গোলাঘাট/হোজাই, ৩০ ছেপ্টেম্বৰ: গোলাঘাট জিলাৰ ৰঙাজান চাহ বাগিচাৰ দেওবাৰে নিশা উদযাপন কৰা হয় চাহ জনগোষ্ঠীৰ অন্যতম উৎসৱ কৰম পূজা । বাগিচাখনৰ নন্দিনী আৰু পূৰ্ণিমা গ্ৰাম্য সংগঠন দুটাৰ উদ্যোগত অনুষ্ঠিত এই কৰম পূজাৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে সমাজকৰ্মী লিপিকা বৰাই। তাৰ পাছতে মাঙ্গলিক ধ্বনিৰে পূজাৰ কামকাজ সমাপন কৰি ঝুমুৰ নৃত্যৰ তালে তালে মতলীয়া হৈ পৰে মহিলা আৰু গাভৰুসকল ।
উক্ত অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰি সমাজকৰ্মী লিপিকা বৰাই কয়," চাহ জনগোষ্ঠীৰ মঙ্গলৰ বাবে বিশেষকৈ মহিলাসকলে আয়োজন কৰা এই কৰম পূজাৰ জৰিয়তে চাহ জনগোষ্ঠীৰ লোকৰ জীৱন সুখ-সমৃদ্ধিৰে ভৰি পৰক ।" নন্দিনী আৰু পূৰ্ণিমা গ্ৰাম্য সংগঠনৰ উদ্যোগত আৰু ৫০ টা মহিলা আত্মসহায়ক গোটৰ সহযোগত তৃতীয় বাৰ্ষিক এই কৰম পূজা অনুষ্ঠিত কৰা হয় ।
কৰম পূজাত মাদলৰ ছেৱে ছেৱে ঝুমুৰ নৃত্য় (ETV Bharat Assam) হোজাইত দুদিনীয়াকৈ কৰম পূজা
হোজাইৰ সদৰ শংকৰদেৱ নগৰৰ শ্ৰীশ্ৰী দুৰ্গা মন্দিৰৰ প্ৰাংগণত হোজাই জিলা কৰম উদযাপন সমিতিৰ উদ্যোগত শংকৰবস্তি মহিলা সমিতি আৰু ৰাইজৰ সহযোগত দুদিনীয়াকৈ ২৮ আৰু ২৯ ছেপ্টেম্বৰত দ্বিতীয় বাৰ্ষিক কৰম উৎসৱ উদযাপন কৰা হয় । দেওবাৰে নিশা ধৰ্মীয় অনুষ্ঠানেৰে উক্ত অনুষ্ঠানটো আৰম্ভ কৰাৰ লগতে কৰম পূজাৰ লগত সংগতি ৰাখি এখনি সভাও অনুষ্ঠিত হয়। হোজাইত কৰম পূজা উপলক্ষে চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত উখল-মাখল পৰিবেশে বিৰাজ কৰে ।
চাহ জনগোষ্ঠীৰ কৃষিভিত্তিক পূজা
উল্লেখ্য় যে 'কৰম' পূজা হৈছে অসমৰ চাহ জনগোষ্ঠীৰ কৃষিভিত্তিক পূজা । কৃষিকাৰ্যত যাতে একো প্ৰাকৃতিক বাধা-বিঘিনি নঘটে সেই উদ্দেশ্যে এই পূজা পালন কৰা হয় । 'কৰম পূজা'ক 'কৰম পৰৱ' বুলিও কোৱা হয় । কৰম পৰৱ চাহ জনগোষ্ঠীসকলৰ জাতীয় উৎসৱ । কৰম পৰৱ বছৰত তিনিবাৰ পালন কৰা হয় । তিনিওটাকেই ভিন ভিন নামেৰে জনা যায় । প্ৰথমটো ভাদ মাহৰ শুক্লা একাদশী তিথিত পালন কৰা হয় আৰু এইটো পৰৱক 'জিতিয়া কৰম' বুলি জনা যায় । দ্বিতীয়টো আহিন মাহৰ বিজয়া দশমী তিথিত পালন কৰা হয় আৰু এই পৰৱক 'বুঢ়ী কৰম' বুলি জনা যায় । তৃতীয়টো আঘোণ মাহৰ পূৰ্ণিমাত পালন কৰা পৰৱক 'ৰাস ঝুমুৰ' বুলি কয় ।