তেজপুৰ, 15 ফেব্ৰুৱাৰী : টাৱাঙত 74 সংখ্যক মেজৰ বব খাটিং দিৱস পালন ৷ ভাৰতীয় সশস্ত্ৰ বাহিনী, টাৱাং জিলা প্ৰশাসন আৰু টাৱাঙৰ স্থানীয় ৰাইজে অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী চহৰৰ টাৱাং স্মৃতিসৌধত 74 সংখ্যক মেজৰ বব খাটিং দিৱস পালন কৰে ৷ টাৱাং ব্ৰিগেডৰ সামৰিক বিষয়া, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া, ছাত্ৰ-ছাত্ৰী, নেতা, সেনাৰ প্ৰবীণ বিষয়ববীয়াই এই দিৱসত অংশগ্ৰহণ কৰে ৷ প্ৰথাগত মাল্যাৰ্পণৰ দ্বাৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত ত্ৰিৰংগ উন্মোচন কৰি মেজৰ বব খাটিঙলৈ শ্ৰদ্ধা নিবেদন কৰা হয় ৷
উল্লেখ্য যে, ভাৰতীয় সেনাৰ এগৰাকী অখ্যাত সেনানী মেজৰ বব খাটিং ৷ ভাৰতৰ স্বাধীনতাৰ পাছত মেজৰ বব খাটিঙক সুদূৰ টাৱাং অঞ্চলত ভাৰতীয় প্ৰশাসন প্ৰতিষ্ঠা কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ৷ 1951 চনৰ 14 ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে টাৱাঙত ত্ৰিৰংগা পতাকা উত্তোলন কৰিছিল নিযুক্তিপ্ৰাপ্ত সহকাৰী ৰাজনৈতিক বিষয়া মেজৰ বব খাটিঙে ৷ তেওঁ টাৱাঙত ভাৰতীয় প্ৰশাসন স্থাপনৰ আৰম্ভণি কৰিছিল ৷ 200 জন অসম ৰাইফলছৰ সৈন্য আৰু 600 পৰ্টাৰৰ দল এটাক কঠিন অভিযানৰ নেতৃত্ব দি, ভাৰত-চীন সীমান্তৰ টাৱাঙত ভাৰতীয় অসামৰিক প্ৰশাসন আনুষ্ঠানিক প্ৰতিষ্ঠা বাস্তৱায়িত কৰিছিল তেওঁ ৷