গোলাঘাট, 29 জানুৱাৰী :"মোক কৈছে যে মই এখন চুক্তিত চহী কৰিব লাগে যে, মই এবছৰৰ কাৰণে ক’তো প্ৰতিমূৰ্তি দাহ কৰিব নোৱাৰিম, কোনো সভাত মই ভাগ ল’ব নোৱাৰিম, কোনোধৰণৰ মই বক্তব্য ৰাখিম নোৱাৰিম আৰু কোনোধৰণৰ ৰেলীত অংশগ্ৰহণ কৰিব নোৱাৰিম ৷ কিন্তু মই আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ সন্মুখতে চুক্তিত চহী নকৰো বুলি অস্বীকাৰ কৰিছো ৷ প্ৰয়োজনত মৃত্যুবৰণ কৰিম কিন্তু চুক্তিত চহী নকৰো" ৷ এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ ৷
কৃষক নেতাগৰাকীয়ে লগতে উল্লেখ কৰে যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কণ্ঠ ৰোধ কৰিবলৈ ৰজাঘৰে যিমানেই যত্ন নকৰক কিয়, কণ্ঠ কেতিয়াও ৰোধ কৰিব নোৱাৰে ৷
"চৰকাৰে আমাৰ মুখ বন্ধ কৰিবলৈ বিচাৰিছে ৷ চৰকাৰৰ কোনো কথাই আমি নলওঁ ৷ আমি আদালতত বিশ্বাস কৰো ৷ আমাৰ বক্তব্যক উচটনিমূলক বুলি কোৱা হৈছে , কোনোবা মীনা, সিং আৰু সিংহলে যদি অসমীয়া ল’ৰাক এনকাউণ্টাৰ কৰে তেন্তে আমি মাত মাতিমেই ৷" শইকীয়াই লগতে কয় ৷