অসম

assam

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 8:45 PM IST

ETV Bharat / state

লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত খালী দুই শতাধিক পদ - Lakhimpur Medical College Hospital

Poor service in LMCH: ২০২২ চনৰ ১৫ ফেব্রুৱাৰীত উদ্বোধন কৰা হৈছিল লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল । এই হাস্পতালৰ ২৪ টা অধ্য়াপক পদৰ ৭ টা পদেই খালী । বৰ্তমান ৮৫৮ টা পদৰ ৬১১ টাতহে আছে চিকিৎসক-কৰ্মচাৰী । বিদ্যুতৰ বিল বহন কৰিব নোৱাৰি বন্ধ কৰিছে লিফট ।

Poor service in LMCH
লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল (ETV BHARAT ASSAM)

লখিমপুৰ, ১৪ জুন :বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী সদৃশ হৈছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল । ২০২২ চনত মুকলি হোৱা ৰাজ্যৰ অষ্টমখন চিকিৎসা মহাবিদ্যালয় হাস্পতাল দুই শতাধিক পদ পূৰণ নোহোৱাকৈয়ে চলি আছে । বাহ্যিক ৰংচঙীয়া অৱস্থাৰ বিপৰীতে অন্তঃসাৰশূন্য অৱস্থা প্ৰতিফলিত কৰিছে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনে । স্বয়ং চিকিৎসা মহাবিদ্যালয়খনৰ অতিৰিক্ত অধীক্ষক ডাঃ ডম্বৰুধৰ মিলিয়েই এই পুতৌজনক ছবিখন দাঙি ধৰিছে ।

লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল (ETV BHARAT ASSAM)

যোৱা ২০২২ চনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই চিকিৎসা মহাবিদ্যালয় হাস্পতালখন উদ্বোধন কৰিছিল । প্ৰায় ১৬৮ বিঘা মাটিকালিৰে আগুৰা আৰু ছশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ আন্তঃগাঁঠনি এতিয়াও দুৰ্বল । উদ্বোধনৰ পিচৰে পৰাই বিভিন্ন সময়ত মহাবিদ্যালয়খনৰ নিৰ্মাণ বিসংগতিক লৈ নানা বিতর্কৰ সৃষ্টি হৈ আহিছে । শেহতীয়াকৈ মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিৰ ভগ্ন ছবি এখন প্ৰকাশ পাইছে ।

লখিমপুৰৰ লগতে ধেমাজি, মাজুলী আদি কেইবাখনো জিলাৰ চিকিৎসাসেৱাৰ ক্ষেত্রত আশা ভৰষাৰস্থল লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত খালী হৈ আছে দুই শতাধিক পদ । চিকিৎসা মহাবিদ্যালয় হাস্পতালত ২৪ টা অধ্য়াপক পদৰ ৭ টা পদ খালী হৈ আছে । সহযোগী অধ্য়াপকৰ ৩০ টা পদৰ ৮ টা খালী হৈ আছে । সহকাৰী অধ্য়াপকৰ ৪৩ টা পদৰ ১২ টা পদ খালী । তেনেদৰে ৫৪ টা পঞ্জীয়ক আৰু ডেমনষ্ট্ৰেটৰ পদৰ ভিতৰত ২৩ টা, ১ টা জুনিয়ৰ ফিজিচিষ্ট, ২ টা মহিলা চিকিৎসা বিষয়া, ৪ টা মেডিকেল বিষয়াৰ ৪ টাই খালী হৈ আছে । তদুপৰি ৩১১ নাৰ্ছিং ষ্টাফৰ ৫৮ টা, ২০১ টা তৃতীয় বৰ্গ পদৰ ৬৬ টা, ১৮৮ টা চতুর্থ বৰ্গ পদৰ ৬৬ টা খালী হৈ আছে ।

মুঠতে চিকিৎসা মহাবিদ্যালয়খনত বৰ্তমান থাকিব লগীয়া ৮৫৮ টা পদৰ ৬১১ টাহে আছে । খালী হৈ আছে ২৪৭ টা পদ । উল্লেখ্য চিকিৎসা মহাবিদ্যালয় আৰম্ভ হোৱাৰ পিচত ইয়াৰ একাংশ পদ পূৰণ নকৰাৰ লগতে আন একাংশ লোকক বদলি কৰাৰ ফলত সম্প্রতি ২৪৭ টা পদ খালী হৈ আছে । কেৱল খালী পদেই নহয়, চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিৰ দিশত ফুটি উঠিছে দুখ লগা ছবি । চিকিৎসা মহাবিদ্যালয়খনত ভালেকেইটা লিফট আছে যদিও ইয়াৰ মাথোঁ এটাহে সুচল । অত্যাধিক বিদ্যুতৰ বিল বহন কৰিব নোৱাৰি চিকিৎসা মহাবিদ্যালয়খনৰ লিফটসমূহ চলাব পৰা নাই । কিয়নো মাহিলী চিকিৎসা মহাবিদ্যালয়খনৰ বিদ্যুতৰ বিল ২০ লাখৰো বেছি হয় । এনে বিলৰ বোজা ল'ব নোৱাৰিয়েই লিফট বন্ধ ৰাখিছে ।

লগতে পঢ়ক:Critical Care Centre in Lakhimpur: লখিমপুৰৰ ক্ৰিটিকেল কেয়াৰ কেন্দ্রৰ ভাৰ্চুৱেলী শিলান্যাস কেন্দ্রীয় স্বাস্থ্যমন্ত্রীৰ

Education Minister Ranoj Pegu: শীঘ্ৰেই পূৰণ হ'ব খালী থকা শিক্ষকৰ পদ

Rainwater in Lakhimpur Medical College : এজাক বৰষুণত বুৰিল অভিজাত লখিমপুৰ মেডিকেল কলেজ

ABOUT THE AUTHOR

...view details