মৰাণ, ১৭ জুন: উজনি অসমত বিশেষকৈ ডিব্ৰুগড় জিলাত কলেৰা আৰু ডায়েৰিয়াই ভয়ংকৰ ৰূপ লোৱাৰ সময়তেই এইবাৰ চৰাইদেউ জিলাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ । জিলাখনৰ লাকুৱাৰ চাৰিঙীয়া কোঁৱৰ গাঁৱত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ।
এই গাঁওখনৰ একেটা পৰিয়ালৰ এটি শিশু আৰু এগৰাকী মহিলা জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাত অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । লাকুৱাৰ চাৰিঙীয়া কোঁৱৰ গাঁৱৰ এগৰাকী মহিলা তীব্ৰ জ্বৰত আক্ৰান্ত হোৱাত মহিলাগৰাকীক পৰিয়ালৰ লোকে যোৱা ৭ জুনত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱায় ৷
তাৰ পাচত চিকিৎসকে তেওঁক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাটো নিশ্চিত কৰে । আক্ৰান্ত মহিলাগৰাকী সংকটজনক অৱস্থাত বৰ্তমানেও ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
ইফালে, মহিলাগৰাকীৰ পৰিয়ালৰ এটি শিশুও জ্বৰত আক্ৰান্ত হোৱাৰ পাচতে শিশুটো জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাটো নিশ্চিত কৰিছে চিকিৎসকে । বৰ্তমান শিশুটো ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয় চিকিৎসাধীন হৈ আছে ।