তিনিচুকীয়া, ৯ জুন: তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ফিল’বাৰীৰ তৰাণীৰ এগৰাকী কলেজীয়া মেধাবী ছাত্ৰী মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, ৫ জুনত পুৱাই মেধাবী ছাত্ৰীগৰাকী গৈছিল ৰূপাইত থকা নিজৰ ভাৰাঘৰলৈ । ভাৰাঘৰলৈ যোৱা ছাত্ৰীগৰাকী চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দি আছে বুলি পৰিয়ালক লোকক খবৰ দিয়ে এজন যুৱকে ।
খবৰ লাভ কৰাৰ লগে লগে পৰিয়ালৰ লোকে ততাতৈয়াকৈ ৰূপাইত থকা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় উপস্থিত হৈ দেখে ছাত্ৰীগৰাকীৰ সংকটজনক । ছাত্ৰীগৰাকীক কাকপথাৰ গন্ধৈগুৰী সংৰক্ষিত বনাঞ্চলৰ কাষতে অচেতন অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰে ৷ এই বুলি খবৰ দিয়া যুৱকজনৰ পৰা পৰিয়ালৰ লোক জানিব পাৰে ।
ইফালে ছাত্ৰীগৰাকীয়ে কীটনাশক দ্ৰব্য সেৱন কৰাৰ ফলতে তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰে বুলিলে চিকিৎসকে অৱগত কৰে । জানিব পৰা মতে, বৃহস্পতিবাৰে দিনৰ ভাগত সংঘটিত হৈছিল এই ঘটনা আৰু নিশা ৰূপাইৰ পৰা উন্নত চিকিৎসাৰ বাবে পৰিয়ালে ডিব্ৰুগড় অভিমুখে নি থকাৰ সময়তে ছাত্ৰীগৰাকীৰ মৃত্যু হয় ।
এতিয়া প্ৰশ্ন হয় ৰূপাইৰ ভাৰাঘৰলৈ বুলি যোৱা ছাত্ৰীগৰাকী কি কাৰণত পালেগৈ কাকপথাৰৰ গন্ধৈগুৰি ? ছাত্ৰীগৰাকীয়ে আত্মহত্যা নে কৰিলে কোনো লোকে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিলে ? - বহু প্ৰশ্নৰে উদয় হৈছে পৰিয়ালৰ লোকৰ মনত ৷
যিহেতু বিগত দুটা বছৰ ধৰি কাকপথাৰ বৰালিৰ অসম আৰক্ষী কনিষ্টবল লক্ষী মহন্ত নামৰ যুৱকজনৰ লগত আছিল প্ৰেমৰ সম্পৰ্ক । প্ৰেমৰ সম্পৰ্কৰ ফাঁট মেলাৰ বাবেই প্ৰাণ হেৰুৱালে নেকি মেধাৱী ছাত্ৰীগৰাকীয়ে ? কাৰোবাৰ প্ৰৰোচনা নতুবা প্ৰতাৰণাৰ চিকাৰ হ'ল নেকি ছাত্ৰীগৰাকী ? নে কোনোৱে কৌশলেৰে কৰি ছাত্ৰীগৰাকীক উক্ত স্থানলৈ মাতি নি ৰচনা কৰিছিল হত্যাৰ পৰিকল্পনা ?