ডিব্ৰুগড়,১৩ জুন :বাৰিষাৰ প্ৰাৰম্ভিক পৰ্যায়তে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া আৰম্ভ হৈছে । যাক লৈ ডিব্ৰুগড় চহৰ আৰু নৈপৰীয়া ৰাইজ আতংকিত হৈ পৰিছে । দীৰ্ঘদিন ধৰি ডিব্ৰুগড়ৰ মোহনাঘাট, কয়লাঘাটকে ধৰি বগীবিললৈকে হোৱা খহনীয়াই চকুৰ সন্মুখতে লৈ গৈছে বহু পৰিয়ালৰ ঘৰ আৰু কৃষিভূমি । ইয়াৰ সমান্তৰালকৈ বৰলুইতৰ খহনীয়াই বিপদ মাতিছে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ । এনে পৰিস্থিতিৰ কথা চিন্তা কৰি চৰকাৰ আগতীয়াকৈ সজাগ হৈছে আৰু পদক্ষেপ গ্ৰহণ কৰিছে । তাৰ অংশ হিচাপে বৃহস্পতিবাৰে ডিব্ৰুগড়ত উপস্থিত হয় অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা ।
ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰাৰ লগতে খহনীয়া প্ৰতিৰোধৰ কামৰ পৰ্যালোচনা কৰে মন্ত্ৰীগৰাকীয়ে । লগতে মন্ত্ৰীগৰাকীয়ে মাইজানঘাটৰ পৰা নাৱেৰে ডিটিপি ডাইক, আইথান ডাইক, মোহনাঘাট আৰু টিংখাং মাটিকটালৈকে খহনীয়া পৰিদৰ্শন কৰে । বিশাল ব্ৰহ্মপুত্ৰৰ মাজেৰে নাৱেৰে ডিব্ৰুগড়ত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰাৰ সময়ত মন্ত্ৰীগৰাকীৰ লগত বিধায়ক প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা আৰু অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাও উপস্থিত থাকে । লগতে জলসম্পদ বিভাগৰ শীৰ্ষ বিষয়া-কৰ্মচাৰীয়েও সংগ দিয়ে ।