গুৱাহাটী: শীতকাল অহাৰ লগে লগে বজাৰ ভৰি পৰে কমলাৰে ৷ ৰ’দ পাই ৰঙা হোৱা কমলাৰ সোৱাদ ল’বলৈ সকলোৱেই ভালপায় ৷ অসমতেই এনে এখন ঠাই আছে, য’ত উৎপাদিত কমলাৰ সোৱাদ অনন্য বুলি বহুতেই কয় ৷ এই সোৱাদযুক্ত কমলা পায় কামৰূপ জিলাৰ সোণাপুৰত ৷ এই প্ৰতিবেদনত আপোনাক দিব খুজিছোঁ এটা ভাল খবৰ ৷ সোণাপুৰৰ কাষৰীয়া আম্প্ৰি ভেলীৰ নৈসৰ্গিক পৰিৱেশত অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে ‘‘অৰেঞ্জ ফেষ্টিভেল বা কমলা মহোৎসৱ’’ । একালত সোণাপুৰৰ বিশেষকৈ আম্প্ৰি ভেলীৰ কমলা ভাৰত বিখ্যাত আছিল ।
অঞ্চলটোত ইমানেই কমলা উৎপাদন হৈছিল যে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে অসম ভ্ৰমণকালত সোণাপুৰলৈ আহোতে অঞ্চলটোৰ কৃষকে কমলাৰে তোৰণ সাজি আৰু কমলা ভৰ্তি পাচি উপহাৰ দি প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাইছিল । সেই সময়ত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱেও সোণাপুৰৰ কমলাৰ স্বাদ অতুলনীয় বুলি শলাগ লৈছিল ।
এতিয়াও সোণাপুৰৰ বহু কৃষক কমলাৰ খেতিৰ সৈতে জড়িত ৷ কিন্তু সোণাপুৰৰ কমলাই এখন উপযুক্ত বজাৰ আৰু প্ৰচাৰ নোপোৱাৰ বাবে কমলা খেতিয়ে অঞ্চলটোৰ নতুন প্ৰজন্মৰ আকৰ্ষণ হেৰুৱাৰ উপক্ৰম হৈছে । সেয়ে সোণাপুৰৰ কমলাৰ পূৰ্বৰ ঐতিহ্য ঘূৰাই অনা, এখন বজাৰ সৃষ্টি কৰা আৰু অঞ্চলটোৰ নৱপ্ৰজন্মক কমলা খেতিৰ প্ৰতি পুনৰ আকৰ্ষিত কৰাৰ উদ্দেশ্যে অসম-মেঘালয় সীমাৰ আম্প্ৰি ভেলীৰ এগ্ৰ' ট্যুৰিজম এণ্ড ৰুৰেল কানেক্ট, FIG (Ampri valley Agrotourism and Rural - connect, FIG)ৰ উদ্যোগত স্থানীয় দণ্ডৰাল (Dondoral) গাঁৱত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে কমলা মহোৎসৱ । ৭ আৰু ৮ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে এই কমলা মহোৎসৱ অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে ।
উল্লেখযোগ্য যে, কমলা খেতিৰ সৈতে জড়িত আম্প্ৰি ভেলী এগ্ৰ' ট্যুৰিজম এণ্ড ৰুৰেল কানেক্ট, FIG এ সম্পূৰ্ণ নিজা উদ্যোগ আৰু শুভাকাংক্ষীৰ দান বৰঙণিৰে এই কমলা মহোৎসৱৰ আয়োজন কৰিছে । ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মেঘালয়ৰ কমলা খেতিয়কসকলে নিজা উৎপাদন আৰু স্থানীয় ফল-মূল, পাচলি, খাদ্য-সামগ্ৰী আৰু থলুৱা বস্ত্ৰ প্ৰদৰ্শন কৰিব । মহোৎসৱস্থলীত বিভিন্ন বিপনীত এই লোকসকলৰ সামগ্ৰীবোৰ প্ৰদৰ্শনৰ লগতে বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে ।
ৰাজ্যৰ লগতে দেশ বিদেশৰ পৰ্যটক, কমলা ব্যৱসায়ীৰ সমাগম হ’বলগীয়া এই মহোৎসৱৰ অন্যতম আকৰ্ষণ হৈছে ইয়ালৈ অহা লোকসকলে সামান্য এক মাচুল পৰিশোধ কৰি কমলা বাগিচালৈ গৈ তাত স্থানীয় কৃষকে লোভনীয়ভাৱে সজাই ৰখা বিবিধ কমলাৰ সোৱাদ মন ভৰি লোৱাৰ লগতে ফলেৰে জাতিষ্কাৰ হৈ থকা কমলা গছৰ তলত ফটো, ভিডিঅ' আদি ল'ব পাৰিব আৰু সেউজ পাহাৰৰ নৈসৰ্গিক শোভা উপভোগ কৰিব পাৰিব ।
কমলা মহোৎসৱ আয়োজনক লৈ আম্প্ৰি ভেলী এগ্ৰ' ট্যুৰিজম এণ্ড ৰুৰেল কানেক্ট, FIG ৰ সভাপতি কাতি ৰংহাঙে কয়, ‘‘কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত সোণাপুৰ, ৰাণীৰ লগতে মেঘালয়ৰ কমলা খেতিয়কসকলে ২০-৩০ খন ষ্টলত কমলা প্ৰদৰ্শন কৰাৰ লগতে বিক্ৰী কৰিব লগতে সাংস্কৃতিক অনুষ্ঠানো থাকিব ।’’