গুৱাহাটী : ডিব্ৰুগড়ৰ বিশেষ আদালতৰ পৰা অনুমতি লাভ কৰাৰ পাছতে চি বি আইৰ দলে শুকুৰবাৰে নিশা বিশাল ফুকন, চুমী, তাৰ্কিক, অম্লান, ৰঞ্জিত কাকতিক নিজৰ জিম্মাত লৈ আনিলে গুৱাহাটীলৈ । অৱশেষত চি বি আইৰ দলে ডিব্ৰুগড়ৰ পৰা পোনে পোনে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ আনিলে ট্ৰেডিং কেলেংকাৰীৰ আঠ অভিযুক্তক ।
এই আঠ অভিযুক্ত ক্ৰমে চুমী বৰা, তাৰ্কিক বৰা, বিশাল ফুকন, ৰঞ্জিত কাকতি, অম্লান বৰা, অভিজিৎ চন্দ, শোভনজ্যোতি কুৰ্মী আৰু চন্দন নাথ । আটাইকেইজনক নিশাটো কেন্দ্ৰীয় কাৰাগাৰতেই ৰখা হ'ব । কাইলৈৰ পৰা চি বি আয়ে জেৰা চলাব ট্ৰেডিং কেলেংকাৰীৰ আটাইকেইজন অভিযুক্তক । অহা 30 অক্টোবৰত চি বি আইৰ বিশেষ আদালতত বিশাল, চুমী, তাৰ্কিকক হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে ।
উল্লেখ্য যে অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ ইতিমধ্যে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে চি বি আয়ে । যোৱা ১৮ অক্টোবৰৰ পৰাই ডিব্ৰুগড়ত বাহৰ পাতি তদন্ত আৰম্ভ কৰিছিল চি বি আইৰ দলে । ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা বিশাল ফুকন আৰু ৰঞ্জিত কাকতিক ট্ৰেডিং সম্পৰ্কীয় দুই গোচৰৰ তদন্তৰ বাবে চি বি আয়ে ডিব্ৰুগড়ৰ বিশেষ আদালতত আবেদন কৰা পাছতে তদন্তৰ বাবে অনুমতি লাভ কৰে ।