অসম

assam

ETV Bharat / state

কেনে অৱস্থাত আছে ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান : স্থায়ী মুৰব্বী অবিহনে চলিছে বহু বিদ্যালয় - ASSAM EDUCATION GOVT SECTOR

অসমৰ বহু চৰকাৰী বিদ্যালয়ত নাই স্থায়ী প্ৰধান শিক্ষক । আন্তঃগাঁথনিও অতি পুতৌ লগা ।

Assam Education govt sector
কেনে অৱস্থাত আছে ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jan 15, 2025, 7:28 AM IST

গুৱাহাটী : ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে সময়ে সময়ে গ্ৰহণ কৰি অহা শিক্ষানীতি তথা নিৰ্দেশনাই শিক্ষক সমাজক ক্ষোভিত কৰি আহিছে । শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ নামত ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও বাস্তৱত ৰাজ্যৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটো সমস্যামুক্ত হোৱা নাই । চৰকাৰে বহু পুঁজি ব্যয় কৰাৰ পাছতো ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ আন্তঃগাঁথনি আজিও পয়া-লগা অৱস্থাত আছে ।

বিদ্যালয়ত ছাত্র তথা প্রয়োজন অনুপাতে শিক্ষক নিযুক্তি দিব নোৱাৰা ৰাজ্য চৰকাৰে শিক্ষকসকলক প্রশিক্ষণ, উৎসৱ আদিকে ধৰি বিভিন্ন কাৰ্যসূচীত জড়িত কৰি আহিছে । যাৰ ফলত প্ৰয়োজনতকৈ কম শিক্ষক থকা বিদ্যালয়সমূহত বিঘ্নিত হৈছে পাঠদান । গুৱাহাটীৰ কাহিলীপাৰাৰ বিদ্যালয়ৰ নাম প্ৰকাশত অনিচ্ছুক এগৰাকী শিক্ষকে জনোৱা মতে আঁচনিৰ পাছত আঁচনি প্রস্তুত কৰি শিক্ষকসকলক যন্ত্ৰলৈ পৰ্যবসিত কৰিব বিচৰা চৰকাৰখনে আজিকোপতি শিক্ষক সমাজৰ সমস্যা সমাধানত আন্তৰিকতাৰে পদক্ষেপ গ্ৰহণ কৰা নাই ।

কেনে অৱস্থাত আছে ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান (ETV Bharat)

বৰ্তমান সময়ত ৰাজ্যৰ প্ৰাথমিক, উচ্চ প্রাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পর্যায়ৰ বহু বিদ্যালয় স্থায়ী মুৰব্বী অবিহনে চলি আহিছে । শিক্ষা বিভাগৰ অকৰ্মণ্যতাত ৰাজ্যৰ গৰিষ্ঠসংখ্যক বিদ্যালয়ত দশক দশক ধৰি প্ৰধান শিক্ষক আৰু অধ্যক্ষ স্থায়ীভাবে নিযুক্তি নিদিয়াকৈ কেৱল ভাৰপ্ৰাপ্ত প্ৰধানক দায়িত্ব দি ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহ চলাই থকা হৈছে । ৰাজহুৱা খণ্ডৰ বিদ্যালয়ৰ প্ৰতি চৰকাৰৰ দৃষ্টিভংগী কি সেয়া ইয়াৰ দ্বাৰা সহজতে অনুমান কৰিব পাৰিছে ।

বিদ্যালয়সমূহত স্থায়ী প্রধান শিক্ষক নিযুক্তিক লৈ শিক্ষক সংস্থাসমূহৰ লগত শিক্ষা মন্ত্ৰী আৰু বিভাগীয় আমোলা-বিষয়াই বাৰম্বাৰ আলোচনা কৰাৰ পাছতো আজি পর্যন্ত আলোচনাৰ ইতিবাচক ফল ওলোৱা নাই । যাক লৈ ক্ষোভিত হৈ পৰিছে শিক্ষক সমাজ। চৰকাৰৰ অনীহা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবেই প্ৰাদেশীকৃত বিদ্যালয়সমূহত দ্রুতগতিত শিক্ষার্থীৰ সংখ্যা কমি অহাৰ উপৰিও বিভিন্ন কাৰণত বহু শিক্ষার্থীয়ে আধাতে বিদ্যালয় এৰিছে ।

কেনে অৱস্থাত আছে ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান (ETV Bharat)

শিক্ষা বিভাগৰ যুটীয়া সঞ্চালক পৰ্যায়ৰ এগৰাকী বিষয়াই জনোৱা অনুসৰি ২০১৭ চনতেই শিক্ষা বিভাগে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত স্থায়ী প্রধান শিক্ষক নিযুক্তি প্রক্রিয়া সম্পন্ন কৰিছিল । কিন্তু ইয়াৰ পাছতো ৰাজ্যৰ উচ্চ প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত শিক্ষা বিভাগে প্রধান শিক্ষক নিযুক্তি দিব পৰা নাই । উচ্চ প্রাথমিক বিদ্যালয়ত সংশ্লিষ্ট বিদ্যালয়খনৰ এগৰাকী সহকাৰী শিক্ষকক ভাৰপ্ৰাপ্ত প্ৰধানৰ দায়িত্ব দিয়াৰ সমান্তৰালকৈ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বি এড ডিগ্ৰীধাৰী এজনক জ্যেষ্ঠতাৰ ভিত্তিত বিদ্যালয় প্ৰধানৰ দায়িত্ব দিয়েই বিভাগটোৱে দায়িত্ব সামৰিছে ।

ইফালে স্থায়ীভাৱে প্রধান শিক্ষক নিযুক্তি নিদিয়াৰ অজুহাতত বহু শিক্ষকে নিয়াৰিকৈ পাঠদানৰ পৰা বিৰত থকাৰো অভিযোগ আছে । চৰকাৰী নিৰ্দেশনা অনুসৰি বিদ্যালয়ত সময় মতে পাঠদান, বিভিন্ন দিৱস উদযাপন আৰু নীতি-নির্দেশনা ৰূপায়ণতো সহকাৰী শিক্ষকসকলে ভাৰপ্রাপ্ত প্রধানসকলক সহযোগিতা নকৰাৰ অভিযোগ প্রায়েই উত্থাপন হৈ আহিছে । ইফালে জ্যেষ্ঠতাৰ ভিত্তিত প্রধান শিক্ষকৰ বাছনি পৰীক্ষাৰ তালিকাভুক্ত হৈ থকা বহু শিক্ষকে ইতিমধ্যে চাকৰি জীৱনৰ পৰা অৱসৰো গ্ৰহণ কৰিছে । আনহাতে শিক্ষানুষ্ঠানসমূহত প্রধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত শিক্ষা মন্ত্ৰীগৰাকীৰ স্থিতিক লৈ শেহতীয়াকৈ সৰৱ হৈ উঠিছে ভাৰপ্ৰাপ্ত প্ৰধানসকল ।

কেনে অৱস্থাত আছে ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান (ETV Bharat)

উল্লেখ্য যে ২০১৮ চনত প্ৰকাশ কৰা অধিসূচনাৰ জৰিয়তে উচ্চ প্রাথমিক বিদ্যালয়ত জিলাভিত্তিক বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে জ্যেষ্ঠতাৰ ভিত্তিত স্নাতক ডিগ্ৰীধাৰীজনক প্রধান শিক্ষকৰ পদত নিযুক্তি দিয়া হ'ব । সেইদৰে উচ্চ আৰু উচ্চতৰ মাধ্যমিকতো জিলাভিত্তিক বাছনি প্রক্রিয়া জৰিয়তে জ্যেষ্ঠতাৰ ভিত্তিত তালিকাভুক্ত হোৱাজনক প্রধান শিক্ষকৰূপে নিযুক্তি দিয়া হ'ব ।

চৰকাৰী অধিসূচনা প্রকাশ পোৱাৰ লগে লগে বহু শিক্ষকে প্রধান শিক্ষকৰ বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈ বাছনি তালিকাত নাম অন্তর্ভুক্ত কৰে । কিন্তু সেই নির্দেশনা কাৰ্যকৰী নকৰাকৈয়ে পৰৱৰ্তী সময়ত একে বিষয়তে শিক্ষা বিভাগে ২০২০ চনত প্ৰধান শিক্ষক পদৰ বাবে পুনৰ নতুনকৈ এখন অধিসূচনা প্রকাশ কৰে । এইখন অধিসূচনাৰ জৰিয়তে উচ্চ প্রাথমিকত সংশ্লিষ্ট বিদ্যালয়খনৰ জ্যেষ্ঠ স্নাতক ডিগ্ৰীধাৰীজন প্রধান শিক্ষক হ'ব । একেদৰে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত সংশ্লিষ্ট বিদ্যালয়খনৰ জ্যেষ্ঠ বি এড ডিগ্ৰীধাৰী আৰু অতি কমেও দহ বছৰ চাকৰিকাল সম্পূর্ণ কৰা শিক্ষকজনক প্রধান শিক্ষকৰ পদত নিযুক্তি দিয়া হ'ব। চৰকাৰৰ এই অধিসূচনাৰ আধাৰতেই উচ্চ শিক্ষা সঞ্চালকালয়ে প্রধান শিক্ষকবিহীন বহু বিদ্যালয়ত ভাৰপ্রাপ্ত প্রধানৰ নিযুক্তি দি নিজৰ দায়িত্ব সামৰিছে ।

কেনে অৱস্থাত আছে ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান (ETV Bharat)

একেদৰে উচ্চ প্রাথমিক বিদ্যালয়তো প্রধান শিক্ষক নিযুক্তিৰ বিষয়তো একেই স্থিতি গ্ৰহণ কৰে। লক্ষণীয় বিষয় যে শিক্ষা বিভাগে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত বিদ্যালয়ত প্রধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ২০২০ বৰ্ষত জাৰি কৰা অধিসূচনাক নস্যাৎ কৰি ২০১৮ চনত জাৰি কৰা অধিসূচনাৰ জৰিয়তে প্রধান শিক্ষক নিযুক্তি দিবলৈ বিচৰা কাৰ্যত বিতৰ্কৰ সৃষ্টি হৈছে। ২০১৮ বৰ্ষৰ অধিসূচনা যদি কার্যকৰী কৰে তেন্তে বাছনি তালিকাত থকা একোখন বিদ্যালয়ৰ কেইবাগৰাকীও শিক্ষকে জ্যেষ্ঠতাৰ ভিত্তিত প্রধান শিক্ষকৰূপে অন্য বিদ্যালয়ত যোগদান কৰিব লাগিব । ইয়াৰ ফলত একোখন বিদ্যালয়ৰ তিনি-চাৰিজনলৈকে শিক্ষকক অন্য বিদ্যালয়লৈ প্ৰধান শিক্ষকৰূপে বদলি কৰিব লাগিব । লগে লগে শিক্ষকৰ অভাৱত সংশ্লিষ্ট বিদ্যালয়খনত পুনৰ পাঠদান ব্যাহত হ'ব ।

আনহাতে ২০২০ বৰ্ষত শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনাৰ জৰিয়তে জ্যেষ্ঠতাৰ ভিত্তিত যিসকল শিক্ষকক উচ্চ শিক্ষা সঞ্চালকালয়ে ভাৰপ্ৰাপ্ত প্ৰধানৰ দায়িত্ব দিছিল সেইসকল প্রধান শিক্ষক সহকাৰী শিক্ষকলৈ অৱনমিত কৰিব লাগিব । যাৰ বাবে ৰাজহুৱা খণ্ডৰ শৈক্ষিক ব্যৱস্থা উন্নীতকৰণৰ স্বাৰ্থত কেৱল শিক্ষকসকলক হাৰাশাস্তি নকৰি ২০২০ চনত প্ৰকাশ কৰা চাকৰি সেৱাবিধিৰ জৰিয়তে ভাৰপ্ৰাপ্তসকলক স্থায়ী প্রধান শিক্ষক পদত নিযুক্তি দিবলৈ শিক্ষক সমাজত দাবী উত্থাপন হৈছে।

কেনে অৱস্থাত আছে ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান (ETV Bharat)

'ইউডাইছ'ৰ প্ৰতিবেদনত অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ প্ৰকৃত স্বৰূপ :

ইফালে 'ইউডাইছ'ৰ প্ৰতিবেদনতো ৰাজ্যখনৰ শিক্ষাখণ্ডৰ শোচনীয় ৰূপটো উন্মোচিত হৈছে । শেহতীয়াকৈ কেন্দ্রীয় শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা প্রতিবেদনত উন্মোচিত হৈছে অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাস্তৱ ছবি। প্রতিবেদন অনুসৰি সম্প্ৰতি আধাতে বিদ্যালয় এৰা শিক্ষার্থীৰ সংখ্যাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে তৃতীয় স্থানত আছে অসম । কেন্দ্রীয় শিক্ষা বিভাগে প্ৰকাশ কৰা ২০২০-২৪ বৰ্ষৰ 'ইউডাইছ'ৰ (Unified District Information System for Education) প্রতিবেদন অনুসৰি অসমত আধাতে বিদ্যালয় এৰি দিয়া শিক্ষার্থীৰ সংখ্যা দেশৰ আন আন ৰাজ্যসমূহৰ ভিতৰত তৃতীয় স্থানত ।

প্রতিবেদনখনত প্ৰকাশ পোৱা মতে প্রাথমিক বিদ্যালয় পর্যায়ত আধাতে বিদ্যালয় এৰি দিয়া শিক্ষার্থীৰ সৰ্বভাৰতীয় হাৰ ১.৯ শতাংশ হোৱাৰ বিপৰীতে অসমত ইয়াৰ হাৰ ৬.২ শতাংশ । সেইদৰে উচ্চ প্রাথমিক বিদ্যালয় স্তৰত সৰ্বভাৰতীয় হাৰ ৫.২ শতাংশ । ইয়াৰ বিপৰীতে অসমৰ হাৰ ৮.২ শতাংশ । মাধ্যমিক পর্যায়ত আধাতে বিদ্যালয় এৰা শিক্ষার্থীৰ সৰ্বভাৰতীয় হাৰ ১৪.১ শতাংশ হোৱাৰ বিপৰীতে অসমত এই হাৰ ১৯.৪৬ শতাংশ । ইফালে প্রতিবেদনখনত প্ৰকাশ পোৱা তথ্য মতে আন্তঃগাঁথনিৰ ক্ষেত্ৰত অসমৰ স্থান অতি পুতৌলগা । অসমৰ ৭,৭৮০ খন বিদ্যালয়ত নাই বিদ্যুৎ সংযোগ ।

কেনে অৱস্থাত আছে ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান (ETV Bharat)

আনহাতে ৩,৩৩৬ খন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে নাই ন্যূনতম পানীৰ ব্যৱস্থা। সেইদৰে ৭,৭০৯ খন বিদ্যালয়ত নাই ছাত্ৰৰ শৌচালয় আৰু ৬,৫৫৮ খন বিদ্যালয়ত নাই ছাত্ৰীৰ শৌচালয় । বিজ্ঞান আৰু প্রযুক্তিৰ আজিৰ যুগত অসমৰ ১৮,১৬৭ খন বিদ্যালয়ত নাই কম্পিউটাৰৰ কোনো সুবিধা । সেইদৰে ৰাজ্যৰ ৩১,১৪০ খন বিদ্যালয়ত নাই ইণ্টাৰনেটৰ সুবিধা । তথ্য মতে ৰাজ্যখনত এগৰাকী শিক্ষক থকা বিদ্যালয়ৰ সংখ্যা হৈছে ২,৬৩৩ খন । এই বিদ্যালয়সমূহত শিক্ষার্থীৰ সংখ্যা হ'ল ১২,৮৮৮ গৰাকী । ইফালে ৰাজ্যৰ ১০,৪৪৪ খন বিদ্যালয়ত নাই খেলপথাৰ। এয়া হৈছে অসমৰ চৰকাৰীৰ শিক্ষানুষ্ঠানৰ প্ৰকৃত স্বৰূপ ।

লগতে পঢ়ক :ভোগালীক মঞ্চবিহুলৈ পৰিণত কৰা অসমৰ প্ৰথমখন ভোগালী উৎসৱৰ বিষয়ে আপুনি জানেনে ? - NAGAON BHOGALI FESTIVAL

ABOUT THE AUTHOR

...view details