অসম

assam

হেৰুওৱা ধন বিচাৰি থানাত ভুক্তভোগীৰ কান্দোন : প্ৰৱঞ্চক ৰঞ্জিৎ কাকতিক আদালতত হাজিৰ - Online Investment Scam

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 5:23 PM IST

Trading scam in Dibrugarh : হেৰুওৱা ধন বিচাৰি ডিব্ৰুগড় সদৰ থানাত ভুক্তভোগীৰ কান্দোন ৷ মহাপ্ৰৱঞ্চক ৰঞ্জিৎ কাকতিয়ে পতা জালত ভৰি দি সৰ্বস্বান্ত ভিন্নজন ৷ প্ৰৱঞ্চক কাকতিক বৃহস্পতিবাৰে হাজিৰ কৰোৱা হয় আদালতত ৷

Trading scam in Dibrugarh
হেৰুৱা ধন বিচাৰি আৰক্ষী থানাত ভুক্তভোগীৰ কান্দোন (ETV Bharat Assam)

ডিব্ৰুগড়, ৫ ছেপ্টেম্বৰ :অনলাইন ট্ৰেডিঙৰ নামত সংঘটিত প্ৰৱঞ্চনাৰ ঘটনাই ৰাজ্য জোকাৰি গৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়তো আটক হৈছে এজনৰ পিছত আন এজন অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকা ধন আত্মসাৎ কৰা মাষ্টাৰ মাইণ্ড ।

হেৰুওৱা ধন বিচাৰি আৰক্ষী থানাত ভুক্তভোগীৰ কান্দোন (ETV Bharat Assam)

২২ বছৰীয়া বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাকাণ্ডৰ মাজতে ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছিল Trading FX নামৰ প্ৰতিষ্ঠানটোৰ অসমৰ দায়িত্বত থকা ৰঞ্জিৎ কাকতিক । ডিব্ৰুগড়ৰ সদৰ আৰক্ষীয়ে অভিযান চলাই মঙলবাৰ নিশা ডিব্ৰুগড় চহৰৰ জীৱন ফুকন নগৰৰ পৰা ৰঞ্জিৎ কাকতি নামৰ প্ৰৱঞ্চকটোক গ্ৰেপ্তাৰ কৰিছিল ।

Trading FX নামৰ অনলাইন মানি ট্ৰেডিঙত ধন বিনিয়োগ কৰাৰ নামত বহুলোকৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ ৰঞ্জিৎ কাকতিৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰা পিছতে আৰক্ষীয়ে আটক কৰি সদৰ থানাত জেৰা চলাইছে । ডিব্ৰুগড় আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ৩১৬/৩১৮ সংলগ্ন ২১/২৩ Banning of unregulated deposit scheme actৰ জৰিয়তে গোচৰ ৰুজু কৰি জেৰা চলোৱাৰ অন্তত ৰঞ্জিৎ কাকতিক আদালতত হাজিৰ কৰোৱা হৈছে ।

ৰঞ্জিৎ কাকতিক আদালতলৈ লৈ যোৱা সময়ত ডিব্ৰুগড় সদৰ থানাৰ ভুক্তভোগীয়ে প্ৰাপ্য বিচাৰি ভিৰ কৰা পৰিলক্ষিত হয় । বহু ভুক্তভোগীয়ে সদৰ থানাৰ চৌহদতে কান্দি কান্দি কেনেকৈ প্ৰৱঞ্চনাৰ বলি হ'ল সেই কথা কয় সংবাদ মাধ্যমত । ৰঞ্জিৎ কাকতিক অধিক জেৰাৰ বাবে নিজৰ জিম্মাত ল'বলৈ আদালতৰ অনুমতি বিচাৰিব ডিব্ৰুগড় আৰক্ষীয়ে ।

আনহাতে ডিব্ৰুগড় আৰক্ষীৰ জালত আন এজন অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰা যুৱক গ্ৰেপ্তাৰ হৈছে বৃহস্পতিবাৰে । অভিজিৎ চন্দ নামৰ আন এজন যুৱকক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে । অভিজিৎ চন্দ ৰঞ্জিৎ কাকতিৰ Trading FX নামৰ অনলাইন মানি ট্ৰেডিং গ্ৰুপৰ সদস্য বুলি জানিব পৰা গৈছে যদিও আৰক্ষীয়ে এতিয়াও আনুষ্ঠানিকভাৱে একো তথ্য প্ৰকাশ কৰা নাই ৷

লগতে পঢ়ক :অনলাইন ট্ৰেডিং কেলেংকাৰীৰ জালত নপৰিবলৈ মুখ্যমন্ত্ৰীয়ে দিলে এই পৰামৰ্শ...

শিলচৰত চিটফাণ্ডকাণ্ডত তৃণমূল কংগ্ৰেছৰ নেতাসহ ধৃত ৭

প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত বিশাল ফুকনৰ সকলো সম্পত্তি জব্দ কৰাৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details