৱে চিন্টুমণি নাথ আৰু কৃষ্ণামণি ডেকাৰ ফোনৰ ৰেকৰ্ডিং আৰু আন এগৰাকী যুৱকৰ ফোনৰ ৰেকৰ্ডিঙৰ ওপৰত ভিত্তি কৰি ঘটনাৰ ৰহস্যভেদ কৰিবলৈ সক্ষম হৈছে বুলি জনায় ।

আত্মহত্যা কৰাৰ পূৰ্বে চিন্টুৱে এটি নম্বৰলৈ ভইচ মেচেজ প্ৰেৰণ কৰে বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালে । চিন্টুৱে উক্ত ভইচ মেচেজত কৃষ্ণাৰ সৈতে কিহৰ কাৰণে সম্পৰ্ক বেয়া হৈছে উল্লেখ কৰাৰ লগতে এমাহৰ পৰা চিন্টু মানসিকভাবে অস্থিৰ হৈ আছিল তথা ভাত-পানী খাব পৰা নাই বুলি উল্লেখ কৰে ৷ মানসিক অশান্তি দূৰ কৰিবৰ বাবে মদ্যপানৰ সহায় লৈছিল । লগতে সম্পৰ্কটো বেয়া হোৱাৰ বাবেও আক্ষেপ প্ৰকাশ কৰিছিল ৷ ইয়াৰ লগতে কৃষ্ণাই প্ৰতৰণা কৰাৰ কথাও উল্লেখ আছে ভইচ মেচেজটোত ।

হত্যাকাণ্ডৰ সময়

শাওন মাহ উপলক্ষে সোমবাৰে ছিপাঝাৰৰ নাৰিকলি মন্দিৰত সেৱা ল’বলৈ গৈছিল চিন্টু আৰু কৃষ্ণাই । তাৰ পৰা বিয়লি সমীপৰ পকাবাঙিপাৰাত থকা বায়েকৰ ঘৰলৈ কৃষ্ণামণিক লৈ যায় চিন্টুয়ে আৰু তাতেই নিশা হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ এই সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে তদন্ত চলাই আছে বুলি জনায় দৰঙৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালে ।

উল্লেখযোগ্য যে চিন্টুমণি নাথে কৃষ্ণাক হত্যা কৰা বুলি সন্দেহ কৰা স্থানত নাৰিকলি মন্দিৰৰ প্ৰসাদ পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰাৰ উপৰিও কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে । ইয়াৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

ইফালে হত্যাকাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হোৱা চিন্টুৱে মঙলবাৰে সোণাপুৰৰ নিজ গৃহৰ সমীপত আত্মহত্যা কৰে ।

লগতে পঢ়ক:কৃষ্ণামণি ডেকা হত্যাকাণ্ডত নাম সাঙোৰ খোৱাৰ পিচতে আত্মহত্যা ছিপাঝাৰৰ যুৱকৰ - Boyfriend commits suicide

মঙলদৈৰ বৰ আঠিয়াবাৰী গাঁৱত যুৱতীৰ মৃতদেহ উদ্ধাৰ - Deadbody recovered in Mangaldoi

Last Updated : Jul 31, 2024, 9:20 AM IST

ABOUT THE AUTHOR

...view details