গুৱাহাটী:ৰাজ্যৰ ১২ খনকৈ বিশ্ববিদ্যালয়ে অসমৰ জাতি-জনগোষ্ঠীসমূহৰ কলা-সংস্কৃতিৰ এখন মানচিত্ৰ প্ৰস্তুতৰ কাম কৰিব । এই সন্দৰ্ভত বৃহস্পতিবাৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে ১২খন বিশ্ববিদ্যালয়ৰে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ।
ৰাজ্যৰ প্ৰতিটো নৃগোষ্ঠীৰ কলা-সংস্কৃতিৰ সমলসমূহৰ মানচিত্ৰ প্ৰস্তুত কৰাৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে এই প্ৰকল্পটো হাতত লৈছে । এই প্ৰকল্প ৰূপায়ণ কৰাৰ বাবে ১২খন বিশ্ববিদ্যালয়ৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা বুজাবুজি চুক্তিৰ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়া ।
অসমৰ নৃগোষ্ঠীয় কলা-সংস্কৃতিৰ মানচিত্ৰণ: ১২খন বিশ্ববিদ্যালয়ৰে কলাক্ষেত্ৰ সমাজৰ চুক্তি (ETV Bharat Assam) শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ভাষাতত্ত্ববিদ ড৹ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটোত মন্ত্ৰী বিমল বড়াই কয় - "ৰাজ্যৰ সাংস্কৃতিক প্ৰাচুৰ্যতাক সংৰক্ষণেৰে সম্ভাৱনালৈ ৰূপান্তৰৰ ই এক প্ৰচেষ্টা । আজিৰ দিনটো অসমৰ সাংস্কৃতিক ইতিহাসৰ এক উল্লেখযোগ্য দিন । ৰাজ্যৰ ১২খনকৈ বিশ্ববিদ্যালয়ে অসমৰ জাতি-জনগোষ্ঠীসমূহৰ কলা-সংস্কৃতিৰ এখন মানচিত্ৰ প্ৰস্তুতিৰ কাম কৰিব । ই আমাৰ নৃগোষ্ঠীয় লোকসকলৰ পৰম্পৰা, ৰীতি-নীতি আদি অনাগত দিনলৈ কঢ়িয়াই নিয়াত সহায় কৰিব ।"
অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে ৰাজ্যৰ জনগোষ্ঠীসমূহৰ কলা-সংস্কৃতিৰ মানচিত্ৰণৰ উদ্দেশ্য সন্দৰ্ভত বাখ্যা আগবঢ়ায় । অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ড৹ বি কল্যাণ চক্ৰৱৰ্তীয়ে কয় - "উপযুক্ত সংৰক্ষণৰ অভাৱত প্ৰকৃতি যিদৰে নাইকিয়া হৈ গৈছে আমি যদি এতিয়াই ব্যৱস্থা নলও তেতিয়া আমাৰ কলা-সংস্কৃতিও এদিন হেৰাই যাব ।"
কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি জিতুল সোণোৱালে অনুষ্ঠানত শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে । উল্লেখ্য যে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীসমূহৰ পৰম্পৰা-ঐতিহ্য, ৰীতি-নীতিসমূহৰ নিখুত তথ্য লিখিত তথা দৃশ্য-শ্ৰব্য মাধ্যমত সংৰক্ষণৰ জৰিয়তে এক তথ্য ভাণ্ডাৰ প্ৰস্তুত কৰি ভবিষ্যতলৈ সংৰক্ষণ কৰাৰ বাবে অসমত বসবাস কৰা নৃগোষ্ঠীয় জনগোষ্ঠীসমূহৰ কলা-সংস্কৃতিৰ মানচিত্ৰ প্ৰস্তুতিৰ বাবে এই প্ৰকল্প হাতত লোৱা হৈছে ।
অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি হেমন্ত কুমাৰ নাথ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱাল, তেজপুৰ বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক অধ্যাপক কৈলাশ চন্দ্ৰ বিশ্বাস, অসম বিশ্ববিদ্যালয়ৰ হৈ অধ্যাপক পীযুষ পাণ্ডে, কটন বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক ড৹ অৰিন্দম গাৰ্গ, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক ড৹ এছ বসুমতাৰী, শ্ৰীশ্ৰী মাধৱদেৱ বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক অধ্যাপক ক্ষীৰপদ দত্ত, অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ হৈ ডীন অধ্যাপক উৎপল দত্ত, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক ড৹ বিচিত্ৰ বিকাশ, ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক ড৹ দিগন্ত মুঞ্চী আৰু প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ হৈ বিশ্ববিদ্যালয়খনৰ উপাচার্য ড৹ স্মৃতি কুমাৰ সিংহই কলা-সংস্কৃতিৰ মানচিত্ৰণ প্ৰকল্প ৰূপায়ণৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । কলাক্ষেত্ৰ সমাজৰ হৈ চুক্তিত স্বাক্ষৰ কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে । উল্লেখ্য যে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ে পৰৱৰ্তী সময়ত এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব ।
লগতে পঢ়ক:মনত পৰেনে জখলাবন্ধালৈ ? সেই যে দোকানে দোকানে বাজি থকা বিহুৰ কেছেটবোৰ...