মৰাণ: ৩১ ডিচেম্বৰ আৰু নৱবৰ্ষৰ আনন্দত আত্মহাৰা হৈ দ্ৰুতগতিত গাড়ী, দুচকীয়া বাহন চলাই যোৱাৰ সময়ত সংঘটিত পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে যান-বাহন আইন উলংঘাকাৰী আৰু সুৰাপায়ী চালকৰ বিৰুদ্ধে বিগত দুদিন ধৰি চলিল আৰক্ষীৰ অভিযান ।
ইয়াৰ পিছতো উদণ্ড চালকৰ অতপালি নকমিল । এইবাৰ "থাৰ্টী ফাৰ্ষ্ট"ৰ আনন্দত সুৰাসক্ত যুৱকৰ আক্ৰমণত আহত হ'ল ডিব্ৰুগড়ৰ বামুনবাৰী আৰক্ষী চকীৰ লেন্স নায়ক ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশত আৰক্ষীয়ে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলাইছে । তেনে সময়তে ডিব্ৰুগড়ৰ বামুনবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বামুনবাৰী তিনিআলিত সংঘটিত হৈছে আৰক্ষীক প্ৰহাৰৰ ঘটনা । কৰ্তব্যৰত আৰক্ষী বিষয়াক আক্ৰমণ কৰিলে সুৰাসক্ত যুৱকে । বামুনবাৰী তিনিআলিত সুৰাসক্ত যুৱকৰ আক্ৰমণত আহত হ'ল বামুনবাৰী আৰক্ষী চকীৰ লেন্স নায়ক ।
বামুনবাৰী আৰক্ষী চকীৰ লেন্স নায়ক হাবিবুৰ ৰহমানক ৰাজহুৱা স্থানত উপৰ্যুপৰি আক্ৰমণ কৰিলে জিতেন্দ্ৰ গগৈ নামৰ যুৱকজনে । ঘটনা অনুসৰি অভিযুক্ত যুৱকজনে নিজৰ বাহন পথৰ ওপৰত ৰখাই থোৱাত বাধা দিছিল আৰক্ষী বিষয়াগৰাকীয়ে । তাতে ক্ষুব্ধ হৈ আৰক্ষীক ৰাজহুৱা স্থানতেই গালি-গালাজ কৰে । ফলত আৰক্ষীয়ে যুৱকজনক পৰীক্ষা কৰাত সুৰা সেৱন কৰাটো নিশ্চিত হয় ।