দৰং, ২৩ জানুৱাৰী :সুদীৰ্ঘ ৪৪ বছৰীয়া সংগ্ৰামৰ পিছত আজি আনুষ্ঠানিকভাৱে ভংগ হ'ল আলফা । মঙলবাৰে দৰঙৰ চমুৱাপাৰাত আনুষ্ঠানিকভাৱে সংযুক্ত মুক্তি বাহিনী (অসম) ভংগৰ কথা ঘোষণা কৰে সভাপতি অৰবিন্দ ৰাজখোৱাই । লগে লগে সংগঠনটোৰ সকলোকে একলগ কৰি ৰখাৰ স্বাৰ্থত আজিৰে পৰা 'জাতীয় বিকাশ পৰিষদ' নামেৰে এটা অৰাজনৈতিক সংগঠনৰ জন্মৰ কথা ঘোষণা কৰে আলফাৰ সাধাৰণ সম্পাদক গোলাপ বৰুৱা ওৰফে অনুপ চেতিয়াই ।
কাজিৰঙাত যোৱা অক্টোবৰৰ শেহৰফালে অনুষ্ঠিত এক বৈঠকত আলফা নেতৃত্বই গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এই শান্তিচুক্তি স্বাক্ষৰিত হোৱাৰ পিচতেই আনুষ্ঠানিকভাৱে ভংগ হয় সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা ৷ ইয়াৰ লগে লগে আৱেগিক হৈ পৰিল আলফাৰ নেতৃত্ব তথা সদস্য সকল । উল্লেখ্য় যে যোৱা ২৯ ডিচেম্বৰত দিল্লীত কেন্দ্ৰীয় চৰকাৰ,অসম চৰকাৰ আৰু আলফাৰ মাজত হোৱা চুক্তি অনুসৰি ভংগ কৰা হয় আলফা । এই সংগঠনটো ভংগ হোৱাৰ পিচতে গঠন হ'ব এটা নতুন অৰাজনৈতিক সংগঠন 'জাতীয় বিকাশ পৰিষদ'। মঙলদৈৰ চমুৱাপাৰাৰ শিৱিৰত এই সিদ্ধান্ত গ্ৰহণ কৰে আলফা নেতৃত্বই । আজিৰ এই অনুষ্ঠানটোত সভাপতি অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, ৰাজু বৰুৱা, প্ৰনতি ফুকন, শশ চৌধুৰী, প্ৰদীপ গগৈ, প্ৰাণজিত শইকীয়াকে ধৰি প্ৰায় সংখ্যক নেতাই উপস্থিত থাকে ।