অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

কি কি নিয়ম এ ডি আৰ ইৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে ? - ADRE 2024

ADRE exam phase 2: ২৯ ছেপ্টেম্বৰত ৰাজ্যত অনুষ্ঠিত হ'ব এ ডি আৰ ইৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা । দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা কোনো বিসংগতি নোহোৱাকৈ অনুষ্ঠিত কৰিবলৈ বিশেষ তৎপৰতা গ্ৰহণ কৰিছে কামৰূপ জিলা প্ৰশাসনে । এই সন্দৰ্ভত কামৰূপ জিলা আয়ুক্তই সম্বোধন কৰে এখন সংবাদমেলৰ ।

Kamrup district administration gears up for phase 2 ADRE exam
কি নিয়ম এ ডি আৰ ইৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে (ETV Bharat Assam)

আমিনগাঁও,২৭ ছেপ্টেম্বৰ:সমগ্ৰ ৰাজ্যৰ লগতে ২৯ ছেপ্টেম্বৰত কামৰূপ জিলাতো অনুষ্ঠিত হ’ব এ ডি আৰ ইৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা । দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে সকলোখিনি প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । ২৯ ছেপ্টেম্বৰত পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ মুঠ ৫৪ টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ’ব আৰু মুঠ ৩৭,০৮৩ গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ’ব ।

অন্যহাতে পিছবেলা ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ মুঠ ১৯ টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ’ব আৰু ১৬,১৬৫ গৰাকী পৰীক্ষাৰ্থী উক্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব । শুকুৰবাৰে কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই কামৰূপৰ আমিনগাঁওস্থিত সংহত জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত সদৰী কৰে এই কথা । সংবাদমেলত জিলা আয়ুক্তগৰাকীয়ে কয় যে প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে পৰীক্ষাৰ্থীসকলে যাতে কোনো কাৰণতে অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে তাৰ বাবে তালাচীকে ধৰি সকলোখিনি সাৱধানতা অৱলম্বন কৰা হৈছে ।

কি নিয়ম এ ডি আৰ ইৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে (ETV Bharat Assam)

পুৰুষ আৰু মহিলা পৰীক্ষাৰ্থীৰ তালাচীৰ বাবে সুকীয়া ব্যৱস্থা কৰা হৈছে আৰু মহিলা পৰীক্ষাৰ্থীৰ তালাচীৰ বাবে মহিলা আৰক্ষীকে ধৰি পৰ্যাপ্ত সংখ্যক আশা কৰ্মী, অংগনৱাড়ী কৰ্মীক দায়িত্বত নিয়োজিত কৰা হৈছে । তেওঁ লগতে কয় য়ে পৰীক্ষা কেন্দ্ৰসমূহ চি চি টিভিৰ আওতাত ৰখাৰ ওপৰিও ভিডিঅ’গ্ৰাফীৰ ব্যৱস্থা কৰা হৈছে আৰু পূৰ্বৰ দৰে এইবাৰো পৰীক্ষাৰ্থীসকলক মোবাইল ফোন আৰু আন ইলেকট্ৰ’নিক সামগ্ৰী কেন্দ্ৰৰ ভিতৰলৈ নিবলৈ দিয়া নহ’ব ।

অৱশ্যে এইবাৰ পৰীক্ষাত পৰীক্ষাৰ্থীয়ে পানীৰ বটল লেবেল গুচাই নিব পাৰিব আৰু পৰীক্ষাৰ শেষত প্ৰশ্নকাকতো ঘৰলৈ লৈ যাব পাৰিব । ইফালে পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা সকলো দোকান-পোহাৰ বন্ধ ৰখাৰ ব্যৱস্থা কৰা হৈছে তথা উক্ত এলেকাত পৰীক্ষাৰ্থী, স্ক্ৰাইব আৰু পৰীক্ষাত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ বাহিৰে কাকো প্ৰৱেশৰ অনুমতি প্ৰদান কৰা নহ’ব বুলিও তেওঁ উল্লেখ কৰে । ইফালে পৰীক্ষাৰ দিনটোত যান-জঁটৰ বাবে যাতে পৰীক্ষাৰ্থীসকলে অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে দেওবৰীয়া বজাৰসমূহ বন্ধ ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি জিলা আয়ুক্তগৰাকীয়ে লগতে কয় যে যাতায়ত ব্যৱস্থা সুচল কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক ২৮ ছেপ্টেম্বৰৰ নিশাৰ পৰা ২৯ ছেপ্টেম্বৰৰ দিনা পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত জিলাখনত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্য স্থগিত ৰাখিবলৈ আৰু নিৰ্মাণকাৰ্যত ব্যৱহৃত হোৱা বাহনসমূহ আঁতৰাই ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে ।

লগতে জিলাখনৰ যোগাযোগৰ সু্ব্যৱস্থা থকা পৰীক্ষা কেন্দ্ৰসমূহহে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে লোৱা হৈছে বুলিও তেওঁ অৱগত কৰে । সংবাদমেলত অতিৰিক্ত জিলা আয়ুক্ত প্ৰণৱ দত্ত গোস্বামী আৰু কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তপন কলিতা উপস্থিত থাকে ।

লগতে পঢ়ক:ADRE পৰীক্ষাৰ অ' এম আৰ শ্বীট কিদৰে লাভ কৰিব ? - Assam CM Himanta Biswa Sarma

ADRE ৰ কাকত ফাদিলক লৈ মুখ্যমন্ত্ৰীৰ ভাষ্য; পৰীক্ষাৰ পাছত প্ৰশ্ন কাকতৰ মূল্য বিয়াৰ পিছৰ পেণ্ডেলৰ দৰে - ADRE Question Paper Leak

ABOUT THE AUTHOR

...view details