অসম

assam

অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা ! কেনেদৰে কোটিপতি হৈছিল বিশাল ফুকন ? - ONLINE TRADING SCAM

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 4:32 PM IST

Bishal Phukan: বয়স মাথোঁ ২২ বছৰ । এই বয়সত বহুতেই হয়তো নিজৰ পঢ়া টেবুলৰ পৰা মূৰ দাঙিবলৈ আহৰি নাপায় । কিন্তু এই বয়সতে তেওঁ কোটিপতি । এতিয়া প্ৰশ্ন উঠিছে, কেনেদৰে কোটিপতি হৈছিল অনলাইন ট্ৰেডিঙত প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত ডিব্ৰুগড়ৰ বিশাল ফুকন । অভিনেত্ৰী চুমী বৰাৰ ইয়াৰ সৈতে সংযোগ কি ? যাৰ বাবে চুমী বৰাৰ ডিব্ৰুগড়ৰ গৃহত আৰক্ষীয়ে অভিযান চলাইছে ।

Bishal Phukan Row
কেনেদৰে কোটিপতি হৈছিল বিশাল ফুকন ? (ETV Bharat Assam)

ডিব্ৰুগড়, ৩ ছেপ্টেম্বৰ : ষ্টক মাৰ্কেটত বিনিয়োগ বা অনলাইন ট্ৰেডিং কৰি সহজে ধনী হোৱাৰ সপোন দেখা একাংশৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি । কিয়নো অনলাইন ট্ৰেডিঙৰ জৰিয়তে অধিক লাভৰ লোভ দেখুৱাই প্ৰৱঞ্চনা কৰাৰ অভিযোগ একাংশ অনলাইন ট্ৰেডিং মাষ্টাৰ মাইণ্ডৰ বিৰুদ্ধে । যাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো এতিয়া ব্যাপক চৰ্চিত বিষয়টো হৈছে ষ্টক মাৰ্কেটত বিনিয়োগ বা অনলাইন ট্ৰেডিং ।

চুমী বৰাৰ ডিব্ৰুগড়ৰ ঘৰত আৰক্ষী (ETV Bharat Assam)

শেহতীয়াকৈ একাংশ বিনিয়োগকাৰীয়ে অধিক লাভৱান হোৱাৰ আশাৰে ষ্টক মাৰ্কেটত বিনিয়োগ কৰি নিজৰ গাঁঠিৰ ধন হেৰুৱাবলগীয় হৈছে । মাত্ৰ কেইদিনমান পূৰ্বে ডি বি ষ্টকৰ (DB Stock) নামত কোটি কোটি টকা লুট কৰি আত্মগোপন কৰাৰ অভিযোগ উঠিছে দীপাংকৰ বৰ্মন নামৰ এজন লোকৰ বিৰুদ্ধে । দীপাংকৰ বৰ্মনে আত্মগোপন কৰা পাছতে অনলাইন ট্ৰেডিঙৰ ব্যৱস্থাটোক লৈ চৰ্চা আৰম্ভ হয় ।

আনহাতে, ডি বি ষ্টকৰ দীপাংকৰ বৰ্মনৰ প্ৰৱঞ্চনাৰ অভিযোগৰ পাছতে ৰাজ্যত এজনৰ পাছত আন এজন ট্ৰেডিঙৰ মাষ্টাৰ মাইণ্ডৰ প্ৰৱঞ্চনাৰ কাহিনী পোহৰলৈ আহিছে । দীপাংকৰ বৰ্মনৰ লগত জড়িত ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ ব্যাপকভাৱে চৰ্চালৈ আহিছে আন এক নাম- ডিব্ৰুগড়ৰ বিশাল ফুকন । মাত্ৰ ২২ বছৰ বয়সতে কোটিপতি বিশাল ফুকন ।

ইফালে সামাজিক মাধ্যমযোগে বিশাল ফুকনৰ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ অভিযোগৰ কাহিনী পোহৰলৈ অহাৰ পাছতে আৰক্ষীৰ দৃষ্টিত পৰে বিশাল ফুকন । যাৰ বাবে দেওবাৰে অতি কম বয়সতে চকুতলগাকৈ ব্যৱসায়িক সফলতা লাভ কৰা বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে । আনহাতে, ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ নিবাসী বিশাল ফুকনক আটক কৰি সোধা-পোছা কৰাৰ পিছতে পোহৰলৈ আহিছে ন ন চাঞ্চল্যকৰ তথ্য ।

কোন এই ট্ৰেডিঙৰ মাষ্টাৰ মাইণ্ড বিশাল ফুকন

সৰুৰে পৰাই অতি মেধা আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰতি আগ্ৰহী ছাত্ৰ আছিল বিশাল ফুকন । বিপিন ফুকন আৰু জলী হাজৰিকা ফুকনৰ পুত্ৰ বিশাল ফুকন । বিশাল ফুকনৰ পিতৃ নামৰূপ অসম পেট্র'কেমিকেলছ লিমিটেডৰ কৰ্মচাৰী আছিল । নামৰূপৰ বি ভি এফ চি এল একাডেমিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমিৰ বাণিজ্য শাখাত নামভৰ্তি কৰিছিল বিশালে ।

পিতৃৰ চাকৰি সূত্ৰে অসম পেট্র'কেমিকেলছ লিমিটেডৰ আৱাসিক এলেকাত বাস কৰিছিল পৰিয়ালটোৱে । কিন্তু পিতৃৰ মৃত্যুৰ পাছত নামৰূপ সাৰ কাৰখানাত ভাৰাতীয়া আৱাসত মাতৃৰ সৈতে তেওঁ কিছু বছৰ থাকে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে বিশালে নিজাকৈ প্ৰথমে Puntre নামেৰে এটা ট্ৰেডিঙৰ ইনভেষ্টমেণ্ট কোম্পানী আৰম্ভ কৰিছিল । কিন্তু ইয়াৰ সমান্তৰালভাৱে তেওঁ সংগীতৰ চৰ্চাও অব্যাহত ৰাখিছিল । ২০২০ চনৰ পৰাই অনলাইন ট্ৰেডিং আৰম্ভ কৰা অতি কম বয়সীয়া বিশালে সেই সময়তে নামৰূপৰ বহু যুৱকক প্ৰৱঞ্চনা কৰাৰ অভিযোগো উত্থাপন হৈছিল । ফলত তেওঁ নামৰূপ এৰিবলৈ বাধ্য হৈছিল ।

কেনেকৈ ধনী হৈছিল বিশাল

নিজৰ সাংস্কৃতিক মনটোৰ বাবে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত খোজত খোজ মিলাই আগবাঢ়িবলৈ সক্ষম হৈছিল বিশাল । তেওঁ বিদ্যালয় পৰ্যায়ৰ পৰাই অতি ভাল গান গাইছিল । আনহাতে, অনলাইন ট্ৰেডিং আগুৱাই নিয়াৰ লগতে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ কিছু লোকৰো তেওঁ সান্নিধ্য লাভ কৰিছিল । তেনে সময়তে তেওঁৰ সাক্ষাৎ ঘটিছিল জনপ্ৰিয় অভিনেত্ৰী চুমী বৰাৰ লগতে আন বহু সাংস্কৃতিক জগতৰ লগত জড়িত লোকৰ সৈতে । যিসকলে বিশালৰ ওচৰত ধন জমা দিবলৈ গ্ৰাহকসকলক আগ্ৰহী কৰিছিল বুলি এতিয়া অভিযোগ উঠিছে । এইক্ষেত্ৰত বিশেষকৈ চৰ্চালৈ আহিছে চুমী বৰাৰ নাম ।

কিয় চৰ্চালৈ আহিছে অভিনেত্ৰী চুমী বৰা

অভিনেত্ৰী চুমী বৰাই নিজৰ ভায়েক পাতি লৈছিল বিশাল ফুকনক । যাৰ ফলত চুমী বৰাৰ সৈতে বিশালৰ পৰিয়ালৰ এক ঘৰুৱা সম্পৰ্ক গঢ় লৈ উঠিছিল । আনহাতে, এই সম্পৰ্কৰ দোহাই দি বহু অভিনেতা-অভিনেত্ৰীক বিশাল ফুকনৰ ওচৰত অনলাইন ট্ৰেডিঙৰ বাবে ধন বিনিয়োগ কৰিবলৈ চুমী বৰাই উৎসাহিত কৰিছিল বুলি চৰ্চা চলিছে । ইয়াৰ উপৰি ৰাজ্যৰ বহু সম্ভ্ৰান্ত ব্যৱসায়ী, ৰাজনৈতিক নেতাৰ ধনো বিশাল ফুকনৰ ওচৰত চুমী বৰাই বিনিয়োগ কৰাইছিল । আৰক্ষীৰ জেৰাত বিশালে এই কথা আৰক্ষীক জনোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

অভিযোগ অনুসৰি, চুমী বৰাই ৰাজস্থানত অনুষ্ঠিত কৰা ডেষ্টিনেচন ৱেডিঙৰ সম্পূৰ্ণ ধন ব্যয় কৰিছিল বিশাল ফুকনে । ডুবাইত বিলাসী হোটেল বুক কৰি দিছিল বিশাল ফুকনেই । আনকি চুমী বৰাৰ ককায়েকৰ লগতো ঔষধ কোম্পানী আৰম্ভ কৰিছে বিশাল ফুকনে । সেয়ে আৰক্ষীয়ে চুমী বৰাক বিচাৰি ডিব্ৰুগড়ৰ ঘৰৰ লগতে গুৱাহাটীৰ ফ্লেটত অভিযান চলায় । অৱশ্যে এতিয়ালৈকে তেওঁৰ কোনো সন্ধান লাভ কৰা নাই । আনহাতে, দুদিন ধৰি বন্ধ হৈ আছে চুমী বৰাৰ ফোন ।

ইফালে বিশাল ফুকনৰ লগত চুমী বৰা জড়িত থকাৰ বাবে অতি কম বয়সতে বিশাল ফুকনক অনলাইন ট্ৰেডিঙৰ নামত বহু লোকে লাখ লাখ টকা দিছিল বুলি চৰ্চালৈ আহিছে ।

উল্লেখ্য যে ইতিমধ্যে বিশাল ফুকনৰ মেনেজাৰ বিপ্লৱ হাজৰিকাক সোমবাৰে নিশা আটক কৰাৰ লগতে বিশাল ফুকনৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ কৰ্মৰত ছিকিউৰিটি গাৰ্ডক সোধা-পোছা অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষীয়ে ।

বিশাল ফুকনৰ ফ্লেটৰ পৰা কি জব্দ কৰিলে আৰক্ষীয়ে, বিশালৰ বিষয়ে কি ক'লে ফ্লেটৰ ছিকিউৰিটি গাৰ্ডে

সাংবাদিকৰ আগত ছিকিউৰিটি গাৰ্ডজনে কয়, "কেইখনমান দেশৰ মুদ্ৰা, বিশাল ফুকনৰ কেইবাটাও ফোন, বিভিন্ন ধন সংগ্ৰহৰ নথি-পত্ৰ আৰক্ষীয়ে জব্দ কৰিছে । বিভিন্ন সময়ত বহু লোক আহে বিশালক বিচাৰি । অভিনেত্ৰী চুমী বৰাও বিশালৰ ফ্লেটলৈ আহিছিল ।"

আনহাতে, চুমী বৰাৰ বাসগৃহতো ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলায় । ডিব্ৰুগড়ৰ বাণীপুৰৰ বাসগৃহত চুমী বৰাৰ বিষয়ে সোধা-পোছাৰ বাবে উপস্থিত হয় আৰক্ষী । এই সন্দৰ্ভত চুমী বৰাৰ পিতৃক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ বিষয়টোৰ পৰা ফালৰি কাটি কয়, "আপোনালোকে আৰক্ষীক সোধক তেওঁলোক কিয় আহিছে । চুমী বৰা বৰ্তমান গুৱাহাটীত বিয়া হৈছে আৰু গুৱাহাটীতে থাকে । মাজে মাজে আমাৰ সৈতে যোগাযোগ হয় । এবাৰ যোৰহাটলৈ আহোতে ঘৰলৈ আহি গৈছে । ২০ দিনমান আগতে তেওঁৰ সৈতে যোগাযোগ হৈছিল ।"

লগতে পঢ়ক :আৰক্ষীৰ জালত বিতৰ্কিত বিশাল ফুকন : পলাতক তেওঁৰে ঘনিষ্ঠ এগৰাকী অভিনেত্ৰী ! - Stock Market Investment Scam
লগতে পঢ়ক :অসমত অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাক লৈ সষ্টম আৰক্ষী : গুৱাহাটীত আটক স্বপ্ননীল দাস - SAPNANIL DAS DETAINED

ABOUT THE AUTHOR

...view details