অসম

assam

ETV Bharat / state

মিছা কথা ক'বলৈহে জাপানলৈ গৈছে মুখ্যমন্ত্ৰী: গৌৰৱ গগৈ - MP GAURAV GOGOI

অসমত শিল-বালিৰ উদ্যোগসমূহ ছিণ্ডিকেটে চলাই আছে । এই কথা মুখ্যমন্ত্ৰীয়ে জাপান আৰু কোৰিয়াত গৈ কৈছেনে নাই ? গৌৰৱ গগৈৰ প্ৰশ্ন ৷

MP GAURAV GOGOI
মিছা কথা ক'বলৈহে জাপানলৈ গৈছে মুখ্যমন্ত্ৰী: গৌৰৱ গগৈ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 23, 2025, 3:35 PM IST

যোৰহাট: "অসমত মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱৰা হ'ল, সেয়েহে জাপানলৈ গৈছে মিছা কথা ক'বলৈ । স্থানীয় উদ্যোগসমূহেই চলাব পৰা নাই, এইবাৰ আকৌ বিদেশলৈ গৈছে বিনিয়োগ বিচাৰি । অৱস্থা একেই হ'ব ।"

দেৰগাঁৱৰ ইকৰানী গাঁৱত প্ৰীতিভোজত অংশগ্ৰহণ কৰি এই বক্তব্য যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ ৷ ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিদেশ যাত্ৰাৰ বিষয়টোকো তীব্ৰ ভাষাৰে কটাক্ষ কৰে সাংসদগৰাকীয়ে ।

মিছা কথা ক'বলৈহে জাপানলৈ গৈছে মুখ্যমন্ত্ৰী: গৌৰৱ গগৈ (ETV Bharat Assam)

সাংসদ গগৈয়ে কয়, "স্থানীয় উদ্যোগসমূহ তেওঁলোকে চলাব পৰা নাই । আজি কাগজ কল, থলুৱা উদ্যোগ, চিমেণ্ট উদ্যোগ তেওঁলোকে চলাব পৰা নাই । যি সময়ত আমাৰ থলুৱা উদ্যোগসমূহ চলোৱাৰ ক্ষেত্ৰত শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে বিভিন্ন সমস্যাৰ মুখামুখি হৈছে তেনেকৈ বাহিৰৰ পৰা অহা উদ্যোগসমূহৰো অৱস্থা একে নহ'ব নেকি ?"

উল্লেখ্য় যে দেৰগাঁৱৰ ইকৰানী পথাৰত বুধবাৰে অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ এক বৃহৎ প্ৰীতিভোজ । গোলাঘাট জিলা কংগ্ৰেছ কমিটীৰ সহযোগত আয়োজিত এই প্ৰীতিভোজত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে । প্ৰিয় নেতাগৰাকীৰ সৈতে একেলগে মুকলি পথাৰত এসাঁজ খাবলৈ পাই উৎফুল্লিত হৈ পৰে দলীয় কৰ্মীসকল । প্ৰীতিভোজতেই সাংবাদিকৰে হোৱা বাৰ্তালাপত এই মন্তব্য কৰে সাংসদ গগৈয়ে ৷ তেওঁ লগতে কয়, "আজি সৰু সৰু ব্যৱসায়ীসকলৰ অৱস্থা নাই । অসমত থলুৱা উদ্যোগ সৃষ্টি কৰিব পৰা নাই, বাহিৰৰ পৰা উদ্যোগ অনা দূৰৰ কথা ।" অসমত একমাত্ৰ কয়লা, শিল, বালিৰ, উদ্যোগ ভালদৰে চলি আছে বুলি কটাক্ষ কৰে সাংসদগৰাকীয়ে ।

তেওঁ আৰু কয়, "এই উদ্যোগসমূহ ছিণ্ডিকেটে চলাই আছে । এই কথা মুখ্যমন্ত্ৰীয়ে জাপান আৰু কোৰিয়াত গৈ কৈছেনে নাই । তদুপৰি কাৰ্বি আংলং জিলাত কিমান পাহাৰ কাটি শেষ কৰি দিছে, এইখিনি কথা তেওঁ কোৱা নাই ৷ যাৰ বাবে বৰ্তমান আমাৰ ৰাইজে এইখিনি কথা বুজি পাইছে যে এটা বিশেষ ৰাজনৈতিক পৰিয়ালৰ উন্নতিৰ বাহিৰে অসমৰ জনসাধাৰণৰ উন্নতি হোৱা নাই আৰু অসমৰ জনসাধাৰণে এটা বিকল্প বিচাৰিছে আৰু সেই বিকল্প একমাত্ৰ কংগ্ৰেছ দল ।"

ইয়াৰ উপৰিও পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে সাংসদগৰাকীয়ে কয়, "গাঁৱৰ ঘৰে ঘৰে এটাই কথা ওলাইছে যে এইখন চৰকাৰ নিজকে ধনী কৰাত ব্যস্ত, যাৰ বাবে পঞ্চায়তৰ বহু কাম হোৱা নাই । তেওঁলোকৰ সকলো শ্লোগান ফাঁকি ৷ তেওঁলোকে কয় ঘৰে ঘৰে পানী, কিন্তু এতিয়া বহু ঠাইত পাইপ আছে কিন্তু পানী নাই । বৰ্তমান খোৱাপানীৰ বহু সমস্যা ৷ মানুহে উপাই নাপাই পুখুৰীৰ পানী খাইছে । সীমান্ত অঞ্চলত বসবাস কৰা লোকৰ মাটি নাইকিয়া হৈছে । পূৰ্বৰ মুখ্যমন্ত্ৰীসকলে চুবুৰীয়া ৰাজ্যৰ লগত আলোচনা কৰি সীমাসমূহ ঠিক কৰিছিল, কিন্তু এতিয়া একো নাই । নাগালেণ্ডত বিজেপি নেতৃত্বাধীন চৰকাৰ থকাৰ পাছতো একো কৰিব পৰা নাই । আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল মাটি । আজি এইখন চৰকাৰ জাতি-মাটি-ভেটিৰ নামত আহিছে যদিও খিলঞ্জীয়া লোকে মাটি পোৱা নাই ৷ সকলো মাটি দিছপুৰৰ এটা বিশেষ ৰাজনৈতিক পৰিয়ালৰ এগৰাকী বিশেষ মহিলাৰ হাতলৈ গৈছে ।"

ইফালে এই প্ৰীতিভোজ সম্পৰ্কে সাংসদ গগৈয়ে কয়, "পুৰণি কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত দেৰগাঁও আৰু আগৰ গোলাঘাট জিলাৰ বহু কৰ্মীয়ে একে ঠাইতে একত্ৰিত হৈ এসাজ খাও ৷ সেইবাবে আজি ইয়ালৈ আহিছোঁ । এইটোৱেই প্ৰমাণ যে কংগ্ৰেছ দল এটা পৰিয়াল । আমাৰ দলৰ জন্ম হৈছিল আন্দোলনৰ সময়ত, যি সময়ত অপশাসন চলি আছিল । আজিও কংগ্ৰেছ দলৰ আদৰ্শ একে আছে, যাৰ বাবে আমি সকলোৱে একগোট হৈছো আৰু সকলোৰে লগত আলোচনা কৰাৰ লগতে একেলগে এসাঁজ খাইছো ।

লগতে পঢ়ক:

ABOUT THE AUTHOR

...view details