অসম

assam

ETV Bharat / state

মন্ত্ৰী বিমল বড়াৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত - Bimal Borah convoy accident

Minister’s Convoy Accident: মন্ত্ৰী বিমল বড়াৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত । গুৰুতৰভাবে হতাহত হোৱা নাই কোনো লোক ৷

Minister Bimal Borah convoy met with an accident in Sivasagar
মন্ত্ৰী বিমল বড়াৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 11:23 AM IST

Updated : Mar 9, 2024, 2:23 PM IST

শিৱসাগৰ, 9 মাৰ্চ: মন্ত্ৰী বিমল বড়াৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত । মৃত্যুদূতত পৰিণত হৈছে শিৱসাগৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ । তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউৰ গাড়ীসমূহ মোদীৰ সভালৈ লৈ গৈ থাকোঁতেই দুৰ্ঘটনাগ্ৰস্ত হয় বাহনখন । গৰু পোৱালিয়ে অগা-ভেটা দিয়াৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ।

শনিবাৰে শিৱসাগৰ নগৰৰ সমীপৰ চাউলকৰা অঞ্চলৰ ডুন পাব্লিক স্কুলৰ সমুখত সংঘটিত হৈছে এই দুৰ্ঘটনাটো ৷ এই দুৰ্ঘটনাই পুনৰ এবাৰ উজনিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ ছবি স্পষ্ট কৰি তুলিছে । উল্লেখ কৰা প্ৰয়োজন যে, দুদিনীয়া কাৰ্যসূচীৰে অসম তথা উঃপূঃ ভ্ৰমণলৈ আহিছে প্ৰধানমন্ত্ৰী মোদী ৷ জৰাজীৰ্ণ 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৰহাটত অনুষ্ঠিত হ’ব লগা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভালৈ গৈ থকাৰ অৱস্থাতে শনিবাৰৰ পুৱাৰ ভাগত এই দুৰ্ঘটনা সংঘটিত হয় ।

উল্লেখযোগ্য যে এই পথচোৱা চাৰি লেনযুক্ত ঘাই পথলৈ ৰূপান্তৰ কৰাৰ কাম 2009 বৰ্ষত আৰম্ভ হৈছিল । কিন্তু বিভাগীয় হেমাহি আৰু অৱহেলাৰ বাবে যোৰহাট জিলাৰ জাঁজীৰ পৰা শিৱসাগৰ জিলাৰ ডিমৌলৈ মাত্ৰ 44 কিলোমিটাৰ পথ বিগত দুই দশকৰো অধিক সময় অতিবাহিত হোৱাৰ পাছতো সম্পূৰ্ণ হোৱা নাই । যাৰ ফলত বৰ্তমান এই গুৰুত্বপূৰ্ণ পথটো সৰ্বসাধাৰণৰ বাবে এক মৰণ ফান্দত পৰিণত হোৱা পৰিলক্ষিত হৈছে ।

দুৰ্ঘটনাত মন্ত্রী বৰাৰ কনভয়ৰ AS 06 A J 0677 নম্বৰৰ এখন বলেৰ’ বাহনৰ বিস্তৰ ক্ষতিসাধন হয় । দুৰ্ঘটনাত অৱশ্যে কোনো লোক গুৰুতৰভাবে হতাহত হোৱা নাই । সামান্যভাবে আহত হোৱাসকলক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।

লগতে পঢ়ক:আজি প্ৰধানমন্ত্ৰী মোদীয়ে উন্মোচন কৰিব লাচিত বৰফুকনৰ 125 ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি

Last Updated : Mar 9, 2024, 2:23 PM IST

ABOUT THE AUTHOR

...view details