অসম

assam

বন্য আইন উলংঘা কৰাৰ অভিযোগ নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে - Wild Elephant Death In Golaghat

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 3:50 PM IST

Wild elephant death in Golaghat : নুমলীগড়ৰ শোধনাগাৰৰ নগৰাঞ্চলত বিদুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বন্যহস্তীটো গোপনে পুতি পেলোৱা ঘটনা সন্দৰ্ভত বিভিন্ন দল-সংগঠনে ৰুজু কৰিছে গোচৰ । বন বিভাগেও গোচৰ ৰুজু কৰে শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ।

Numaligarh refinery accused of violating wild laws
বন্য আইন উলংঘা কৰাৰ অভিযোগ নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে (ETV Bharat Assam)

গোলাঘাট, ২০ জুলাই : বন্যহস্তীৰ মৃত্যুক কেন্দ্ৰ কৰি নুমলীগড়ত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য । বনৰীয়া এটা হাতীৰ মৃত্যুক লৈ নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ । বৃহস্পতিবাৰে নুমলীগড় শোধনাগাৰ নগৰাঞ্চলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছিল বন্যহস্তীটোৰ । কিন্তু বন বিভাগক কোনো খবৰ নিদিয়াকৈ শোধনাগাৰ কৰ্তৃপক্ষই পুতি থৈছিল হাতীটোৰ মৃতদেহ ।

বন্য আইন উলংঘা কৰাৰ অভিযোগ নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে (ETV Bharat Assam)

এই ঘটনা পোহৰলৈ অহাৰ পাচতে গৰজি উঠিছে বহু দল-সংগঠন । এনেদৰে এটা বন্যপ্ৰাণীৰ মৃত্যুৰ পাচত বিভাগীয় কৰ্তৃপক্ষক খবৰ নিদিয়াকৈ বন্য আইন উলংঘা কৰা কাৰ্যৰ বিৰুদ্ধে নুমলীগড় গ্ৰাম্য আৰক্ষী থানাত নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ প্ৰৱন্ধক বেদাংগ কাশ্যপ, মুখ্য প্ৰৱন্ধক উজ্জ্বল সন্দিকৈ আৰু উক্ত ঘটনাৰ লগত জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে পৃথক পৃথককৈ তিনিটা গোচৰ ৰুজু কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম অনুসুচিত জাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি আৰু টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে । ঘটনাত জড়িতসকলক বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই সংগঠন কেইটাই ।

আনহাতে নুমলীগড়ৰ ঘটনাস্থলীত জিলা বন বিষয়া সুশীল কুমাৰ ঠাকুৰীয়াই জানিবলৈ দিয়া অনুসৰি বৃহস্পতিবাৰে পুৱাৰ ভাগত নগৰাঞ্চলৰ ভিতৰত মৃত অৱস্থাত হাতীটো প্ৰত্যক্ষ কৰে যদিও বন বিভাগৰ লোকক খবৰ নিদিয়াকৈ গোপনে পুতি পেলাইছিল । তাৰ পাচতে নুমলীগড় শোধনাগাৰৰ এজন বিষয়াই বন বিভাগক খবৰ দিয়াত উক্ত স্থানত উপস্থিত হোৱাত মৃত হাতীটো আধা পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে ।

লগে লগে শুকুৰবাৰে বন বিভাগে চিকিৎসকৰ দল লৈ উক্ত স্থানত উপস্থিত হৈ মৃত হাতীটো গাঁতৰ পৰা উঠাই মৰোণোত্তৰ পৰীক্ষা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে । উল্লেখ্য যে, নুমলীগড়ৰ দেওপাহাৰ আৰু কালিয়নী পাহাৰ আদি পূৰ্বৰে পৰা বন্যহস্তীৰ বিচৰণস্থলী আছিল ৷ গতিকে এই অঞ্চলত বন্যহস্তী ঘূৰি ফুৰাটো স্বাভাৱিক কথা । এই সমগ্ৰ ঘটনা সম্পৰ্কে বন্যপ্ৰাণী সংৰক্ষণ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰে বন বিভাগে ।

লগতে পঢ়ক:বন বিভাগক খবৰ নিদিয়াকৈ হাতীৰ মৃতদেহ পুতি থ'লে শোধনাগাৰ কৰ্তৃপক্ষই - Wild Elephant Death In Golaghat

এইবাৰ লুইতৰ বুকুত নহয়, চাহ বাগিচা চফৰত ব্যস্ত বন্যহস্তীৰ জাক - WILD ELEPHANT MANACE

ABOUT THE AUTHOR

...view details