অসম

assam

ETV Bharat / state

NIA ৰ গোচৰৰ পৰা ৰেহাই পাব নে অখিল গগৈয়ে ?

NIA case against Akhil Gogoi: আজি অখিল গগৈৰ ভাগ্য পৰীক্ষা ! তেওঁৰ বিৰুদ্ধে থকা NIA ৰ গোচৰটোৰ অস্তিত্ব সন্দৰ্ভত আদালতে ৰায় প্ৰদান কৰিব ।

NIA case against Akhil Gogoi
এনআইএ গোচৰৰ পৰা ৰেহাই পাব নে অখিল গগৈয়ে (ETV Bharat)

By ETV Bharat Assamese Team

Published : 5 hours ago

গুৱাহাটী: নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়তে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈছিল 'NIA'ৰ গোচৰ । সেই গোচৰ বিচাৰযোগ্য হয় নে নহয় সেই সন্দৰ্ভত মঙলবাৰে NIA ৰ আদলতে ৰায় প্ৰদান কৰিব । যাৰ বাবে আজিৰ দিনটো বিধায়ক অখিল গগৈৰ ভাগ্য পৰীক্ষাৰ দিন হিচাপে বিবেচনা কৰা হৈছে । পুৱাই গুৱাহাটীস্থিত NIA ৰ আদালতত হাজিৰ হয় বিধায়ক অখিল গগৈসহ তেওঁৰ সহযোগী ধৈৰ্য কোঁৱৰ ।

আদালতত প্ৰৱেশ কৰাৰ পূৰ্বে অখিল গগৈয়ে গোচৰটো সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, "এই গোচৰটোৰ পৰা মোক ৰেহাই দিয়া হৈছিল । কোৱা হৈছিল যে এই গোচৰ বিচাৰযোগ্য নহয় । কিন্তু পিছত আদালতত চৰকাৰে এই গোচৰ পুনৰ চলিব লাগে বুলি চৰকাৰে আবেদন জনালে । আমি যেতিয়া উচ্চ ন্যায়ালয় লৈ গৈছো আকৌ তেওঁলোকে উচ্চতম ন্যায়ালয় গৈছে । দেখা গৈছে যে গৃহ বিভাগ আৰু অসম চৰকাৰে আমি যাতে এই গোচৰটোৰ পৰা ৰেহাই পাব নোৱাৰো, আমাক যাতে চিৰকালৰ বাবে সন্ত্ৰাসবাদীৰূপে বন্দী কৰি থ'ব পাৰে আমাৰ ওপৰত এই গোচৰ পুনৰ জাপি দিব বিচাৰিছে । কা' আন্দোলন সন্দৰ্ভত চলি থকা NIA ৰ গোচৰটোৰ আজি ৰায় প্ৰদান কৰা হ'ব ।"

এনআইএ গোচৰৰ পৰা ৰেহাই পাব নে অখিল গগৈয়ে (ETV Bharat)

অখিল গগৈয়ে লগতে কয়, "গোচৰটো বিচাৰযোগ্য হয় নে নহয় NIA ৰ আদালতে তাৰ চূড়ান্ত ৰায় দিব । আদালতৰ ৰায়ৰ ওপৰতে নিৰ্ভৰ কৰিব গোচৰটো চলিব নে নাই ! আজিৰ দিনটোত আমাৰ ভাগ্য পৰীক্ষা হ'ব । যদি আদালতে আমাক ৰেহাই নিদিয়ে তেনেহ'লে ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ কা' বিৰোধী গোচৰটো পুনৰ আৰম্ভ হ'ব যদি আদালতে ৰেহাই দিয়ে আমি বাচি যাম । কিন্তু আমি জানো যে আদালতে যদি ৰেহাই দিয়েও যিহেতু আমি চৰকাৰৰ সৈতে বুজাবুজি কৰা নাই তেনেহ'লে সঠিক বিচাৰ পালেও তেওঁলোকে পুনৰ উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়লৈ যাব ।"

লগতে পঢ়ক :চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিক অবজ্ঞা; অসমৰ মুখ্য সচিবক চমন উচ্চতম ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details