অসম

assam

ETV Bharat / state

বিশ্ব শান্তিৰ বাবে 12 ঘণ্টা ধৰি চলিব মহাযজ্ঞ - বডোফা সাংস্কৃতিক প্ৰকল্প

Maha yagya for world peace : কোকৰাঝাৰত বিশ্ব শান্তিৰ বাবে মহাযজ্ঞ অনুষ্ঠানৰ ব্যাপক আয়োজন ৷ ৪০ হেজাৰ ভক্তৰ সমাগম হ’ব ৷ মহাযজ্ঞত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ২৯ ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত অনুষ্ঠিত হ’ব বিশ্ব শান্তিৰ বাবে মহাযজ্ঞ অনুষ্ঠান ।

maha-yagya-preparation-in-kokrajhar-for-world-peace
ব্যাপক আয়োজন

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 8:24 PM IST

আয়োজকৰ মন্তব্য

কোকৰাঝাৰ, ২৭ ফেব্ৰুৱাৰী : বিটিআৰৰ সদৰ কোকৰাঝাৰত অহা ২৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব বিশ্ব শান্তিৰ মহাযজ্ঞ ৷ ব্ৰহ্ম ধৰ্ম সমন্বয় সমিতিৰ উদ্যোগত কোকৰাঝাৰ চহৰৰ গ্ৰীণ ফিল্ডত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া মহাযজ্ঞক লৈ কোকৰাঝাৰত চলিছে ব্যাপক প্ৰস্তুতি ৷ বিশ্ব শান্তিৰ মহাযজ্ঞত ২৫ টা যজ্ঞকুণ্ডৰ ব্যৱস্থা কৰাৰ লগতে ১২২ গৰাকী পুৰোহিতে পুৱা পাঁচ বজাৰ পৰা যজ্ঞাহুতি দিব ৷

২৯ ফেব্ৰুৱাৰীত বিশ্ব শান্তিৰ বাবে পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ ১২ ঘণ্টীয়াকৈ অনুষ্ঠিত হ’বলগীয়া মহাযজ্ঞত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৪০ সহস্ৰাধিক ভক্তই অংশ ল’ব । এই মহাযজ্ঞত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ইয়াৰোপৰি মহাযজ্ঞত উপস্থিত থাকিব অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ৷

উল্লেখ্য যে, ১২ ঘণ্টা ধৰি চলিব লগা এই মহাযজ্ঞৰ বাবে ৭০০ কেজিৰো অধিক ঘি, কুইণ্টলে কুইণ্টলে খৰি, যজ্ঞত ব্যৱহৃত ৮০০ কেজিৰো অধিক পঞ্চশস্য আৰু ১০ কুণ্টলৰো অধিক ফলমূলৰ ব্যৱস্থা কৰা হৈছে ৷ ইপিনে মঙলবাৰে এক সংবাদমেল যোগে ব্ৰহ্ম ধৰ্ম সমন্বয়ৰক্ষী সমিতিৰ অধ্যক্ষ ড৹ অজিত বড়োৱে জানিবলৈ দিয়া মতে বিশ্ব শান্তিৰ বাবে আয়োজিত মহাযজ্ঞ অনুষ্ঠানৰ সতে সংগতি ৰাখি কাইলৈ অৰ্থাৎ ২৮ ফেব্ৰুৱাৰীত এক ব্ৰহ্ম ধৰ্মক লৈ এক আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে ৷

কোকৰাঝাৰ চহৰৰ সমীপৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া আলোচনা চক্ৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, এবছুৰ সভাপতি দ্বীপেন বড়ো উপস্থিত থাকিব ৷ উক্ত আলোচনা চক্ৰৰ সভাপতিত্ব কৰিব গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধ্যাপক অনিল বড়োৱে ৷ আনহাতে বিশ্ব শান্তিৰ বাবে আয়োজিত মহাযজ্ঞত জাতি-ধৰ্ম নিৰ্বিশেষে সকলোকে অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে ব্ৰহ্ম ধৰ্ম সমন্বয়ৰক্ষী সমিতিৰ অধ্যক্ষ ড৹ অজিত বড়োৱে ৷

লগতে পঢ়ক :কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ক ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণ

ABOUT THE AUTHOR

...view details