অসম

assam

মহিলা ব্যৱসায়ীক ভাবুকি : এইবাৰ গোলাঘাটত অনা অসমীয়া ব্যৱসায়ীয়ে খুজিলে ক্ষমা - Women trader threatened

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 10:07 PM IST

Allegation against non Assamese businessman : শিৱসাগৰৰ পিচত গোলাঘাটত অনাঅসমীয়া ব্যৱসায়ীৰ দপদপনি । ফোনতেই মহিলা ব্য়ৱসায়ীক ধমক দিয়াত জাঙুৰ খাই উঠিছে চুতীয়া যুৱ সন্মিলন ।

Allegation against non Assamese businessman
অনাঅসমীয়া ব্য়ৱসায়ীৰ বিৰুদ্ধে অভিযোগ (ETV Bharat Assam)

গোলাঘাট, ২৪ আগষ্ট : ৰাজ্য়ত অনাঅসমীয়া ব্য়ৱসায়ীৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ চলি থকাৰ মাজতেই পুনৰ অসমীয়াৰ ওপৰত অনা অসমীয়াৰ গুন্দাগিৰিৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ উত্থাপনৰ পিচতেই ভুক্তভোগীয়ে গোলাঘাট আৰক্ষী থানা এজাহাৰ দাখিল কৰাত থানা চৌহদতেই অসমীয়া মহিলাক মুকলিকৈ ক্ষমা খুজিলে অনা অসমীয়া ব্য়ৱসায়ী এজনে । গোলাঘাটত এগৰাকী অসমীয়া ব্যৱসায়ীক ব্যৱসায়ত হাৰাশাস্তি কৰি গোলাঘাট সদৰ থানাত ক্ষমা খুজিলে মনীষ জালান নামৰ ব্যৱসায়ীজনে ৷

অনাঅসমীয়া ব্য়ৱসায়ীৰ বিৰুদ্ধে অভিযোগ (ETV Bharat Assam)
  • কিয় বিতৰ্কৰ সূত্ৰপাত ?

'নিজৰা' নামৰ পানী বিক্ৰী কৰা কেন্দ্ৰটোৰ পৰা খোৱাপানী ক্ৰয় কৰি জিলাখনৰ বিভিন্ন স্থানত খুচৰা ব্যৱসায়ীক পানীৰ যোগান ধৰি আহিছিল গোলাঘাটৰ পুৰণা আমোলাপট্টিৰ লক্ষ্মী শইকীয়া নামৰ মহিলা ব্যৱসায়ীগৰাকীয়ে ৷ আনহাতে, 'নিজৰা' নামৰ পানীৰ ব্যৱসায়ৰ লগত জড়িত আন এজন ব্যৱসায়ী মনীষ জালানে মহিলা ব্যৱসায়ীগৰাকীক তেওঁৰ ঠাইত ব্য়ৱসায় নকৰিবলৈ ফোনযোগে ধমকি দিয়াৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে ৷

অনা অসমীয়া ব্যৱসায়ীজনে জামুগুৰি, কাছমাৰি অঞ্চলত বিক্ৰী কৰিবলৈ লক্ষ্মী শইকীয়াক বাধা প্ৰদান কৰে । আনকি শুকুৰবাৰে জামুগুৰি অঞ্চলত মহিলাগৰাকীয়ে পানী বিক্ৰী কৰি থকা অৱস্থাতে ভাবুকি দিয়ে মনীষে । ইয়াৰ পূৰ্বেও ফোন যোগে মহিলাগৰাকীক ভয়-ভাবুকি দিয়া বুলি মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰে ।

উপায়ন্তৰ হৈ আজি লক্ষ্মী শইকীয়াই চুতীয়া যুৱ সন্মিলনৰ সহযোগত গোলাঘাট আৰক্ষী থানাত মনীষ জালানৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ তাৰ পিচতেই ব্যৱসায়ীজনে গোলাঘাটৰ আৰক্ষী থানাত উপস্থিত হৈ মহিলা ব্যৱসায়ী লক্ষী শইকীয়াৰ লগতে চুতীয়া জাতি যুৱ সন্মিলনীৰ সদস্যসকলৰ ওচৰত ক্ষমা খোজাৰ লগতে ভৱিষ্যতে এনে কাম নকৰে বুলি কয় ৷

  • অনা অসমীয়া ব্যৱসায়ীক সকীয়নি চুতীয়া যুৱ সন্মিলনৰ

এই সমগ্ৰ ঘটনাটো সম্পৰ্কে চুতীয়া যুৱ সন্মিলন গোলাঘাট জিলা সমিতিৰ সম্পাদক হিৰণ্য বৰাই কয়, "আমাৰ এজন থলুৱা অসমীয়া মহিলাই এটা ব্যৱসায় কৰি আহিছে ৷ কিন্তু এজন অনা অসমীয়া ব্যৱসায়ী মনীষ জালানে মহিলাগৰাকীক পানী বিক্ৰী কৰিবলৈ বাধা প্ৰদান কৰিছে । এই বিষয়ে ভুক্তভোগী মহিলা গৰাকীয়ে আমাক অৱগত কৰায় আৰু আমি মহিলাগৰাকীক লগত লৈ আৰক্ষী থানাত গোচৰ ৰুজু কৰো । তাৰ পাছতে মনীষ জালান নামৰ ব্যৱসায়ীজনে মহিলাগৰাকীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছে । লগতে ইয়াৰ পৰাই আমি অনা অসমীয়া ব্যৱসায়ীসকলক সকীয়নি প্ৰদান কৰিছো যে অনাগত দিনত আমাৰ থলুৱা অসমীয়া ব্যৱসায়ীৰ ওপৰত কনো ধৰণৰ বেয়া বক্তব্য নিদিয়ে অন্যথা ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আমি প্ৰস্তুত ।"

তেওঁ পুনৰ কয়, "অসমৰ প্ৰতিটো স্থানত বহিৰাগত লোকে যিদৰে আমৰ থলুৱা অসমীয়া লোকৰ ওপৰত শোষণ কৰিছে, ঠিক তেনেদৰে গোলাঘাট জিলাতো তেনে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে । অনাগত দিনত যাতে এনে নহয় তাৰ বাবে সকিয়নী প্ৰদান কৰিছো ।"

  • এই সন্দৰ্ভত কি ক'লে অভিযুক্তই

ইফালে, এই সমগ্ৰ ঘটনাৰ সম্পৰ্কে মনীষ জলানে কয়, "ভুল বুজাবুজিৰ বাবে এই ঘটনাটো সংঘটিত হৈছে । যদি মোৰ কিবা ভুল হৈছে তেনেহ’লে মোক ক্ষমা কৰি দিব ।"

লগতে পঢ়ক :শিৱসাগৰকাণ্ড প্ৰসংগত গৃহমন্ত্ৰীৰ পদত্যাগ দাবী অখিল গগৈৰ : সমষ্টিলেই নগ’ল বুলি অখিলক সমালোচনা মন্ত্ৰী পীয়ুষৰ - Assam Assembly Autumn session 2024

শৰাইত গামোচা, তামোল-পাণ লৈ ক্ষমা বিচাৰিলে অনা অসমীয়া ব্যৱসায়ী সমাজে - Player Attack in Sivasagar

ABOUT THE AUTHOR

...view details