অসম

assam

ETV Bharat / state

ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ; বাঘে ভক্ষণ কৰাৰ সন্দেহ - KALIABOR TIGER TERROR

ঢেকীয়াপতীয়াৰ সন্ত্ৰাসত আতংকিত কলিয়াবৰবাসী । হাবিত উদ্ধাৰ বাঘে ভক্ষণ কৰি থৈ যোৱা মৃতদেহৰ অংশ ।

Kaliabor Tiger terror
ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ;বাঘে ভক্ষণ কৰাৰ সন্দেহ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 22, 2024, 5:01 PM IST

Updated : Dec 22, 2024, 5:42 PM IST

কলিয়াবৰ : কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা । হাবিৰ মাজত উদ্ধাৰ এজন লোকৰ মৃতদেহৰ অংশ । ক'ৰবাত যদি পৰি আছে মৃতদেহৰ লাওখোলা আন ক'ৰবাত পৰি আছে হাড় । মৃতদেহটোৰ প্ৰায় ১০ শতাংশ হে পৰি আছে হাবিৰ মাজত । কিন্তু বাকী অংশ ক'লৈ গ'ল ? মৃতদেহটো আচলতে কাৰ ? কোনে হত্যা কৰিলে মানুহজনক ? কলিয়াবৰত এতিয়া ইয়াক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

বাঘ ভক্ষণ কৰিলে নেকি !

স্থানীয় লোকে দাবী কৰা মতে মৃতদেহটো স্থানীয় বাসুদেৱ কৰ্মকাৰৰ ! শনিবাৰৰ পৰা সন্ধানহীন হৈ আছিল কৰ্মকাৰ । তেওঁ লগৰ কেইজনমানৰ সৈতে শিলঘাট-সোণাৰী গাঁও অঞ্চলৰ পাহাৰলৈ খৰি সংগ্ৰহ কৰিবলৈ গৈছিল । তেতিয়াৰে পৰা সন্ধানহীন হৈ আছিল কৰ্মকাৰ । ইফালে কৰ্মকাৰক বাঘে ভক্ষণ কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে । স্থানীয় লোকৰ মতে বাঘে ভক্ষণ কৰাৰ ফলত মৃতদেহটোৰ ক্ষত-বিক্ষত অংশ অ'ত-ত'ত পৰি ৰৈছে । এনে পৰিস্থিতিত বাঘৰ ভয়ত আতংকিত হৈ পৰিছে স্থানীয় লোকসকল ।

ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ;বাঘে ভক্ষণ কৰাৰ সন্দেহ (ETV Bharat)

কলিয়াবৰত বাঘৰ সন্ত্ৰাস

উল্লেখ্য যে, নগাঁৱৰ বিভিন্ন অঞ্চলত ঢেকীয়াপতীয়াৰ সন্ত্ৰাস অব্যাহত আছে । পশুধনৰ লগতে বিভিন্নজনক আক্ৰমণ কৰিছে ঢেকীয়াপতীয়াই । দীৰ্ঘদিন ধৰি বাঘৰ সন্ত্ৰাসত জৰ্জৰিত কামাখ্যা, সোণাৰী গাঁও আৰু কলিয়াবৰ চাহ বাগিচাৰ বাসিন্দাসকল । যোৱা তিনিমাহৰ ভিতৰত কেইবাজনো লোকক বাঘে আক্ৰমণ কৰিছে । মহাদেৱ তাছা নামৰ এজন লোক সন্ধান হোৱাৰ বাবে বাঘে ভক্ষণ কৰাৰ সন্দেহ কৰিছে ৰাইজে ।

শনিবাৰে যমুনা গ'ড়ক বাঘে আক্ৰমণ কৰাৰ ফলত বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে । তাৰ মাজতে বাসুদেৱ কৰ্মকাৰক বাঘে ভক্ষণ কৰাৰ ঘটনাই এতিয়া আতংকিত কৰি তুলিছে ৰাইজক । ঢেকীয়াপতীয়াৰ সন্ত্ৰাস বৃদ্ধিৰ লগে লগে স্থানীয় লোকসকলে নিৰাপত্তাহীনতাত ভুগিছে । কিন্তু এই ক্ষেত্ৰত বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ । যাৰ বাবে শিলঘাট আৰক্ষী চকী ঘেৰাও কৰিলে বিভিন্ন সংগঠন তথা স্থানীয় লোকে । আৰক্ষী আৰু বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰে লোকসকলে । লগতে পশুধন আৰু সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ দাবী উত্থাপন কৰে লোকসকলে ।

লগতে পঢ়ক :ঢেকীয়াপতীয়াৰ আক্ৰমণত আহত মহিলা - KALIABOR TIGER TERROR

Last Updated : Dec 22, 2024, 5:42 PM IST

ABOUT THE AUTHOR

...view details