ধিং, 15 ফেব্ৰুৱাৰী : আজিও নিৰ্বাপিত হোৱা নাই ভূৰাগাঁৱৰ ভাৰতীয় মৰাপাট নিগমৰ গুদামৰ জুই ৷ এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত 25-30 হাজাৰ কুইণ্টল মৰাপাট ভস্মীভূত হয় ৷ ইতিমধ্যে জুই নিৰ্বাপন কৰিবলৈ 20 খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে চেষ্টা অব্যাহত ৰাখিছে ৷
মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বানমূৰীত অৱস্থিত ভাৰতীয় মৰাপাট নিগমৰ ভূৰাগাঁও শাখাৰ মৰাপাট ভৰ্তি গুদামত বুধবাৰে সংঘটিত হৈছিল এক ভয়ংকৰ অগ্নিকাণ্ড ৷ শুকুৰবাৰে বিয়লি চাৰি বজাত সংঘটিত হোৱা অগ্নিকাণ্ডত গুদামৰ লগতে বাহিৰত দ'ম কৰি থোৱা বুজন সংখ্যক মৰাপাট ভস্মীভূত হয় ৷ অগ্নিকাণ্ড সংঘটিত হোৱা 24 ঘন্টা পাৰ হোৱাৰ পিছতো নিৰ্বাপিত হোৱা নাই জুই ৷ বুধবাৰে সন্ধিয়াৰ পৰা 15-20 খনকৈ গাড়ীৰে জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে অগ্নি নিৰ্বাপক বাহিনীয়ে ৷ জুই নিৰ্বাপন কৰিবলৈ স্থানীয় আৰু জিলা প্ৰশাসনেও পূৰ্ণ সহায়-সহযোগ আগবঢ়াইছে ৷
ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ জুই নিৰ্বাপন কাৰ্যৰ তদাৰক কৰিছে ৷ এই জুই সম্পূৰ্ণৰূপে নিৰ্বাপন কৰিবলৈ আৰু 24 ঘন্টাৰ প্ৰয়োজন বুলি অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া সকলে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ৷ ইফালে এই অগ্নিকাণ্ডত ভাৰতীয় মৰাপাট নিগমৰ কিমান ক্ষয়ক্ষতি হৈছে তাৰ বিষয়ে নিগমৰ বিষয়া কৰ্মচাৰীসকলে সঠিককৈ প্ৰকাশ কৰা নাই যদিও 25-30 হাজাৰ কুইন্টল মৰাপাট ভস্মীভূত হোৱাৰ ইংগিত দিয়ে ৷ এই অগ্নিকাণ্ডত ক্ষয়ক্ষতিৰ পৰিমাণ প্ৰায় 16 কোটি হ’ব বুলি ভাৰতীয় মৰাপাট নিগমৰ কৰ্মচাৰীয়ে অনুমান কৰিছে ৷