যোৰহাট:বিতৰ্কই যেন লগ নেৰা হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালক ! কেতিয়াবা যদি ৰোগীক উপযুক্ত চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ, আন কেতিয়াবা আকৌ ৰোগী আৰু অভিভাৱকৰ সুৰক্ষাক লৈ উত্থাপিত হৈছে প্ৰশ্ন । শেহতীয়াভাৱে এই চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা অভিভাৱকবিহীন ৰোগীক উলিয়াই দিয়াৰ অভিযোগ উত্থাপিত হৈছে । এই কাৰ্যত ক্ষুণ্ণ হৈ পৰিছে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্য়োতি কুৰ্মী ।
অভিভাৱকহীন ৰোগীক চিকিৎসালয়ৰ পৰা উলিয়াই দিয়াৰ অভিযোগ উত্থাপিত হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিৰুদ্ধে । ইয়াৰ পিছতেই উক্ত ঘটনাৰ তদন্তৰ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা কি পৰিস্থিতিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুজন ৰোগীয়ে মৰিয়নী ৰে'লৱে জংচন পালেহি সেই সন্দৰ্ভত তদন্ত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে ।
এই সন্দৰ্ভত কি কয় অধীক্ষকে :
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা দুৰ্ঘটনাগ্ৰস্থ অভিভাৱকহীন দুজন ব্যক্তিক কিছুদিন পূৰ্বে নিশাৰ ভাগত টেম্প'ত তুলি নি মৰিয়নী ৰে'ল ষ্টেচনত এৰি থৈ যোৱা অভিযোগ উঠিছিল যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে । ফলত ভৰিত বেণ্ডেজ লৈ দুয়োজন অসহায় ব্যক্তিয়ে দুবিৰ্ষহ জীৱন কটাবলৈ বাধ্য হয় মৰিয়নী ৰে'লৱে জংচনত । যোৰহাটৰ কমল দত্ত আৰু বহিঃৰাজ্যৰ বলবন্দ চৌধুৰীক এনে অৱস্থালৈ থেলি দিয়াৰ অভিযোগ উঠিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে ।